ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পোষ্ট দেখি উৎসাহিত বৰপেটাৰ আতচবাজী উদ্যোগী

১৪০ বছৰ পুৰণি বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগ ৷ এই উদ্যোগত প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত আছে প্ৰায় ডেৰ হাজাৰ পৰিয়াল ।

CM TWEET ON BARPETA FIREWORKS
১৪০ বছৰ পুৰণি বৰপেটাৰ আতচবাজী কাৰখানা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 28, 2024 at 7:18 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: দীপাৱলী উপলক্ষে বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগটোত এতিয়া ব্যস্ততাৰ অন্ত নাই । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা এই উদ্যোগটোলৈ আতচবাজী বিচাৰি গ্ৰাহক আহে । দীপাৱলীৰ সময়ত ইয়াৰ মাত্ৰা বৃদ্ধি হয় । গ্ৰাহকৰ চাহিদা পূৰাবলৈ সৰ্বতোপ্ৰকাৰে উদ্যোগীসকলে চেষ্টা চলায় । বহু প্ৰত্যাহ্বানৰ মাজেৰে চলা উদ্যোগটোৰ উদ্যোগীসকল আজি বিশেষভাৱে উৎসাহিত । কিয়নো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে উদ্যোগটোৰ ঐতিহ্য দাঙি ধৰিছে ।

লগতে পঢ়ক: দীপাৱলীত আপোনাৰ ঘৰ পোহৰাবলৈ চেষ্টা কৰাসকলৰ ঘৰতো এগছি চাকি জ্বলোৱাৰ অৱকাশ দিয়ক এনেকৈ...

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যমযোগে ৰাইজক স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে । ইয়াকে লৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই উদ্যোগী গোপজিৎ পাঠকে । তেওঁ ৰাজ্য চৰকাৰক উদ্যোগটোলৈ আৰ্থিক সাহায্য আগবঢ়াবলৈ আহ্বান জনাই যাতে তেওঁলোকে বজাৰ দখলৰ যুঁজত অৱতীৰ্ণ হ’বলৈ সক্ষম হয় । পাঠকে লগতে অসমৰ প্ৰতিখন জিলাত বৰপেটাৰ আতচবাজীৰ একোটা কেন্দ্ৰ স্থাপনৰো পৰামৰ্শ দিয়ে । ইয়াৰ ফলতো উদ্যোগটোৰ প্ৰসাৰ সম্ভৱ হোৱাৰ উপৰি সংস্থাপনৰো দুৱাৰ মুকলি হ’ব বুলি কয় পাঠকে ।

উল্লেখ্য যে বৰপেটাৰ সম্পূৰ্ণ থলুৱা এই কুটীৰ উদ্যোগটো ১৪০ বছৰ পুৰণি । তাহানিৰে পৰা যি পৰম্পৰাগত পদ্ধতিৰে উদ্যোগটো চলি আহিছে সেয়া আজিও বিদ্যমান । সময়ৰ লগে লগে উদ্যোগটোৰ বাণিজ্যিক ক্ষেত্ৰখনো সম্প্ৰসাৰিত হৈছে । তদুপৰি নতুন নতুন চিন্তাৰে প্ৰস্তুত কৰা হৈছে বিবিধ আতচবাজী । অৱশ্যে এইক্ষেত্ৰত বৰপেটাৰ উদ্যোগীসকলে সেই তাহানিতে যি লক্ষ্যৰে আতচবাজী প্ৰস্তুত কৰিছিল তাৰ পৰা আঁতৰি যোৱা নাই ।‌

লগতে পঢ়ক: হাজাৰ দুখ-কষ্টৰ মাজতো দীপাৱলীত পোহৰ বিলাবলৈ সাজু অনিতা

সেয়া হ'ল, দীপাৱলী যিহেতু পোহৰৰ উৎসৱ, সেইকাৰণে বৰপেটাৰ আতচবাজী উদ্যোগত কেৱল পোহৰৰ মায়াজাল সৃষ্টি কৰা সামগ্ৰীহে প্ৰস্তুত কৰা হয়, শব্দ সৃষ্টি কৰা আতচবাজী প্ৰস্তুত কৰা নহয় ।‌ তদুপৰি ইয়াত সুৰক্ষাৰ ক্ষেত্ৰত দিয়া হয় সৰ্বাধিক গুৰুত্ব ।‌ বৰপেটাৰ এই উদ্যোগটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে প্ৰায় ডেৰ হাজাৰ পৰিয়াল । তেওঁলোকে ইয়াৰ পৰা আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে ।