ETV Bharat / state

বহুমুখী কৃষিকাৰ্যৰে বহুদূৰ আগুৱালে বৰপেটা জিলা কাৰাগাৰ

কাৰাগাৰৰ অব্যৱহৃত ভূমিত কৃষিকাৰ্য । কাৰাবন্দীৰ মানসিক সংশোধন তথা অৰ্থনৈতিক দিশ উন্নত কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ বৰপেটা জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ ।

Barpeta District Jail succeeds in multi-purpose farming
বহুমুখী কৃষিকাৰ্যৰে সফলতা অৰ্জন বৰপেটা জিলা কাৰাগাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটা জিলা কাৰাগাৰে বন্দীৰ মানসিক সংশোধন আৰু তাৰ লগত অৰ্থনৈতিক দিশটোক সংযুক্ত কৰি অনন্য নিদৰ্শন স্থাপন কৰিবলৈ সক্ষম হৈছে । কাৰাগাৰখনৰ বৃহৎ পৰিমাণৰ ভূমি অব্যৱহৃত হৈ পৰি আছিল । পূৰ্বে সেই ভূমিৰ একাংশত ধান খেতি কৰা হৈছিল । কিন্তু সেই সীমাবদ্ধতাৰ পৰিসীমা অতিক্ৰম কৰি বৰ্তমান বহুমুখী কৃষিকাৰ্যৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে বৰপেটা জিলা কাৰাগাৰে ।

কাৰাগাৰখনৰ অব্যৱহৃত হৈ থকা ভূমিৰ প্ৰায়‌ ৪০ বিঘা মাটিত বতৰৰ বিবিধ পাচলি যেনে আলু, বেঙেনা, কবি, গাজৰ, বিলাহী আদিৰ খেতি কৰা হৈছে । তদুপৰি ধান আৰু সৰিয়হৰ খেতিও কৰা হৈছে । আকৌ প্ৰায় তিনি বিঘা মাটি সামৰি মাকৈৰ খেতি কৰা হৈছে । ইয়াৰ ওপৰঞ্চি নতুন চিন্তাৰে গঢ়ি তোলা হৈছে এখন বগৰীৰ বাগিচা । এই বাগিচাত তিনিটা উন্নত জাতৰ প্ৰায় দুশজোপা বগৰীৰ গছ ৰোপণ কৰা হৈছে ।‌

বহুমুখী কৃষিকাৰ্যৰে সফলতা অৰ্জন বৰপেটা জিলা কাৰাগাৰৰ (ETV Bharat Assam)

ইতিমধ্যে বগৰীৰ উৎপাদনো আৰম্ভ হৈছে ।‌ ইয়াৰোপৰি অমিতাৰ এখন বাগিচা স্থাপনৰো কাম আৰম্ভ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই । খেতিত প্ৰয়োজন হোৱা পানীৰ বাবে জলসিঞ্চনৰো ব্যৱস্থা কৰা হৈছে । জিলা কাৰাগাৰখনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এনে কৃষিকাৰ্যৰ জৰিয়তে সমান্তৰাল দুটা উদ্দেশ্য পূৰণ হৈছে । সেই অনুসৰি বন্দীসকলক কৃষিকাৰ্যৰ জৰিয়তে নিজকে সংশোধন কৰাৰ সুযোগ দিয়া হৈছে আৰু আনটো হ'ল বৰপেটা কাৰাগাৰক স্ব-নিৰ্ভৰ কৰি তোলা ।

কাৰাগাৰখনৰ কাৰাধ্যক্ষ নীলোৎপল কাকতিয়ে কয়, "বন্দীসকলৰ শ্ৰমেৰে উৎপাদন কৰা ধান, সৰিয়হ, পাচলি বিক্ৰী কৰি বৰপেটা জিলা কাৰাগাৰে লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।‌ তদুপৰি উৎপাদিত পাচলি কাৰাগাৰৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে । আনহাতে বগৰীৰ বাগিচাৰ পৰা তিনিটা প্ৰকাৰৰ সুস্বাদু বগৰী উৎপাদন কৰা হৈছে ।‌ বগৰীৰ এনে প্ৰকল্প ভাৰতৰ কাৰগাৰৰ ভিতৰত এয়াই প্ৰথম ।"

লগতে পঢ়ক: সতৰ্ক হৈ থাকক ! ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাব লখিমপুৰক - DULLUNG RESERVED FOREST

গ্ৰন্থই পৃথিৱীক কেতিয়াও বিশ্বাসঘাতকতা নকৰে: কলিয়াবৰ গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ সভাপতি - KALIABOR BOOK FAIR