ETV Bharat / state

বনত খোৱাতকৈ ঘৰত খোৱাতো বেছি ভাল: ভৱেশ কলিতা

পাগলাদিয়া ৰিজ'ৰ্টত বনভোজস্থলীত সংঘটিত মাৰপিটৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ । দায়সৰা মন্তব্যৰে প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ।

Bhabesh Kalita react over clash between two BJP factions at picnic spot in Nalbari
মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2025 at 8:45 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্টত বনভোজস্থলীত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য । বিজেপি নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ ঘটনাই বিজেপিৰ ভিতৰচ'ৰাতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত মঙলবাৰে নিজৰ মত প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । পিছে সভাপতিগৰাকীয়ে বিষটোৰ সন্দৰ্ভত এক ব্যংগাত্মক প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰা পৰিলক্ষিত হয় ।

সভাপতি কলিতাই সাংবাদিকৰ আগত কয়,"পিকনিক খাবলৈ নগ'লেই হ'ল । পিকনিকৰ ভোজটোতো বেলেগ ভোজ হৈ যায় । সেই ভোজটো বাৰন কৰি সুন্দৰভাৱে খাব লাগে । হাই-কাজিয়া হ'ব নালাগে । বেলেগকো আমনি কৰিব নালাগে আৰু নিজে সুন্দৰকৈ বনত খাওঁক । বনত খোৱাতকৈ ঘৰত খোৱাতো বেছি ভাল ।"এনেদৰে গা এৰা মন্তব্য আগবঢ়াই ভৱেশ কলিতাই ।

মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ (ETV Bharat Assam)

উল্লেখ্য যে, দেওবাৰে লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্টত নলবাৰী বিজেপি টাউন মণ্ডলে আয়োজন কৰিছিল প্ৰীতিভোজ তথা বনভোজৰ । কিন্তু বনভোজৰ মাজতে হঠাৎ দিনৰ ভাগত বিজেপিৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড অৰিয়া-অৰিৰ । এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হয় নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্টত ।

উক্ত ঘটনাৰ সকলো দৃশ্য বন্দী কৰি থকা সময়তে নলবাৰীৰ এটা স্থানীয় প’ৰ্টেলৰ সংবাদদাতাৰ ম’বাইল ফোন কাঢ়ি নিয়াৰো অভিযোগ উত্থাপন হৈছিল একাংশ দলীয় কৰ্মীৰ বিৰুদ্ধে । সংবাদদাতাগৰাকীৰ ম’বাইল ফোনটো কাঢ়ি নি ভিডিঅ' ফুটেজবোৰ ডিলিট কৰি আকৌ সংবাদদাতাজনক ফোনটো ওভোতাই দিয়াৰো অভিযোগ উত্থাপন হৈছিল ৷ দলৰ ভিতৰচ’ৰাতেই যদি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ ইজনে সিজনৰ সৈতে তুমুল যুদ্ধত নামে ৰাইজৰ কি দশা হ’ব আগন্তক সময়ত ? এই ঘটনাৰ দৃশ্যসমূহ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাত বহুতৰ মাজতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: নলবাৰীৰ বনভোজথলীতেই বিজেপিৰ দুই ফৈদৰ তুমুল যুদ্ধ - CLASHES BETWEEN BJP TWO GROUP

ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰিবহে জানে, হাতী খেদিব নাজানে বনকৰ্মীয়ে: বনমন্ত্ৰীৰ বিস্ফোৰণ - MAN ELEPHANT CONFLICT