ETV Bharat / state

এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল, শোভাযাত্ৰা

গুৱাহাটী মহানগৰত যান-বাহনৰ স্বাভাৱিক গতি সুনিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ ৷

BAN ON RALLIES AND PROCESSIONS
গুৱাহাটী মহানগৰীৰ ৰাজপথৰ এক দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 8:41 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: এতিয়াৰে পৰা গুৱাহাটী মহানগৰৰ ৰাজপথত উলিয়াব নোৱাৰিব কোনো ধৰণৰ সমদল বা শোভাযাত্ৰা । মহানগৰীৰ ৰাজপথত দেখা নাযাব কোনো শিক্ষানুষ্ঠানৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা, ৰাজনৈতিক, অ-ৰাজনৈতিক দল-সংগঠনৰ প্রতিবাদী কাৰ্যসূচী বা সমদল । কিয়নো গুৱাহাটী মহানগৰীত নিষিদ্ধ কৰা হৈছে সমদল-শোভাযাত্রা । এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে ।

গুৱাহাটী মহানগৰত যান-বাহনৰ স্বাভাৱিক গতি সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে শুকুৰবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰিছে এক নিৰ্দেশনা । এই নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি মহানগৰীত যান-বাহনৰ স্বাভাৱিক গতি চলাচল কৰাৰ ক্ষেত্ৰত সমদল, শোভাযাত্ৰা আদিয়ে তীব্ৰ যানজঁটৰ সৃষ্টি কৰে । ইয়াৰ ফলত নাগৰিক আৰু জৰুৰী সেৱা ব্যৱস্থা ব্যাহত হয় ।

তেনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ২০২৩ চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ধাৰা ১৬৩ অনুসৰি, গুৱাহাটীৰ উপ-আৰক্ষী আযুক্ত (প্রশাসন) ইমদাদ আলী স্বাক্ষৰিত এক জাননীযোগে মহানগৰত সকলোধৰণৰ সমদলত নিষেধাজ্ঞা আৰোপ কৰিছে ।

BAN ON RALLIES AND PROCESSIONS
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা (ETV Bharat Assam)

এই নিৰ্দেশত সকলো ধৰণৰ সমদল, ৰেলী, দৌৰ, মাৰাথন, ৱাকাথন আদিৰ ওপৰত গুৱাহাটী মহানগৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশনা তাৎক্ষণিকভাৱে প্ৰযোজ্য হ’ব । নিৰ্দেশ উলংঘা কৰিলে ২০২৩ চনৰ "ভাৰতীয় ন্যায় সংহিতা" ৰ ধাৰা ২২৩ অনুসৰি দণ্ডনীয় হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীতো মহানগৰ আৰক্ষীয়ে এক নিৰ্দেশনাযোগে মহানগৰীত সমদল শোভাযাত্ৰা উলিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু মহানগৰ আৰক্ষীৰ এনে নিৰ্দেশনা কিদৰে যান-জঁট নিয়ন্ত্ৰণ কৰাত সফল হ’ব, সেয়া লাহে লাহে পৰিলক্ষিত হ’ব ৷

লগতে পঢ়ক: ৮ জুনত ৭টা বর্ষ সম্পূৰ্ণ হ’ব নীল-অভি হত্যাকাণ্ডৰ, কিন্তু আজিও ন্যায়ৰ আসাত পণবন্দী দুটা পৰিয়াল