ETV Bharat / state

বৰপেটা গ্ৰন্থ উৎসৱত ৰমেন চৌধুৰীক 'বৰপেটা ৰত্ন' প্ৰদান

আমি বৰপেইটা ফেচবুক ফ'ৰামৰ উদ্যোগত সাদিনীয়াকৈ আৰম্ভ বৰপেটা গ্ৰন্থ উৎসৱ ।

Barpeta Book Fair
সাদিনীয়াকৈ আৰম্ভ 'বৰপেটা গ্ৰন্থ উৎসৱ' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 18, 2025 at 6:53 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : বৰপেটাত সাদিনীয়াকৈ অনুষ্ঠিত হৈছে 'বৰপেটা গ্ৰন্থ উৎসৱ' । 'আমি বৰপেইটা ফেচবুক ফ'ৰাম'ৰ উদ্যোগত অনুষ্ঠিত বৰপেটা গ্ৰন্থ উৎসৱ অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা লেখক হৃষীকেশ গোস্বামীয়ে শুকুৰবাৰে উদ্বোধন কৰে । ২৩ জানুৱাৰীলৈ ৭ দিন ধৰি অনুষ্ঠিত হ'ব বৰপেটা গ্ৰন্থ উৎসৱ ।

'বৰপেটা ৰত্ন' প্ৰদান ৰমেন চৌধুৰীক :

সাদিনীয়াকৈ আৰম্ভ 'বৰপেটা গ্ৰন্থ উৎসৱ' (ETV Bharat Assam)

আমি বৰপেইটা ফেচবুক ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত গ্ৰন্থ উৎসৱ উদযাপন সমিতিয়ে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ, সংগীত পৰিচালক, সুৰকাৰ ৰমেন চৌধুৰীক 'বৰপেটা ৰত্ন' সন্মানেৰে বিভূষিত কৰে । সাংবাদিক-সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট সংগীত পৰিচালকগৰাকীক 'বৰপেটা ৰত্ন' সন্মান প্ৰদান কৰে । এই সন্মান প্ৰদান কৰি মনোজ কুমাৰ গোস্বামীয়ে ভাৰতীয় সংগীত বিশেষকৈ অসমীয়া সংগীত জগতলৈ ৰমেন চৌধুৰীয়ে আগবঢ়োৱা বৰেণ্য অৱদানৰ কথা উল্লেখ কৰে । বিশেষকৈ ছবি পৰিচালনা, সংগীত ৰচনাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বহু গীতত সুৰ আৰোপ কৰি জ্যোতি-বিষ্ণুৰ গীতসমূহ জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অবদানৰ কথা উল্লেখ কৰে গোস্বামীয়ে ।

স্মৃতিগ্ৰন্থ 'হাৰিজান' উন্মোচন:

সাংবাদিক তথা সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে কয়,"শিল্পী দিৱসৰ দিনটোতে সংগীতশিল্পীগৰাকীক 'বৰপেটা ৰত্ন'ৰ দৰে এনে সন্মান প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হৈছো ।" ইপিনে, এই গ্ৰন্থ উৎসৱৰ উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাসে 'হাৰিজান' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে । বিশিষ্ট সাহিত্যিকগৰাকীয়ে হাৰিজান উন্মোচন কৰি বৰপেটাৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক:গ্ৰন্থপ্ৰেমী আৰু গ্ৰন্থ বিক্ৰীৰ অভিলেখেৰে সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা - GUWAHATI BOOK FAIR

শীতৰ কুঁৱলীয়ে মায়াময় কৰিছে গ্ৰন্থমেলাৰ বাকৰি - ASSAM BOOK FAIR 2024