ETV Bharat / state

বাক্সাৰ এজন যুৱকে দেখুৱাই দিলে- ঘৰখনৰ আশে-পাশেই টকা উৰি আছে, ধৰিব জানিলেই হ'ল - SELF SUFFICIENT BY BLOCK INDUSTRY

চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি ঘৰতে ব্লক ইণ্ডাষ্ট্ৰী স্থাপন কৰি স্বাৱলম্বী হৈছে বাক্সাৰ এজন যুৱক ।

Self-sufficient by block industry
বহিঃৰাজ্যৰ চাকৰি এৰি ঘৰতে উদ্যোগ স্থাপন বৰমাৰ যুৱকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 9:01 PM IST

2 Min Read

বাক্সা: বাক্সা জিলাৰ এজন উদ্যমী যুৱক, যিয়ে বহিঃৰাজ্যত চাকৰি বাদ দি নিজৰ পৰিশ্ৰমেৰে জগত জিনাৰ সংকল্প লৈছে ৷ বৰ্তমান অসমৰ পৰা হাজাৰ হাজাৰ যুৱক-যুৱতী কামৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে আৰু তেনে সময়তে বাক্সা জিলাৰ বৰমাৰ এজন যুৱকে ১০-১২ জন যুৱকক সংস্থাপন দি ঘৰতে চলাইছে এটা উদ্যোগ । যুৱকজন হৈছে চৈতেন্দ্ৰ মুছাহাৰী ৷ মুছাহাৰীয়ে জনোৱা মতে তেওঁ প্ৰথমতে বেংগালুৰুত চাকৰি কৰিছিল ৷

চাকৰি কৰি থাকোতে তেওঁ ব্লক বনোৱা উদ্যোগসমূহ দেখি উৎসাহিত হৈছিল আৰু এই উদ্যোগ ঘৰতে কৰি নিজাকৈ ব্যৱসায় কৰাৰ কথা ভাবিছিল ৷ ভবা মতে কাম ৷ তেওঁ বেংগালুৰুৰ চাকৰি এৰি ঘৰলৈ উভতি আহিল আৰু ঘৰতে ব্লক ইটা বনোৱা ক্ষুদ্ৰ উদ্যোগ এটা স্থাপন কৰিলে । ব্লক ইটাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে তেওঁৰ ব্যৱসায়ো বাঢ়ি আহিল । এতিয়া তেওঁৰ লগত ১০-১২ জন যুৱকে এই উদ্যোগত কাম কৰি আছে ৷

বহিঃৰাজ্যৰ চাকৰি এৰি ঘৰতে উদ্যোগ স্থাপন বৰমাৰ যুৱকৰ (ETV Bharat)

চৈতেন্দ্ৰ মুছাহাৰীয়ে কয়, "প্ৰথমে ব্লক ইণ্ডাষ্ট্ৰীটো আৰম্ভ কৰাৰ সময়ত ৮-৯ লাখ টকা বিনিয়োগ কৰিছিলো । ব্লক ইণ্ডাষ্ট্ৰীত বৰ্তমান ব্লক ইটা, চোতালত পৰা ৰঙীন ইটা, ৰঙীন প্লেট, ৱাল প্লেট, দুৱাৰ খিৰিকীৰ ফ্ৰেম ইত্যাদি বনোৱা হয় ৷ এই সামগ্ৰীসমূহ স্থানীয় লোকৰ উপৰিও পাঠশালা, তামুলপুৰ আদি স্থানত বিক্ৰী হয় ৷ বৰ্তমান সময়ত পোৰা ইটাৰ চাহিদা কমি আহিছে, কিয়নো ইটাসমূহৰ আকৃতি সৰু হোৱাৰ লগতে উন্নত মানৰ নহয় ৷ তাৰোপৰি ইটাভাতাসমূহৰ পৰা ওলোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰে ৷ চিমেণ্টেৰে বনোৱা ইটা উন্নত মানৰ আৰু প্ৰদূষণমুক্ত হোৱাৰ লগতে ডাঙৰ আৰু চিধা হয় ৷ সেই কাৰণে ঘৰতে এই ইণ্ডাষ্ট্ৰী বহুৱাই লৈ ব্যৱসায় কৰিব পাৰি ৷"

মুছাহাৰীৰ উদ্যোগত কাম কৰি স্থানীয় যুৱকসকলো উৎসাহী । তেওঁলোকৰ মাজৰ এজনে কয়, "এই ইণ্ডাষ্ট্ৰীত ৪ বছৰ ধৰি কাম কৰি আছো ৷ যিহেতু ঘৰৰ কাষতে আছে, সেয়েহে বহিঃৰাজ্যলৈ যোৱাৰ আৱশ্যকেই নাই ৷" মুঠতে চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি সম্পূৰ্ণ স্বাধীনভাৱে উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হৈছে বৰমাৰ চৈতেন্দ্ৰ মুছাহাৰী । কেৱল সেয়াই নহয় আন কেইবাজনো যুৱকক স্বাৱলম্বী হোৱাৰ পথো দেখুৱাইছে ।

লগতে পঢ়ক :৪৮ মাহৰ ভিতৰত নিৰ্মাণ হ'ব সাৰ কাৰখানাত চতুৰ্থ গোট, উৎফুল্লিত সাৰ কাৰখানাৰ কৰ্মচাৰী - NAMRUP FERTILIZER FACTORY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.