ETV Bharat / state

পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে থানাত গোচৰ কেইবাটাও ব্ৰাহ্মণ সংগঠনৰ

শংকৰাচাৰ্যক নিজৰ ভুল স্বীকাৰ কৰিবলৈ ব্ৰাহ্মণ সংগঠনে সকীয়নি দিয়াৰ পিচতো নলৰিল গা ।

PURI SHANKARACHARYA ON BEEF
পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে গোচৰ ব্ৰাহ্মণ সংগঠনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 6:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অৱশেষত পুৰীৰ শংকৰাচাৰ্য নিচলানন্দ সৰস্বতীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অসমৰ ব্ৰাহ্মণ সমাজে । মঙলবাৰে অসমৰ ব্ৰাহ্মণ সমাজৰ বহুকেইটা সংগঠন একত্ৰিত হৈ দিছপুৰ থানাত শংকৰাচাৰ্য নিচলানন্দ সৰস্বতীৰ বিৰুদ্ধে দিলে গোচৰ । অসমৰ ব্ৰাহ্মণ সমাজে পূৰ্বে গো-মাংস খাইছিল বুলি মন্তব্য় কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজৰ কেইবাটাও সংগঠন ।

অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি সতীশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাৰ উপস্থিতিত শংকৰাচাৰ্যগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হয় । শংকৰাচাৰ্যৰ এই মন্তব্য়ৰ পিচতেই জাঙুৰ খাই উঠে অসমৰ ব্ৰাহ্মণ সমাজ । বিশেষকৈ অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই শংকৰাচাৰ্যগৰাকীৰ ব্যক্তিগত সহায়কগৰাকীৰ সৈতে যোগাযোগ কৰাৰ পিছতো শংকৰাচাৰ্যগৰাকীয়ে কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰাত আজি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে গোচৰ ব্ৰাহ্মণ সংগঠনৰ (ETV Bharat Assam)

এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই কয়, "বিগত কেইদিনমানৰ পৰা এটা বাতৰিয়ে বিশেষকৈ অসমৰ সমাজ জীৱনত বিশেষ প্ৰভাৱ পেলাইছে আৰু সমাজ ব্য়ৱস্থাত তোলপাৰ লগাইছে । কিছুদিন পূৰ্বে জগন্নাথ পুৰীৰ শংকৰাচাৰ্য নিচলানন্দ সৰস্বতীয়ে এটা ভিডিঅ'ত অসমৰ ব্ৰাহ্মণসকলে আগতে গো-মাংস ভক্ষণ কৰিছিল বুলি মন্তব্য় কৰে । তেওঁ শংকৰাচাৰ্য হোৱাৰ পিচতহে অসমৰ ব্ৰাহ্মণসকলক বুজাই পৰাই গো-মাংস ভক্ষণ কৰাৰ পৰা বিৰত ৰাখে ।"

PURI SHANKARACHARYA ON BEEF
পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে গোচৰ ব্ৰাহ্মণ সংগঠনৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "ব্ৰাহ্মণসকল এনেকুৱা এটা জাতি যিয়ে এতিয়ালৈকে কোনো আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা নাই । আমি তেনে কাৰ্যসূচী হাতত লৈ কোনো অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিব খোজা নাই আৰু নিবিচাৰো; কিন্তু আজি উপায়ন্ত হৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো ।"

লগতে পঢ়ক:অসমৰ ব্ৰাহ্মণসকলে গো-মাংস ভক্ষণ কৰিছিল ! পুৰীৰ শংকৰাচাৰ্যৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্ৰাহ্মণ ফ্ৰণ্টৰ - PURI SHANKARACHARYA BEEF REMARKS

শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ বিৰুদ্ধে জিলাই জিলাই গোচৰ তৰিব ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে - PURI SHANKARACHARYA BEEF REMARKS