গুৱাহাটী: নতুন ৰূপ পাইছে গুৱাহাটীৰ বৰ্ষাপাৰাৰ এটা এলেকাই । অৱশ্যে এই এলেকাটোৱে মাজে মাজে এনেদৰে নতুন ৰূপ লাভ কৰিয়েই থাকে । বিশেষকৈ খেলৰ সময় আহিলে ৷ সাধাৰণতে দেখিবলৈ পোৱা এলেকাটোৰ অত্যন্ত লেতৰা পৰিৱেশ আজি সেউজ আৱৰণৰ তলত । দেখিবলৈ ধুনীয়া লাগিছে । অৱশ্যে এই সেউজ আৱৰণৰ সুন্দৰ পৰিৱেশ ক্ষন্তেকীয়া । কিছুদিন পাছত এলেকাটো পুনৰ আগৰ লেতেৰা পৰিৱেশলৈ ঘূৰি যাব ।
এই গোটেই প্ৰক্ৰিয়াটো আচলতে ক্ৰিকেট খেলৰ লগত জড়িত । হয়, ঠিকেই অনুমান কৰিছে । গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ কাষৰ এলেকাৰ কথাই কোৱা হৈছে । ক্ৰিকেট খেল আহিলে ষ্টেডিয়ামৰ চৌপাশে থকা এলেকাসমূহে নতুন ৰূপ পায় । বিশেষকৈ ষ্টেডিয়ামৰ গাতে লাগি থকা মৰা ভৰলু নৈখনে কৃত্রিমভাৱে হ'লেও নতুন ৰূপ লাভ কৰে ।

লক্ষণীয় বিষয় যে বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ এক বৃহৎ অঞ্চলৰ সকলো ধৰণৰ আৱৰ্জনা কঢ়িয়াই ভাগৰি পৰা মৰা ভৰলু নৈখন আজি মৃতপ্ৰায় । ইতিমধ্যে নৈখনে 'মৰা' ভৰলুৰূপে পৰিচয়ো লাভ কৰিছে । অত্যন্ত দূষিত তথা পুতিগন্ধময় পৰিৱেশত থকা এই নৈখন মাজে মাজে চৰ্চালৈ আহে । চৰ্চালৈ আহিলেও কিন্তু নৈখনৰ ৰূপ সলনি নহ'ল। বহু বেচৰকাৰী সংস্থা তথা সংগঠনে নৈখনক পুনৰ জীৱিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰি আহিছে যদিও সফল হ'ব পৰা নাই ।
বৰ্তমান নৈখন নামতেহে আছে। আৱৰ্জনা কঢ়িয়াই কঢ়িয়াই নিঃশেষ হোৱা উপক্ৰম হোৱা মৰা ভৰলু নৈখন এইবাৰ পুনৰ চৰ্চালৈ আহিছে । চৰ্চালৈ অহাত কাৰণটো হৈছে যে নৈখনৰ এটা অংশই হঠাতে লাভ কৰিলে সেউজ আৱৰণ । কাৰণ গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আই পি এল খেল । খেলৰ বাবেই সেউজীয়া ট্ৰিপালেৰে ঢাকি দিয়া হৈছে মৰা ভৰলু নৈখনক । অৱশ্যে ষ্টেডিয়ামৰ গাতে লাগি থকা অংশহে ঢাকি দিয়া হৈছে ।

বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত ২৬ মাৰ্চ আৰু ৩০ মাৰ্চত আই পি এলৰ দুখন খেল অনুষ্ঠিত হ’ব । ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আই পি এলৰ খেল অনুষ্ঠিত হ'ব । আনহাতে ৩০ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত আন এখন খেল । এই দুয়োখন খেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা মৰা ভৰলু নৈখনক নতুন ৰূপ দিয়া হৈছে । ষ্টেডিয়ামৰ গাতে লাগি থকা নৈখনৰ অংশটো ট্ৰিপালেৰে ঢাকি দিয়া হৈছে ।

নৈখনৰ ওপৰেৰে ষ্টেডিয়ামলৈ প্ৰৱেশ কৰাৰ বাবে কেইবাখনো গেট আছে আৰু বহু দৰ্শকে এই গেটেৰেই খেল চোৱাৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰিব । খেল চাবলৈ এই গেটসমূহৰে প্ৰৱেশ কৰা দৰ্শকসকলে যাতে অত্যন্ত লেতেৰা তথা পূতিগন্ধময় পৰিৱেশত থকা নৈখন দেখা নাপাই তাৰ বাবে এনেদৰে সেউজীয়া ট্ৰিপালেৰে নৈখন ঢাকি দিয়া হৈছে । এক কথাত দৰ্শকৰ আগত লজ্জা নিবাৰণৰ প্ৰয়াস ।
অৱশ্যে খেল হ'লেই এনেদৰে নৈখন ঢাকি দিয়া হয়। ইফালে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই সেউজীয়া আৱৰণ দিয়াৰ কাৰণ সন্দৰ্ভত পূৰ্বতে মহৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে দিয়া বুলি যুক্তি দাঙি ধৰিছিল । যাতে মহৰ পৰা দৰ্শকে আমনি নাপায় । গুৱাহাটী পৌৰ নিগমে যি কাৰণতেই নহওক কিয় ক্ষন্তেকৰ বাবে হ'লেও লেতেৰা নৈখন ঢাকি দিয়াৰ কথা চিন্তা কৰিলে যদিও নৈখনৰ কাষত বসবাস কৰা লোকসকলৰ কথা কাহানিও চিন্তা কৰা নাই ।

নৈখনৰ পূতিগন্ধময় পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ লোকে জীৱন অতিবাহিত কৰি আহিছে । কিন্তু এইক্ষেত্রত কৰ্তৃপক্ষৰ কোনো দায়িত্বজ্ঞান নাই । আনহাতে নৈখনক লৈয়ো কোনো চিন্তা-চৰ্চা নাই বিভাগীয় কৰ্তৃপক্ষৰ । কেৱল লেতেৰা মৰা ভৰলু নৈখন বাহিৰৰ পৰা অহা ক্ৰীড়াপ্ৰেমীৰ চকুত নপৰিবলৈ এনেদৰে কিছু অংশ সেউজীয়া আৱৰণৰে ঢাকি দিয়া হৈছে । লজ্জা নিবাৰণৰ এই প্ৰচেষ্টা স্বাভাৱিকতে হাস্যকৰ আৰু সমগ্ৰ বিষয়টো নজনাজনৰ বাবে কৌতুহল ।