ETV Bharat / state

ঐতিহাসিক ! শংকৰদেৱৰ বৰগীত সিংহলী ভাষাত পৰিৱেশন এগৰাকী অসমীয়াৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটি সিংহলী ভাষাত পৰিৱেশন ৷ অংকুৰণ দত্তৰ প্ৰশংসনীয় পদক্ষেপ ৷

Bargeet in Sinhala Language
ঐতিহাসিক ! শংকৰদেৱৰ বৰগীত সিংহলী ভাষাত পৰিবেশন এগৰাকী অসমীয়া যুৱকৰ (Socialmedia@AnkuranDutta)
author img

By ETV Bharat Assamese Team

Published : October 14, 2024 at 10:59 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৪ অক্টোবৰ : অসমৰ ঐতিহ্যৰ বাবে এক ঐতিহাসিক পদক্ষেপ ৷ প্ৰথমবাৰৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত কোনো এক আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে তাক পৰিৱেশনৰ ব্যৱস্থা কৰা হয় । কলম্বেস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত শংকৰদেৱৰ 'নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰি তাক পৰিৱেশনৰ ব্যৱস্থা কৰা হয় ।

কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তই এই বিষয়টো জনাবলৈ পাই অত্যন্ত আনন্দিত হোৱা বুলি উল্লেখ কৰে । উল্লেখ্য যে কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি গুৰুজনাৰ বৰগীতটি পোন প্ৰথমবাৰৰ বাবে সিংহলী ভাষালৈ অনুবাদ কৰি তাক পৰিবেশনৰ ব্যৱস্থা কৰা হয় ।

Bargeet in Sinhala Language
অংকুৰণ দত্ত (Socialmedia@AnkuranDutta)

“মই যিমানদূৰ জানো ইংৰাজী আৰু হিন্দীৰ বাহিৰে আন বহু ভাষালৈ বৰগীত অনুবাদ হোৱা নাই বা আন বিদেশী ভাষালৈও বৰগীত এতিয়ালৈকে অনুবাদ কৰা হোৱা নাই বা তাক পৰিৱেশন কৰা হোৱা নাই ৷” এই মন্তব্য অংকুৰণ দত্তৰ ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংকুৰণ দত্তৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ অংকুৰণ দত্তই যি প্ৰয়াস চলাইছে, সেই প্ৰয়াস অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীয়ে গুৰুজনাৰ সৃষ্টিৰাজিক এনেদৰে বিশ্বদৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস চলোৱাৰ বাবে কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তক শুভেচ্ছা জনায় । নিজৰ এক্স হেণ্ডেলযোগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনন্দ প্ৰকাশ কৰি কয়, “গুৰুজনাৰ সৃষ্টিক আন দেশলৈ লৈ যোৱাৰ প্ৰচেষ্টা দেখি মই বহুত সুখী । ন্যায় বিচাৰ আৰু ন্যায়সংগত সমাজ প্ৰতিষ্ঠাৰ বাবে গুৰুজনাৰ দৰ্শনৰ বিশ্বব্যাপী অপৰিসীম প্ৰাসংগিকতা আছে ।”

উল্লেখ্য যে কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই সোমবাৰে প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰে । এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱৰ 'নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা’ বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰাৰ লগতে পৰিবেশন কৰা হয় । এয়া হয়তো প্ৰথমবাৰৰ বাবে কোনো বিদেশী ভাষাত বৰগীত মূল আৰু অনুবাদিত সংস্কৰণত একেলগে ৰেকৰ্ডিং কৰা হৈছে ।

শ্ৰীলংকাত ভাৰতৰ উপ-উচ্চায়ুক্ত ডঃ সত্যঞ্জল পাণ্ডেয়ে আনুষ্ঠানিকভাৱে সিংহলী ভাষাত পৰিবেশিত বৰগীতৰ চিডিখন মুকলি কৰে । কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই পৰিচালনা কৰাৰ লগতে বৰগীতৰ ৰেকৰ্ডিঙত মূল ভাষাতো তেওঁ পৰিবেশন কৰিছে আৰু খোল বজাইছে । বৰগীতটি অনুবাদ কৰিছে কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাৱিটানগমগেয়ে ।

সিংহলী সংস্কৰণটো কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা অসীথ আটাপাট্টুৱে গাইছে আৰু এছৰাজ পমলকা মনুজিথ কৰুণানায়কে আৰু বাঁহী দিনাঞ্জনা মাদুছাংকাই পৰিবেশন কৰিছে । সংগীতৰ ব্যৱস্থাপনা আৰু বাণীবন্ধন মিলিণ্ডা টেনাকুন আৰু ডেভিন ডি আলৱিছৰ ।

অনুষ্ঠানত শ্ৰীলংকাৰ পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান অধ্যাপক অনুৰা মানটুংগা, লংকা আই অ’ চিৰ পৰিচালন সঞ্চালক দীপক দাস, ছাৰ্ক সাংস্কৃতিক কেন্দ্ৰৰ উপ-সঞ্চালক ডঃ বীণা গান্ধী দেউৰীয়ে ভাৰতৰ কলা আৰু নান্দনিক দিশত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায় । উল্লেখ্য যে বৰগীতটি ICCR in Sri Lanka ইউটিউবত উপলব্ধ । https://youtu.be/F6CezEoJt5k এই লিংকত ক্লিক কৰিলে বৰগীতটো উপলব্ধ হ'ব ।

লগতে পঢ়ক :ৰাষ্ট্ৰসমূহৰ মাজত সমৃদ্ধিৰ পাৰ্থক্যৰ ওপৰত কৰা গৱেষণাৰ বাবে তিনিজনলৈ অৰ্থনীতিৰ নোবেল বঁটা
লগতে পঢ়ক :কাজলি-লাইকা-প্ৰবালী উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ