ETV Bharat / state

এইবাৰৰ গ্ৰন্থমেলাত নাই বাংলাদেশৰ আকৰ্ষণ: অস্থিৰতাত চুবুৰীয়া ৰাষ্ট্ৰখন

বাংলাদেশত চলি থকা অস্থিৰ পৰিস্থিতি আৰু ভিছা নোপোৱাৰ বাবেই বাংলাদেশৰ কোনো গ্রন্থ বিক্রেতা প্রতিষ্ঠানে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব নোৱাৰিলে বুলি ধাৰণা কৰা হৈছে ।

ASSAM BOOK FAIR 2024
অসম গ্ৰন্থমেলা, গুৱাহাটী 2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 29, 2024 at 3:55 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : এইবাৰ অসম গ্ৰন্থমেলা, গুৱাহাটীত নাই বাংলাদেশৰ বিপণী । প্ৰত্যেক বছৰে অসম গ্ৰন্থমেলাত বাংলাদেশৰ বিপণীয়ে পাঠকৰ বিশেষ সমাদৰ লাভ কৰে । লগতে গ্ৰন্থমেলাৰ আকৰ্ষণো বৃদ্ধি কৰে । কিন্তু এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সেই আকৰ্ষণ নাই গ্ৰন্থমেলাত । উল্লেখ্য যে শুকুৰবাৰৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে অসম গ্রন্থমেলা, গুৱাহাটী । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্রন্থমেলাই ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰন্থানুৰাগী তথা পঢ়ুৱৈৰ সদায়ে বিশেষ সমাদৰ লাভ কৰি আহিছে ।

বৌদ্ধিক চিন্তাৰ স্থল হিচাপে চিহ্নিত অসম গ্রন্থমেলাত প্ৰত্যেক বছৰে দেশ-বিদেশৰ নামী-দামী প্রকাশক তথা বিক্রেতা সংস্থাই অংশগ্ৰহণ কৰি আহিছে । যাৰবাবে অসম গ্ৰন্থমেলাৰ প্ৰতি অসমেই নহয় সমগ্র উত্তৰ-পূৰ্বৰ পঢ়ুৱৈসকলে বছৰ জুৰি অপেক্ষা কৰি থাকে । এইবাৰ প্ৰথমবাৰৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে । ইয়াৰ পূৰ্বে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা ।

অসম গ্ৰন্থমেলা, গুৱাহাটী 2024 (ETV Bharat Assam)

লক্ষণীয় বিষয় যে গুৱাহাটীৰ এই আভিজাত গ্রন্থমেলাখনত প্ৰতিবছৰেই অংশ লৈছিল বাংলাদেশৰ একাধিক গ্রন্থ বিক্রেতা প্রতিষ্ঠানে । এক কথাত অসম গ্রন্থমেলাৰ অন্যতম এক আকর্ষণ আছিল বাংলাদেশৰ গ্ৰন্থ বিপণী । এই গ্রন্থমেলাখনে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ভাষা-সাহিত্যৰ সোৱাদ ল’বলৈ সুযোগ দিছিল অসমৰ পঢ়ুৱৈ সমাজক । কিন্তু এইবাৰ অসম গ্ৰন্থমেলাত সেই আকর্ষণ নাই । বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ প্ৰভাৱ যেন অসম গ্ৰন্থমেলাতো পৰিল । অসম গ্রন্থমেলাত অংশ লোৱা নাই বাংলাদেশৰ কোনো গ্ৰন্থ প্রকাশক তথা বিক্রেতা প্রতিষ্ঠানে ।

এই সন্দৰ্ভত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামীয়ে কয়, "বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ বাবেই হয়টো তেওঁলোক নাহিল । বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ দুয়োখন ৰাষ্ট্ৰই ভিছা প্ৰদান বন্ধ ৰখাত হয়টো গুৱাহাটীৰ গ্ৰন্থমেলাত বাংলাদেশৰ কোনো গ্রন্থ বিক্রেতা প্রতিষ্ঠানে অংশ গ্ৰহণ কৰিব নোৱাৰিলে ।"

উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বিগত আগষ্ট মাহৰ পৰা ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে । ছাত্র বিক্ষোভৰ ফলত প্রধানমন্ত্রী শ্বেখ হাছিনাই পলায়ন কৰি ভাৰতত আশ্ৰয় লৈ আছে । বর্তমান বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছে যদিও ঠায়ে ঠায়ে সংখ্যালঘুৰ ওপৰত আজিও আক্রমণ অব্যাহত আছে । বাংলাদেশত চলি থকা অস্থিৰ পৰিস্থিতি আৰু ভিছা নোপোৱাৰ বাবেই বাংলাদেশৰ কোনো গ্রন্থ বিক্রেতা প্রতিষ্ঠানে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব নোৱাৰিলে বুলি ধাৰণা কৰা হৈছে । এই সন্দৰ্ভত বাংলাদেশৰ কোনো প্ৰকাশন নাইবা গ্রন্থ বিক্রেতা প্রতিষ্ঠানৰে অসম গ্ৰন্থমেলাৰ আয়োজক সমিতিয়ে যোগাযোগ কৰা নাই ।

উল্লেখ্য যে বিগত বৰ্ষৰ অসম গ্রন্থমেলাত বাংলাদেশৰ ১০ টাকৈ প্রকাশক তথা বিক্রেতা সংস্থাই অংশগ্ৰহণ কৰিছিল । কিন্তু এইবাৰ দেশখনৰ পৰিস্থিতিৰ বাবে অংশ ল'ব নোৱাৰিলে । জানিব পৰা মতে আগৰতলা গ্ৰন্থমেলাতো এইবাৰ বাংলাদেশৰ কোনো গ্রন্থ বিক্রেতা সংস্থাই অংশ নলয় । শুকুৰবাৰৰ পৰা ৭ জানুৱাৰীলৈ ১২ দিনলৈ চলিবলগীয়া অসম গ্রন্থমেলাত এইবাৰ ডেৰ শতাধিক বিপণীয়ে অংশগ্রহণ কৰিছে । ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰকাশন প্রতিষ্ঠানে অংশগ্রহণ কৰিছে যদিও কোনো বিদেশী প্রতিষ্ঠানে অংশ লোৱা নাই এইবাৰৰ অসম গ্রন্থমেলাত ।

স্থান সলনি হ'লেও বিগত দুটা দিনত অসম গ্ৰন্থমেলাত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । আজি দেওবাৰে বিয়লি ব্যাপক জনসমাগম হোৱাৰ ধাৰণা কৰা হৈছে । বিগত কেইদিনতে গ্ৰন্থমেলাত বহু সংখ্যক গ্ৰন্থ উন্মোচন কৰা হৈছে ।

লগতে পঢ়ক: গ্ৰন্থৰ বিপণিত পঢ়ুৱৈৰ ৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল