বেকীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বিকল্প ৰাজ্যিক ঘাইপথলৈ - Beki river erosion in Kalgachia
Beki river erosion: বেকী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত গৰাখহনীয়াই অঞ্চলটোলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ সমান্তৰালভাবে ভাবুকিৰ সন্মুখীন হৈছে বিকল্প ৰাজ্যিক ঘাইপথটোও ৷ শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰীলৈ কাতৰ আহ্বান ৰাইজৰ ।

Published : July 5, 2024 at 2:31 PM IST
কলগাছিয়া, 5 জুলাই: আহাৰমহীয়া বানত ত্ৰাহিমধুসূদন সুঁৱৰিছে ৰাজ্যবাসীয়ে ৷ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবেই এইবাৰ সংকটৰ গৰাহত পৰিছে এটা বিকল্প ৰাজ্যিক ঘাইপথ ৷ কলগাছিয়াৰ শওপুৰত বেকী নদীৰ গৰাখহনীয়াই গ্ৰহণ কৰিছে কালৰূপ ৷ এই খহনীয়াৰ কবলত পৰিছে এটা গুৰুত্বপূৰ্ণ বিকল্প ৰাজ্যিক ঘাইপথ, যিটো ঘাইপথে আমাৰ ৰাজ্যখনক সংযোগ কৰাইছে চুবুৰীয়া পশ্চিমবংগৰ সৈতে ৷
স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি এই সন্দৰ্ভত কয়, "বিগত তিনি বছৰ ধৰি শওপুৰত বেকী নদীৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷ চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা হাতত লয় যদিও ইয়াৰ ফল দীৰ্ঘস্থায়ী নহয় ৷ যাৰ বাবে প্ৰতিবছৰেই এই বিকল্প ৰাজ্যিক ঘাইপথটো একেবাৰে উছন হোৱাৰ আশংকা বৃদ্ধি হৈ আহিছে ৷ ইয়াৰ পাচতো চৰকাৰ তথা প্ৰশাসনে খৰালি সময়ত কোনো প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা নাছিল ।"

"আজি বিকল্প ৰাজ্যিক ঘাইপথৰ উক্ত স্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া । চপৰা চপৰে খহিছে ঘাইপথ । 24 ঘন্টাৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাজ্যিক ঘাইপথৰ লগতে বিস্তীৰ্ণ অঞ্চল গৰাহনীয়াৰ কৱলত পৰিব । নৈৰ মাজত ওলমি থাকিব 70 কোটিটকীয়া পকী দলং" খৰালিৰ সময়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰি আজি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য ঘটনাস্থলীত উপস্থিত হোৱা বিভাগীয় এচ ডি অ’ আৰু মহৰীক এইদৰে জৱাবদিহি কৰে স্থানীয় ক্ষোভিত ৰাইজে এইদৰে ।
স্থানীয় লোকে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক দাবী জনায় ।

