ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ সৈতে সঁচাকৈয়ে হ'ব নেকি চম্পাৱতীৰ বিয়া ? চম্পাৱতী জলপ্ৰপাত সৃষ্টিৰ আঁৰৰ প্ৰকৃত সত্য কি ?

চম্পাৱতী জলপ্ৰপাত ৰাজকন্যাৰ চকুলো সৃষ্ট নে আছে আন কিবা ৰহস্য ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Champawati Waterfall
চম্পাৱতী জলপ্ৰপাত সৃষ্টিৰ আঁৰৰ প্ৰকৃত সত্য কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 24, 2025 at 8:22 PM IST

|

Updated : January 25, 2025 at 6:17 AM IST

4 Min Read
Choose ETV Bharat

নগাঁও : নগাঁও চহৰৰ পৰা প্ৰায় ৩০-৩২ কিলোমিটাৰ নিলগৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা এলেকা হৈছে চাপানলা । ইয়াতে অৱস্থিত ৰহস্যময়ী চম্পাৱতী জলপ্ৰপাতো । চাপানলা এলেকাটোক অধিক মনোমোহা কৰি তোলা চম্পাৱতী জলপ্ৰপাতক লৈ আছে বহু ৰহস্য ।

প্ৰথম, মধ্যম আৰু তল কুণ্ড নামেৰে তিনিটা স্তৰত বিভক্ত অপৰূপ সৌন্দৰ্যৰে সমৃদ্ধ চম্পাৱতী জলপ্ৰপাত । ইংৰাজী নতুন বছৰত চম্পাৱতী জলপ্ৰপাতৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ বহু লোকে ভিৰ কৰাৰ উপৰি বিশেষকৈ মাঘৰ শুক্লা সপ্তমী তিথি অৰ্থাৎ সৰস্বতী পূজাৰ পিছদিনা অগণন লোকে ভিৰ কৰে চম্পাৱতী জলপ্ৰপাতত । তাৰো আছে এক ৰহস্য ।

চম্পাৱতী জলপ্ৰপাত সৃষ্টিৰ আঁৰৰ প্ৰকৃত সত্য কি ? (ETV Bharat Assam)
  • কিদৰে সৃষ্টি হৈছিল চম্পাৱতী জলপ্ৰপাত ?

চাপানলাৰ চম্পাৱতী জলপ্ৰপাত সৃষ্টিক লৈ আছে বহু ৰহস্য । ইতিমধ্যে বিভিন্ন গ্ৰন্থত বিভিন্নজনে চম্পাৱতী জলপ্ৰপাত সৃষ্টিক লৈ বহু লেখা-মেলাও কৰিছে । প্ৰবাদ অনুসৰি, কছাৰী ৰজা হংসধ্বজৰ পত্নী প্ৰভাৱতীৰ চকুলোৰে সৃষ্ট জলকুণ্ড তথা জলপ্ৰপাতটোক ৰজাই নিজৰ জীয়াৰী চম্পাৱতীৰ নামেৰেই নামকৰণ কৰিছিল ।

কিংবদন্তী অনুসৰি, অৰ্জুনৰ সৈতে হোৱা যুদ্ধৰ সময়ত হংসধ্বজ ৰজাৰ পুত্ৰ সুদম্বাক বধ কৰাৰ ফলত চম্পাৱতীৰ চকুলোৰে সৃষ্টি হোৱা বাবেই জলপ্ৰপাতটোৰ নাম চম্পাৱতী ৰখা হৈছিল ।

  • কি কয় বুৰঞ্জীবিদে ?

চম্পাৱতী জলপ্ৰপাত সৃষ্টিক লৈ বিভিন্ন ৰহস্য চলি থকাৰ মাজতে পুৰণিগুদাম অঞ্চলৰ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, চম্পাৱতী জলপ্ৰপাত সৃষ্টিক লৈ কিংবদন্তী অথবা লোকবিশ্বাস মহাভাৰতৰ যুগৰ কথা ।

Champawati Waterfall
চম্পাৱতী জলপ্ৰপাতৰ ৰহস্য কি ? (ETV Bharat Assam)

বিশিষ্ট বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই কয়, "চম্পাৱতী জলপ্ৰপাতত পোৱা ভগ্নাৱশেষ একাদশ, দ্বাদশ অথবা ত্ৰয়োদশ শতিকাৰহে বুলি পুৰাতত্ত্ব বিভাগে ঠিৰাং কৰিছে । কিন্তু মহাভাৰত খ্ৰীষ্টপূৰ্ব অষ্টম অথবা নৱম শতিকাৰ । তেনে ক্ষেত্ৰত উদ্ধাৰ হোৱা ভগ্নাৱশেষ আৰু মহাভাৰতৰ যুগৰ মাজত আছে বৃহৎ পাৰ্থক্য ।"

পুৰাতত্ত্ব বিভাগৰ তথ্যৰ ওপৰত ভিত্তি কৰি চম্পাৱতী জলপ্ৰপাতৰ পৰা উদ্ধাৰ হোৱা ভগ্নাৱশেষ কছাৰী ৰজাৰ দিনৰে হ'ব বুলি ধাৰণা কৰিছে বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই । অৱশ্যে মহাভাৰতৰ কিংবদন্তী মতে, চাপানলাক হংসধ্বজ ৰজাৰ ৰাজধানী বুলি উল্লেখ থাকিলেও সেয়া মানি ল'ব বিচৰা নাই বিশিষ্ট বুৰঞ্জীবিদগৰাকীয়ে ।

বিশিষ্ট বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই ইটিভি ভাৰতৰ সন্মুখত উল্লেখ কৰা অনুসৰি, তেওঁ চম্পাৱতী জলপ্ৰপাতৰ উচ্চ শিখৰলৈকে পৰ্যবেক্ষণ কৰিছিল । বিশিষ্ট বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই কয়, "চম্পাৱতী জলপ্ৰপাত আচলতে কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইৰ পৰা বৈ অহা জুৰিহে । তাৰ পৰাই তিনিটা কুণ্ডৰ সৃষ্টি হৈছে । কাৰ্বি আংলং জিলাৰ বিভিন্ন উৎসৰ পৰা বৈ অহা পানী তললৈ নামি আহি এই জলপ্ৰপাতৰ সৃষ্টি কৰিছে । এই জলপ্ৰপাতৰ ওপৰতো সৰু সৰু বহু জলপ্ৰপাত আছে । যিসমূহে অতি দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে ।"

Champawati Waterfall
চম্পাৱতী জলপ্ৰপাত (ETV Bharat Assam)
  • ব্ৰহ্মপুত্ৰৰ সৈতে চম্পাৱতীৰ সম্পৰ্ক

কিংবদন্তী অনুসৰি, ৰাজকন্যা চম্পাৱতীৰ সৌন্দৰ্যত মুগ্ধ হৈ চম্পাৱতীৰ প্ৰেমত পৰিছিল ব্ৰহ্মপুত্ৰ । কিন্তু ব্ৰহ্মপুত্ৰই চম্পাৱতীক বিয়া কৰোৱাৰ পূৰ্বেই চম্পাই শিলৰ ৰূপ ধাৰণ কৰিছিল । যাৰ বাবে এদিন চম্পাৱতীক বিয়া কৰাবলৈ ব্ৰহ্মপুত্ৰ নিজেই কাষ চাপি আহিব বুলিও লোকবিশ্বাস আছে ।

এই সন্দৰ্ভতো বিশিষ্ট বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই ইটিভি ভাৰতৰ আগত কয়, "এই কথা আইতাৰ মুখত শুনিবলৈ পাইছো । ভূতাত্ত্বিকসকলে কোৱা মতে, ব্ৰহ্মপুত্ৰ পূবৰ দিশে অথবা চম্পাৱতীৰ দিশে চাপি চাপি গৈ আছে । যদি ব্ৰহ্মপুত্ৰৰ বান্ধ খপলি দিয়া যায় তেন্তে ব্ৰহ্মপুত্ৰ চম্পাৱতীৰ সৈতে লগ হ'ব ।"

Champawati Waterfall
চম্পাৱতী জলপ্ৰপাত (ETV Bharat Assam)

অৱশ্যে আগন্তুক ১৫-২০ বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু চাপানলাৰ লগ হোৱাৰ সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰি বুৰঞ্জীবিদ চিত্তৰঞ্জন বৰাই কয়, "ব্ৰক্ষ্মপুত্ৰৰ গতি এতিয়া কলংমুৱা হৈ আছে ।"

ইপিনে ইতিহাস প্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাত থকা চাপানলাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ যথেষ্ট থল থকা বুলি দাবী কৰি চৰকাৰ তথা পৰ্যটন বিভাগৰ অমনযোগিতাৰ বাবেই আজিও পৰ্যটকৰ কেন্দ্ৰবিন্দু হিচাপে চাপনলা গঢ়ি উঠা নাই বুলি মন্তব্য কৰে স্থানীয় যুৱকসকলে । এইক্ষেত্ৰত চৰকাৰে চাপানলাক পৰ্যটকৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় স্থানীয় লোকে ।

লগতে পঢ়ক :দুষ্প্ৰাপ্য জীৱকূল ৰক্ষাৰ হেতু সৃজনাত্মক কলাৰ জৰিয়তে সজাগতা সৃষ্টিত ব্ৰতী এজন যুৱ শিল্পী - VOICE OF ARTWORK
লগতে পঢ়ক :চেৰীফুলৰ দেশত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2
Last Updated : January 25, 2025 at 6:17 AM IST