মিজোৰামৰ বাবে ঐতিহাসিক দিন; সাক্ষী হ'ব সমগ্ৰ দেশ
ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব মিজোৰাম । প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৫১.৩৮ কিঃমিঃ দৈৰ্ঘৰ ভৈৰৱী-চাইৰাং ৰে'ল প্ৰকল্প ।

Published : September 12, 2025 at 7:56 AM IST
হাফলং : মিজোৰামবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ দিশত । কিয়নো দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল উত্তৰ পূব ভাৰতৰ মিজোৰামৰ ৰাজধানী আইজল । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৈৰৱী-চাইৰাং ৰে'ল প্ৰকল্পৰ শুভ উদ্বোধন কৰিব । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ চাইৰাঙৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ, চাইৰাং-কলকাতা এক্সপ্ৰেছ আৰু চাইৰাং-গুৱাহাটী এক্সপ্ৰেছ এই তিনিখন ৰে'লৰ ফ্লেগ অফ কৰিব ।
ইতিমধ্যে ভৈৰৱী-চাইৰাং নতুন ৰে'লপথৰ উদ্বোধনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই । এই উদ্বোধনী অনুষ্ঠান চোৱাৰ সুবিধাৰ বাবে ডিমা হাছাও জিলাৰ নিউ হাফলং ষ্টেচনত বিয়লি ৩.৩০ মান বজাত এখন অনুষ্ঠানৰ আয়োজন কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন ৰে'লপথৰ সকলো কাৰ্যসূচী ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাইজে চাব পাৰিব । একেদিনাই উত্তৰ পূবৰ ৰে'লৰ আন্তঃগাঁথনি উন্নয়নসহ ৯০০ কোটি টকাৰ বিভিন্ন আঁচনিৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

উল্লেখ্য যে ভৈৰৱী-চাইৰাং নতুন ৰে'লপথে সংযোগ কৰিব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰ পূবৰ ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক । ২০১৪ চনত আৰম্ভ হোৱা ৫১.৩৮ কিলোমিটাৰৰ ভৈৰৱী-চাইৰাং ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে মুঠ ব্যয় হৈছে ৮০৭১ কোটি টকা । এই ৰে'লপথ নিৰ্মাণৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষক ব্যাপক প্ৰতিকূলতাৰ সন্মুখীন হ'ব লগা হৈছে ।

অৱশেষত শনিবাৰে সকলো প্ৰত্যাশাৰ অন্ত পৰিব । ভৈৰৱী-চাইৰাং ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথত আছে ৪৮ টা সুৰংগ আৰু ৫৫ খন ডাঙৰ দলং আৰু ৪৭ খন সৰু দলং । ইয়াৰ মাজতে ১৯৬ নম্বৰ দলংখন হৈছে কুতুবমিনাৰকৈও ওখ । দলংখনৰ মুঠ উচ্চতা হৈছে ১১৪ মিটাৰ । কুতুবমিনাৰতকৈও ৪২ মিটাৰ বেছি ওখ । ২৬ বছৰ পূৰ্বে এই ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল যদিও পৰীক্ষণৰ কাম যোৱা ৫ মে'ত সম্পন্ন হৈছিল । ইয়াৰ পাছতে দিয়া হৈছিল যাত্ৰীবাহী ৰে'ল চলোৱাৰ বাবে সেউজ সংকেত ।

মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি লুচাই পাহাৰৰ বুকুৱেদি এতিয়া এই ৰে'লপথ পৰ্যটকসকলৰ বাবে হ'ব অন্যতম কেন্দ্ৰবিন্দু । পৰ্যটকসকলৰ বাবে এতিয়া উত্তৰ পূবৰ এই ৰাজ্য ভ্ৰমণ কৰাও সহজ হৈ উঠিব । আইজলক ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা ইমান সহজ নাছিল কাৰণ বিপদসংকুল পাহাৰ সুৰংগ নিৰ্মাণ, পাহৰীয়া নৈৰ ওপৰত দলং নিৰ্মাণ আছিল প্ৰত্যাহ্বানজনক । ইয়াৰ উপৰিও চাইৰাং দলঙৰ নিৰ্মাণৰ কাম কৰাৰ সময়ত ২০২৩ চনত ৰেলিং ভাঙি ২৬ গৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল । অৱশেষত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া আৰু এই ৰে'লপথ নিৰ্মাণৰ কামত জড়িত অভিযন্তা, ৰে'ল কৰ্মচাৰীৰ অহৰহ প্ৰচেষ্টাত ভৈৰৱী-চাইৰাং ৰে'লপথৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।
লগতে পঢ়ক :নগাই আকৌ চলালে জৰীপ; মৰিম-মাৰিম সংকল্পৰে নগাৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা

