ETV Bharat / state

অৰ্কিডৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বিচাৰিছে নেকি, আহক বাখোৰমা হাডিং গাঁৱলৈ...

বাখোৰমা হাডিং হৈছে পৰ্যটকসকলৰ বাবে এক অতি আকর্ষণীয় স্থান । এই ঠাইৰ পৰা হাফলং, মাহুৰ আৰু মাইবঙৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি ।

Bakhorma Hading
অৰ্কিডৰে ভৰি আছে ডিমা হাছাওৰ বাখোৰমা হাডিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 2:24 PM IST

4 Min Read
Choose ETV Bharat

হাফলং: প্ৰকৃতিৰ ৰম্যভূমি হিচাপে খ্যাত ডিমা হাছাওৰ সৌন্দৰ্যৰ কথাই সুকীয়া ৷ জিলাখনৰ সদৰ চহৰ হাফলঙৰ পৰা ১৯ কিল’মিটাৰ নিলগত অৱস্থিত বাখোৰমা হাডিং গাঁও । চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিশেষকৈ অৰ্কিডৰ বাবে জনাজাত এই ঠাইখন ।

অৰ্কিড পাৰ্ক নিৰ্মাণ

শেহতীয়াকৈ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ, বন বিভাগ আৰু ডিমা হাছাও পৰ্যটনৰ উদ্যোগত বাখোৰমা হাডিং অৰ্কিড পাৰ্ক নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা হৈছে । উদ্যানখনৰ লক্ষ্য হৈছে বিৰল আৰু স্থানীয় প্ৰজাতিকে ধৰি অঞ্চলটোৰ অৰ্কিডসমূহ সংৰক্ষণ কৰা আৰু পৰ্যটকসকলক ইয়াৰ সংৰক্ষণৰ বিষয়ে বিভিন্ন তথ্য প্ৰদান কৰা ।

অৰ্কিড পাৰ্ক নিৰ্মাণৰ প্ৰকল্প গ্ৰহণ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ (ETV Bharat Assam)

বাখোৰমা হাডিং হৈছে পৰ্যটকসকলৰ বাবে এক অতি আকর্ষণীয় স্থান । এই ঠাইৰ পৰা হাফলং, মাহুৰ আৰু মাইবঙৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি । এই স্থানলৈ আহিলে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ সৌন্দৰ্যও উপভোগ কৰিব পাৰিব পৰ্যটকসকলে ।

বাখোৰমা হাডিঙৰ অৰ্কিডৰ বৈচিত্ৰ্য

ডিমা হাছাওৱে ইয়াৰ ব্যতিক্ৰমী অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে স্বীকৃতি লাভ কৰিছে আৰু বাখোৰমা হাডিং ইয়াৰ এক উদাহৰণ ৷ ইয়াত অন্যান্য উদ্ভিদ আৰু প্ৰাণীৰ লগতে ৩৫০ টাতকৈও অধিক অৰ্কিড প্ৰজাতি আছে ।

Bakhorma Hading
বাখোৰমা হাডিং গাঁৱত পোৱা অৰ্কিডৰ ফটো (ETV Bharat Assam)

অৰ্কিড উৎসৱ

বাখোৰমা হাডিঙত প্ৰতি বছৰে অৰ্কিডৰ সৌন্দৰ্য উদযাপন আৰু সংৰক্ষণৰ প্ৰচাৰৰ বাবে অৰ্কিড উৎসৱ অনুষ্ঠিত কৰা হয় ৷ বাখোৰমা হাডিং অৰ্কিড পাৰ্ক নামৰ উদ্যানখনত ট্ৰেকিং পথ, শিক্ষামূলক প্ৰদৰ্শনী আৰু অৰ্কিডৰ যত্ন আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

পৰ্যটনৰ সম্ভাৱনা

প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে বাখোৰমা হাডিঙক ডিমা হাছাওৰ সম্ভাব্য পৰ্যটনস্থলী আৰু পৰিৱেশ পৰ্যটনৰ কেন্দ্ৰ হিচাপে দেখা যায় । এই উদ্যানখন অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ আৰু বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ ।

Bakhorma Hading
প্ৰকৃতিৰ আশীৰ্বাদপুষ্ট ডিমা হাছাওৰ এখন ঠাই (ETV Bharat Assam)

ঐতিহাসিক তাৎপৰ্য

কাছাৰী ৰাজ্যৰ অংশ হোৱাৰ লগতে বিভিন্ন জনজাতীয় গোটৰ বসতিকে ধৰি চহকী ইতিহাস থকা ডিমা হাছাওত বাখোৰমা হাডিং অৱস্থিত । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই বাখোৰমা হাডিং সন্দৰ্ভত এনেদৰে কয়, ‘‘বাখোৰমা হাডিঙত নেচাৰেল অৰ্কিড আছে আৰু এই বাখোৰমা হাডিঙত অৰ্কিড গাৰ্ডেন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ উপৰি কণমানি ল’ৰা-ছোৱালীসকলৰ বাবে এখন পার্ক নিৰ্মাণ কৰা হ’ব । নিৰ্মাণ কৰা হ’ব পৰ্যটকসকলৰ বাবে এটা মন্দিৰ ।’’

তেওঁ লগতে কয়, ‘‘পৰ্যটকসকলৰ বাবে অতি আকৰ্ষণীয় স্থান হৈছে বাখোৰমা হাডিং । ইয়াৰ বতৰ পৰ্যটকসকলৰ বাবে অত্যন্ত ভাল ৷ এই ঠাইলৈ আহিলে পৰ্যটকসকলে হাফলং, মাইবং আৰু মাহুৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব । আগতে জংঘলত যিসকলে বসবাস কৰিছিল, ইয়াৰ তলত গুহা আছে য’ত এতিয়া মানুহে বসবাস কৰি আছে । ইয়াত বগা হৰিণ পোৱা যায় । পূৰ্বে বাখোৰমা হাডিঙত বগা হৰিণৰ সন্ধান পোৱা গৈছে ৷ এতিয়া মাহুৰৰ নানাডিচা গাঁৱৰ পৰা বাখোৰমা হাডিঙলৈকে এটা ট্ৰেকিং পইণ্ট নিৰ্মাণ কৰা হ’ব । এই কাম কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লগতে বন বিভাগ আৰু স্থানীয় লোকসকলে ।’’

Bakhorma Hading
এপাহি ফুলি থকা অৰ্কিড (ETV Bharat Assam)

গাৰ্লোচাই যিসকলে যান-বাহনৰ ব্যৱসায় আৰু হোটেল ব্যৱসায়ৰ লগত জড়িত, তেওঁলোকক বাখোৰমা হাডিঙলৈ পৰ্যটকসকলক আনিবলৈ আহ্বান জনায় ৷ যাতে ইয়ালৈ আহি পৰ্যটকসকলে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰে । সমান্তৰালকৈ ঠাইখিন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ পৰ্যটকসকলক আহ্বান জনাই গাৰ্লোচাই ৷

বাখোৰমা হাডিঙলৈ কেনেকৈ যাব

হাফলঙৰ পৰা ১৯ কিলোমিটাৰ নিলগত থকা বাখোৰমা হাডিঙলৈ যোৱাৰ বাবে গুৱাহাটীৰ পৰা ৰে’ল বা বাহনৰ সু-ব্যৱস্থা আছে ৷ উত্তৰ-পূব সীমান্ত ৰে'ল বিভাগে হাফলঙলৈ অহা-যোৱা কৰিবলৈ গুৱাহাটীৰ পৰা পৰ্যটকসকলৰ বাবে এখন বিশেষ ভিস্তাডম ৰে'লৰ চলাচল আৰম্ভ কৰিছে । এই বিশেষ ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত পাহাৰৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকসকলে । গুৱাহাটীৰ পৰা হাফলঙৰ দূৰত্ব হৈছে ২০৩ কিলোমিটাৰ । গুৱাহাটীৰ পৰা নগাঁও-লামডিং হৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে হাফলঙত উপস্থিত হোৱাৰ পিছত পোনে পোনে যাব পাৰি বাখোৰমা হাডিঙলৈ ৷

লগতে পঢ়ক: কংক্ৰিটৰ চহৰৰ মাজত থকা এখন বিশেষ উদ্যান- য‘ত পোৱা যায় এবিধ-দুবিধ নহয়, এশবিধতকৈ অধিক ঔষধি গছ