ETV Bharat / state

শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ বিৰুদ্ধে জিলাই জিলাই গোচৰ তৰিব ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে

অসমৰ ব্ৰাহ্মণ সমাজক লৈ গুৰু শংকৰাচাৰ্যই কৰা মন্তব্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত । সেয়েহে সকীয়ালে ব্ৰাহ্মণ সমাজে ।

PRESS MEET AGAINST  PURI SHANKARACHARYA BEEF REMARKS
ব্রাহ্মণ সমন্বয়ৰক্ষী সমিতি, অসমৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 3:43 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ: পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীয়ে অলপতে অসমৰ ব্ৰাহ্মণসকলে গো-মাংস খাইছিল বুলি যি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতি, অসম । যদিহে শংকৰাচাৰ্য নিচলানন্দ সৰস্বতীয়ে কৰা মন্তব্য তিনি দিনৰ ভিতৰত উঠাই নলয় তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে ।

মঙলদৈ আকাশ ভৱনত সোমবাৰে ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতি, অসমৰ অন্তৰ্ভুক্ত ব্ৰাহ্মণ মহাসভা অসম, অসম ব্ৰাহ্মণ সমাজ, দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভা, বসুধৈৱ কুটুম্বকম, পূব মঙলদৈ শাখা দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ উদ্যোগত আয়োজিত এক সংবাদমেলত এইদৰে তেওঁক সকীয়াই দিয়া হয় । এই সন্দৰ্ভত ব্রাহ্মণ সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য আহ্বায়ক বাবুল চাংকাকতিয়ে কয়, "যোৱা ২০ জুনত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীয়ে অসমৰ ব্ৰাহ্মণসকলক অতি তুচ্ছ জ্ঞান কৰি অতীজৰে পৰাই অসমৰ ব্ৰাহ্মণসকলে গো-মাংস ভক্ষণ কৰি আহিছে বুলি বক্তব্য় ৰাখিছে । তেওঁৰ বক্তব্য়ই প্ৰকাশ কৰিছে যে যিজন মানুহৰ ৮০ বা ৮৫ বছৰ হৈছে,তেওঁ অহাৰ পৰাহে বোলে বুজাই পৰাই অসমৰ ব্ৰাহ্মণসকলক গো-মাংস ভক্ষণৰ পৰা বিৰত কৰাই ৰাখিছে ।"

ব্রাহ্মণ সমন্বয়ৰক্ষী সমিতি, অসমৰ সংবাদমেল (ETV Bharat Assam)

অসমৰ ব্ৰাহ্মণসকলৰ প্ৰকৃত ইতিহাস নজনাকৈ পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীয়ে এনে মন্তব্য প্ৰদান কৰিছে বুলি উল্লেখ বাবুল চাংকাকতিয়ে কয়, "তেওঁৰ বক্তব্যই অসমৰ ব্ৰাহ্মণ সমাজক লজ্জানত কৰিছে । তেওঁৰ পাণ্ডিত্য়ক আমি সন্মান জনাইছো; কিন্তু পণ্ডিত মানেই সকলো কথা জানিব সেইটো নহয় । তেওঁ ভুল ব্য়াখ্য়া কৰিছে । কোনো শ্লোকৰ পোনে পোনে অৰ্থ কৰিলে হাঁহিয়াতৰ পাত্ৰ হ'ব । ব্য়াকৰণৰ জ্ঞান নাথাকিলে শাস্ত্ৰৰ অৰ্থ ভুল হয় ।"

অসমত বসবাস কৰা ব্ৰাহ্মণসকলৰ হাজাৰ বছৰীয়া ইতিহাসত গো-মাংস ভক্ষণ কৰাৰ কোনো তথ্য নাই । তেনে অৱস্থাত শংকৰাচাৰ্যই কেনেকৈ এই অপবাদ দিব পাৰে বুলি অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছে । ৮০ বা ৮৫ বছৰীয়া তেওঁৰ জীৱনকালত কেতিয়া অসমলৈ আহিছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে সমন্বয়ৰক্ষী সমিতিয়ে । অসমৰ মানুহে ব'হাগ বিহুত গো-পূজা কৰে । গতিকে ব্ৰাহ্মণে খোৱা বুলি তেওঁ কৰা মন্তব্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলিও মন্তব্য কৰি ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে তেওঁৰ মন্তব্য তিনিদিনৰ ভিতৰত উঠাই নল'লে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে । প্ৰতিখন জিলাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ প্ৰস্তাৱ ব্ৰাহ্মণ সমন্নয়ৰক্ষী সমিতিৰ উদ্যোগত আয়োজিত সভাত গ্ৰহণ কৰা বুলিও কয় বাবুল চাংকাকতিয়ে ।

সংবাদমেলত ব্রাহ্মণ সমন্ধয়ৰক্ষী সমিতি, অসমৰ মুখ্য আহ্বায়ক বাবুল চাংকাকতিৰ উপৰি সহকাৰী আহ্বায়ক জয়ন্ত কুমাৰ শৰ্মা, অসম ব্ৰাহ্মণ সমাজৰ কাৰ্যকৰী সভাপতি ড৹ নিতিশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী, অসম ব্ৰাহ্মণ মহাসভা কাৰ্যকৰী সভাপতি মাধৱ চন্দ্ৰ শৰ্মা, অসম ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা সুনীল কুমাৰ গোস্বামী,অসম ব্ৰাহ্মণ সমাজৰ সহকাৰী সম্পাদক মুন মুন শৰ্মা, অসম যুৱ ব্ৰাহ্মণ সভাৰ সভাপতি নিপু কুমাৰ শৰ্মা, অসম ব্ৰাহ্মণ মহাসভাৰ শিৱপ্রসাদ শর্মা, কেশৱ কুমাৰ শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক:অসমৰ ব্ৰাহ্মণসকলে গো-মাংস ভক্ষণ কৰিছিল ! পুৰীৰ শংকৰাচাৰ্যৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্ৰাহ্মণ ফ্ৰণ্টৰ - PURI SHANKARACHARYA BEEF REMARKS

বাংলাদেশত হিন্দুসকলক সুৰক্ষিত কৰিব লাগে : শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ - Bangladesh revolution - BANGLADESH REVOLUTION