জাগীৰোডত সম্পন্ন টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন - TATA semiconductor project
Indigenous semiconductor assembly in Assam : জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন সম্পন্ন ৷ 27,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উদ্যোগটোত 27,000ৰো অধিক চাকৰি মুকলিৰ সম্ভাৱনা ৷ প্ৰধানমন্ত্ৰী, টাটা গ্ৰুপক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰীৰ ৷

Published : August 3, 2024 at 4:52 PM IST
|Updated : August 3, 2024 at 5:02 PM IST
মৰিগাঁও, ৩ আগষ্ট : শনিবাৰে পূৰ্বনিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ ভূমিপূজন কৰে । ষাঠি বছৰৰ বাবে লীজত লোৱা হৈছে ১৭০ একৰ ভূমি ৷
জাগীৰোড হিন্দুস্থান কাগজ কলৰ ভূমিত এইবাৰ অসম চৰকাৰৰ উদ্যোগ নিগমৰ উন্নয়নৰ সহযোগিতাত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ বাবে ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে গতাই দিছে ভূমি । ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক ছেমি কণ্ডাক্টৰ প্ৰজেক্টত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৩০ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে ।
— Himanta Biswa Sarma (@himantabiswa) August 3, 2024
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৩ মাৰ্চত ভাৰ্ছুৱেলী শিলান্যাস কৰাৰ পিচত শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ মুখ্য প্ৰৱন্ধক নৱৰাজন চন্দ্ৰ শেখৰে শুভাৰম্ভ কৰে ভূমিপূজন । শনিবাৰে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি দিনটো অসমৰ বাবে এক উল্লেখযোগ্য আৰু ঐতিহাসিক দিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত টাটা গ্ৰুপৰ মুখ্য প্ৰৱন্ধকে ১৫ বছৰৰ পূৰ্বে অসমত টাটা কোম্পানীৰ উদ্যোগ স্থাপন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি মন্তব্য কৰি কৈছিল যে অসমত টাটাৰ উদ্যোগ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সহযোগিতা লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে অসমত টাটাই উদ্যোগ স্থাপনৰ বাবে যদি এখোজ আগবাঢ়ি আহে, আমি দুখোজ আগবঢ়াই দিম ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসমবাসীৰ হৈ টাটাৰ মুখ্য প্ৰৱন্ধকগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে । শনিবাৰৰ এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, নন্দিতা গাৰ্লোছা, যোগেন মহন, ইউ জি ব্ৰহ্ম, পীযুষ হাজৰীকাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিবৰ উপৰিও মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, ৰহাৰ বিধায়ক শশীকান্ত দাস, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে ৷ তদুপৰি টাটাৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।
শনিবাৰে জাগীৰোড কাগজকলৰ থলীত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট স্থাপনক লৈ জাগীৰোডবাসী আশাবাদী । এই প্ৰকল্পৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ নিয়োগ মুকলি হ’ব । আৰ্থ-সামাজিক পৰিকাঠামোৰ পৰিৱৰ্তন হ’ব । এই আশা জাগীৰোডৰ আগশাৰী নাগৰিকৰ, একেই আশা ছাত্ৰসমাজৰ ৷
লগতে পঢ়ক : জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৫১৭.২৭ বিঘা ভূমি আৱন্টন প্ৰক্ৰিয়া সম্পন্ন

