ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী বৰাকৰ কণাদ পুৰকায়স্থ
তীব্ৰ কৌতূহলৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ এখন আসনৰ প্ৰাৰ্থীৰ নাম । বৰাকৰ নেতা কণাদ পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান ।

Published : June 7, 2025 at 4:40 PM IST
গুৱাহাটী : বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ অসমৰ এখন আসনৰ প্ৰাৰ্থীৰ নাম । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰাজ্যসভাৰ এখন আসনৰ বাবে বৰাকৰ পৰাই বিজেপিয়ে প্ৰাৰ্থী থিয় কৰালে । বহু জল্পনা-কল্পনা আৰু চৰ্চাৰ অৱসান ঘটাই শনিবাৰে বিজেপিয়ে অসমৰ ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে । বিজেপিয়ে ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰাৰ্থিত্ব দিলে বৰাকৰ কণাদ পুৰকায়স্থক ।
বৰ্তমান বিজেপিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বত আছে কণাদ পুৰকায়স্থ । শিলচৰৰ বাসিন্দা কণাদ পুৰকায়স্থ বৰাকৰ এগৰাকী প্ৰভাৱশালী নেতা । কণাদ পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্র ।

উল্লেখ্য যে, অলপতে বৰাকৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৰাকলৈ যোৱাৰ সময়ত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ আসনখনত বৰাকৰ পৰাই এজন হোৱাটো বিচাৰে বুলি সদৰী কৰিছিল । অৱশেষত মুখ্যমন্ত্রীয়ে আশা কৰা ধৰণেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বৰাকৰ বিজেপি নেতা কণাদ পুৰকায়স্থক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । সোমবাৰে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন । তাৰ পূৰ্বে শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ।
ৰাজ্যসভাৰ খালী হ'ব লগা অসমৰ দুখন আসনৰ ভিতৰত এখন আসন বিজেপিয়ে মিত্রদল অগপক এৰি দিছে । অগপই এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।
ইফালে প্ৰাৰ্থিত্ব লাভৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কণাদ পুৰকায়স্থই কয়, "মোক বিশ্বাসত লৈ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মোৰ নাম বিবেচনা কৰাৰ বাবে মই বিজেপিৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছো । অসম কেৱল মাত্ৰ মোৰ ঘৰে নহয় অসম মোৰ অনুপ্ৰেৰণা আৰু মোৰ শক্তি । এনে এক গুৰুত্বপূর্ণ দায়িত্বৰ বাবে মোক বিবেচনা কৰাত মই গৌৰৱবোধ কৰিছো । মোৰ বাবে এক বুজাব নোৱাৰা মুহূৰ্ত । মই আমাৰ দলৰ আদৰ্শৰ প্ৰতি সদায় দায়বদ্ধ হৈ কাম কৰি যাম । মই আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ অগ্ৰগতি আৰু একতাৰ বাবে সদায় প্রতিশ্ৰুতিবদ্ধ থাকিম ।"

লক্ষণীয় বিষয় যে ৰাজ্যসভাৰ আসনখনৰ বাবে বিজেপিৰ ১৩ গৰাকী নেতাই আবেদন কৰিছিল । চৰ্চাত আছিল কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ নাম । ৰাজ্যিক বিজেপিয়ে চূড়ান্ত সিদ্ধান্তৰ বাবে প্ৰাৰ্থীৰ তালিকা কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল । অৱশেষত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সেই তালিকাৰ পৰা বৰাকৰ কণাদ পুৰকায়স্থৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।
উল্লেখ্য যে, ৰাজ্যসভাৰ অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত সমাপ্ত হ'ব । খালী হ'বলগীয়া এই দুখন আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব নির্বাচন । মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বিপৰীতে খালী হ'বলগীয়া আসনত হ'ব নির্বাচন ।
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ জুন । ১০ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন । ১৯ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ঘোষণা হ'ব ফলাফল ।
কণাদ পুৰকায়স্থৰ প্ৰাৰ্থিত্বক আদৰণি সভাপতি দিলীপ শইকীয়াৰ
অসমত খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিজেপি আৰু আনখনত মিত্ৰদল অসম গণ পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত চূড়ান্ত হোৱাৰ পিছত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে দলে জ্যেষ্ঠ নেতা কণাদ পুৰকায়স্থৰ নাম শনিবাৰে আনুষ্ঠানিকভাবে ঘোষণা কৰে ৷ অসম প্ৰদেশ বিজেপিৰ সম্পাদক তথা দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা কণাদ পুৰকায়স্থৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণাক আদৰণি জনাইছে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।

এক বিবৃতিযোগে সভাপতি শইকীয়াই পুৰকায়স্থৰ প্ৰাৰ্থিত্ব ঘোষণাৰ সিদ্ধান্তৰ বাবে দলৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।
বিবৃতিটোত সভাপতি শইকীয়াই কয়, "কণাদ পুৰকায়স্থই বহুদিন ধৰি দলৰ বিভিন্ন দায়িত্বত থকাৰ উপৰিও শৈশৱকালৰে পৰা দলৰ আদৰ্শগত পৰিয়ালৰ এগৰাকী সন্মানীয় সদস্যৰূপে বৰ্তমানলৈ আদৰ্শনিষ্ঠভাৱে কাম কৰি আহিছে । দলৰ পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কণাদ পুৰকায়স্থই অনাগত দিনত অসমবাসীৰ আশা-আকাংক্ষা আৰু বিজেপি দলৰ নীতি আদৰ্শক শক্তিশালীভাৱে দেশৰ উচ্চ সদনত উপস্থাপন কৰিব পাৰিব বুলি আমি আশাবাদী ।"
লগতে পঢ়ক :হাতীৰ পিঠিত উঠি দিল্লীলৈ যাব কোন ? অগপৰ সদৰত বিচাৰ-বিবেচনা - AGP MEETING RAJYA SABHA ELECTIONS

