ETV Bharat / state

গো-মাংস বৰ্জন-উৰিয়ামঘাটৰ উচ্ছেদক সমৰ্থন খিলঞ্জীয়া মুছলমান সমাজৰ

বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত সৰুপথাৰৰ ৰাজহ অঞ্চলৰ মছজিদ কমিটীৰ বৈঠক ।

SARUPATHAR JAMAAT ANCHALIK SAMITI
বৈঠকত উপস্থিত লোকসকলৰ একাংশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 11:12 AM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: ৰাজ্য চৰকাৰৰ গো-সুৰক্ষা আইন আৰু বেদখলকাৰীসকলক উচ্ছেদ চলোৱা কাৰ্যৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে খিলঞ্জীয়া মুছলমান সমাজে ৷ বুধবাৰে সৰুপথাৰ সমজিলাৰ ব্লক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত সৰুপথাৰৰ ৰাজহ অঞ্চলৰ মছজিদ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয় বুধবাৰে ।

এই বৈঠকত সমজিলাৰ অন্তৰ্গত বৰপথাৰ, সৰুপথাৰ, ইকৰাণি, নাওজান, উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিয়ে গো-মাংস বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিধায়কগৰাকীৰ উপস্থিতিতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

বৈঠক সন্দৰ্ভত বিধায়ক-জামাত আঞ্চলিক সমিতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে, উৰিয়ামঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে খিলঞ্জীয়া মুছলমানসকলে ৷ কোনো কাৰণতে উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে বুলিও খিলঞ্জীয়া মুছলমানসকলে মন্তব্য কৰে ৷

উৰিয়ামঘাট সীমান্তত চলা উচ্ছেদৰ প্ৰস্তুতিৰ প্ৰসংগত বিধায়ক ফুকনে কয়, ‘‘আজি সৰুপথাৰ সমজিলাৰ ৰাজহ অঞ্চলৰ জামাতৰ প্ৰতিনিধিসকলৰ লগত এখন সভা অনুষ্ঠিত কৰিলো । তেওঁলোকে সৌহাৰ্দ্যপূৰ্ণভাৱে সভাখন অনুষ্ঠিত কৰে । তেখেতসকলে এটা আহ্বান জনাইছে লগতে আমিও আহ্বান জনাইছো উৰিয়ামঘাট সীমান্তত উচ্ছেদিত কোনো লোক ৰাজহ অঞ্চলৰ জামাতৰ গাঁওসমূহত যাতে আশ্ৰয় ল’ব নোৱাৰে । ইয়াৰ বাবে জামাতৰ বিষয়ববীয়াসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।’’

তদুপৰি গো-মাংস বৰ্জনৰ সিদ্ধান্তক কৈ বিধায়ক ফুকনে কয়, ‘‘সৰুপথাৰ সমজিলাৰ যিকোনো অঞ্চলৰ লগতে গাঁৱত গো-মাংস নিষিদ্ধ কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে । হিন্দু ধৰ্মৰ লোকসকলৰ অনুভূতিৰ প্ৰতি জনোৱা এই সন্মানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি বিশ্বাস কৰিছো ।’’

উচ্ছেদ সম্পৰ্কে পুনৰ বিধায়কগৰাকীয়ে কয়, ‘‘সৰুপথাৰ সমজিলাৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আহ্বান জনাইছিলো । অতি সুন্দৰকৈ তেওঁলোক উৰিয়ামঘাট বনাঞ্চলৰ পৰা উভতিছে । উচ্ছেদৰ যি প্ৰক্ৰিয়া, চৰকাৰ-প্ৰশাসনে উচ্ছেদ চলোৱাৰ পূৰ্বেই সেই স্থান ত্যাগ কৰিলে সুকলমে সম্পন্ন হ'ব ।’’

আনহাতে, বৈঠকৰ পিছত মছজিদ কমিটীৰ বিষয়ববীয়াই এনেদৰে মন্তব্য কৰে, ‘‘চৰকাৰে প্ৰস্তুত কৰা গো-সুৰক্ষা আইন আৰু বেদখলকাৰীসকলক উচ্ছেদ চলোৱাৰ কাৰ্যক আমি খিলঞ্জীয়া মুছলমান হিচাপে সমৰ্থন জনাইছো ।’’

তেওঁলোকে লগতে কয়, ‘‘উৰিয়ামঘাট সীমান্তত ভূমি বেদখল কৰা লোকসকল প্ৰথমে ইয়ালৈ খেতি কৰিবলৈ আহিছিল । পিছত বনাঞ্চলসমূহ ধ্বংস কৰি বসতি স্থাপন কৰিছে । তেওঁলোকৰ হয়তো ধিং, মৈৰাবাৰী, ৰূপহীহাট, নগাঁও আদি স্থানত ভূমি আছে । বনাঞ্চল সুৰক্ষা কৰিবলৈ আমি সকলোৱে আগবাঢ়িব লাগিব । বনাঞ্চলসমূহ নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰিম ।’’

লগতে পঢ়ক: শ্বহীদসকলক ইতিহাসে স্বীকৃতি দিব: গণেশ অসমৰ বাসগৃহত অনুপ চেতিয়া