এ বি এমছু নালাগে কোনেও সংখ্যালঘু কৰিব নোৱাৰে অসমীয়া ভাষাক: সকীয়াই দিলে সাহিত্য সভাই
অসম সাহিত্য সভা থকালৈকে অসমত অসমীয়াভাষী লোক কেতিয়াও সংখ্যালঘু নহয় ৷ ক'লে সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ৷

Published : July 11, 2025 at 12:54 PM IST
যোৰহাট: "অসমত অসমীয়াভাষী লোক কেতিয়াও সংখ্যালঘু নহয় । নতুনকৈ গঠন হোৱা অপঞ্জীকৃত সংগঠনটোক আমি সেইটো প্ৰত্যাহ্বান জনাইছোঁ ।" এই প্ৰত্যাহ্বান অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ । এ বি এমছুৰ কাৰ্যকৰী সভাপতিয়ে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ।
এ বি এমছুৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীয়ে অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দিছিল । বাংলাভাষী মুছলমানে এইবাৰ লোকপিয়লত অসমীয়া নিলিখে বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল সংখ্যালঘু নেতাজনে । অসমীয়াৰ বিপৰীতে বাংলা লিখাৰ হুংকাৰ দি সংখ্যালঘু নেতাজনে অসমীয়া ভাষা সংখ্যালঘুলৈ পৰিণত হ'ব বুলিও মন্তব্য কৰিছিল । এই মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰত্যাহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে ।
ই টিভি ভাৰতৰ সাংবাদিকৰ আগত সভাপতি গোস্বামীয়ে কয়, "এ বি এমছু নামৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো অসমৰ পঞ্জীয়নভুক্ত হয় নে নহয় ? এইটো এটা ডাঙৰ কথা । এ বি এমছু নালাগে যিয়েই নকওক লাগিলে অসমত অসম সাহিত্য সভা জীয়াই থকালৈকে কোনোধৰণৰ তেনে ভাবুকি সহ্য নকৰে আৰু আমি অসমীয়া মানুহক কেতিয়াও সংখ্যালঘু হ'বলৈ নিদিও । তাৰ কাৰণে যিখিনি আগতীয়া পৰিকল্পনা কৰিব লাগে, সেই পৰিকল্পনা আজি ৬ মাহৰ আগৰ পৰা কৰি আছোঁ ।"
তেওঁ লগতে কয়, "অহা অক্টোবৰ মাহৰ পৰা ৰাইজে দেখাকৈ সেই কামখিনি আমি কৰিম । তেওঁলোকে অসমৰ মাটি, পানী, বায়ু লৈছে । অসমৰ বতাহ তেওঁলোকে লৈছে, অসমত তেওঁলোকে খেতি কৰি খাইছেহি, বলপূৰ্বকভাৱে, বেদখল কৰি । চৰকাৰে বেদখল উচ্ছেদ কৰিবই লাগিব । উচ্ছেদ কৰিলে বুলিয়েই তেওঁলোকে ভাবুকি দিয়াৰ অধিকাৰ নাই । মূল কথা এইটোৱেই যে অসম সাহিত্য সভা থকালৈকে অসমত অসমীয়া ভাষা-ভাষী লোক কেতিয়াও সংখ্যালঘু নহয় ।"

