৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ বাইক ৰেলী - INDEPENDENCE DAY 2024
78th Independence Day : সমাগত স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আৰম্ভ হৈছে স্বাধীনতা দিৱস পালনৰ বাবে প্ৰস্তুতি ৷

Published : August 13, 2024 at 4:41 PM IST
বৰপেটা, ১৩ আগষ্ট: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বৰপেটা জিলাত 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ অন্তৰ্গত একাধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই বিশেষ অনুষ্ঠানৰ অংশ হিচাপে মঙলবাৰে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত এক মটৰ চাইকেল সমদল উলিওৱা হয় । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই সমদল জিলাখনৰ হাউলীত অন্ত পৰে ।
পথ সুৰক্ষাৰ সজাগতা সমদল :
এই সমদলটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গ আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই । সমদলত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগতে বহুসংখ্যক সাধাৰণ লোকেও অংশগ্ৰহণ কৰে । মটৰ চাইকেল সমদলটোৰ মূল লক্ষ্য হৈছে 'ঘৰে ঘৰে ত্ৰিৰংগ' কাৰ্যসূচীৰ প্ৰচাৰ কৰাৰ লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস ।
জিলা আয়ুক্ত আয়ুষ গৰ্গে এই সন্দৰ্ভত মন্তব্য় কৰি কয়," দেশৰ স্বাধীনতা দিৱস সকলোৰে বাবে গৌৰৱৰ দিন আৰু এই উদযাপন উলহ-মালহৰে পালন কৰাটো অতি আৱশ্যক ।" জিলা আয়ুক্তগৰাকীয়ে পুনৰ কয়," মটৰ চাইকেল সমদলটোৰ লগতে দেশপ্ৰেমমূলক বিভিন্ন অনুষ্ঠান, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সমদল আদিৰো আয়োজন কৰা হৈছে ।"
স্বাধীনতা দিৱস বর্জনৰ আহ্বানৰ প্ৰভাৱ নপৰে :
আনহাতে, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই কয়," মটৰ চাইকেল সমদলৰ মাধ্যমেৰে পথ সুৰক্ষাৰ দিশটোও অন্তৰ্ভুক্ত কৰা হৈছে । এই সমদলত সম্পূৰ্ণ সুৰক্ষা নীতি নিয়ম অনুসৰণ কৰা হৈছে ।" নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ স্বাধীনতা দিৱস বর্জনৰ আহ্বানৰ বিষয়ে আৰক্ষী অধীক্ষগৰাকীয়ে কয় ," বৰপেটা জিলাত এই আহ্বানৰ কোনো প্ৰভাৱ নাই, তথাপিও সতৰ্কতামূলক সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

