ETV Bharat / state

বিহুলৈ বিহুৱান বোৱাত ব্যস্ত এজাক শিপিনী

পদূলিত ৰঙালী । শিপিনীৰ গাত তৎ নাই । বাইহাটাত শুনা গৈছে কেৱল তাঁতশালৰ খিটখিটনি ।

Baihata weaver busy in weaving Assamese traditional Gamocha for Bihu
বিহুলৈ বিহুৱান বোৱাত ব্যস্ত এজাক শিপিনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 29, 2025 at 6:11 PM IST

2 Min Read
Choose ETV Bharat

বাইহাটা: পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু । বিহু কৰ্মশালাৰ ঢোলৰ চাপৰত কঁপিছে উজনি-নামনি । চৌদিশে যেন ব্যস্ততাৰ অন্ত নাই ! বিহুৱা-নাচনীকে আদি কৰি কাৰোৰে যেন আহৰি নাই ! একাংশ অসমীয়াই ব্যস্ত হৈ পৰিছে ঢোল, পেঁপা, গগনা আদিকে ধৰি বহু বিহুৰ বাবে প্ৰয়োজনীয়া সা-সামগ্ৰী নিৰ্মাণত । আহৰি নাই শিপিনীসকলৰো ।

মূৰ তুলিবলৈকো যেন আহৰি নাই বাইহাটা চাৰিআলিৰ একাংশ শিপিনীৰ । বাইহাটা চাৰিআলিতো শুনা গৈছে মাকোৰ খিটখিটনি । তাঁতৰ পাতত ব্যস্ত একাংশ শিপিনী । বিহুৰ বতৰত আপোনজনক বিহুৱান হিচাপে একোখন ফুলাম গামোচা দিয়াৰ মানসেৰে চেনেহৰ দীঘেৰে মৰমৰ বানীৰে বিহুৱান তৈয়াৰ কৰাত ব্যস্ত শিপিনীসকল । লগে-ভাগে মিলি বিহুৱান তৈয়াৰ কৰাৰ বাবে তাঁতশালত ব্যস্ত হৈ পৰিছে এইসকল শিপিনী ।

বিহুলৈ বিহুৱান বোৱাত ব্যস্ত এজাক শিপিনী (ETV Bharat Assam)

এই কৰ্মত জড়িত এগৰাকী শিপিনীয়ে কয়, "ৰাঙলীৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত । যিহেতু ৰঙালী বিহুলৈ বেছিদিন নাই । ইতিমধ্যেই তাঁতশালত গামোচা বোৱা হৈ আছে আৰু জ্যেষ্ঠ, কনিষ্ঠসকলক বিহুৱান হিচাপে গামোচা উপহাৰ দিয়া হ'ব ।" আন এগৰাকী শিপিনীয়ে কয় যে যিহেতু তেওঁলোকে কোনো মেচিন ব্যৱহাৰ কৰি গামোচা তৈয়াৰ নকৰে তাৰ বাবে তাঁতশালতে হাতেৰে গামোচাবোৰত ফুল তোলা হয় । হেণ্ডলুম আৰু পাৱাৰলুমৰ মাজত যথেষ্ট পাৰ্থক্য আছে । যাৰ বাবে চৰকাৰেও হেণ্ডলুমৰ গামোচাই ক্ৰয় কৰে ।

লগতে শিপিনীগৰাকীয়ে কয়, "গামোচাখনৰ দুই মূৰে ছয় ইঞ্চিৰ ফুল তুলিলে চৰকাৰৰ ফালৰ ২০০ টকাকৈ ক্ৰয় কৰে আৰু একদৰে চাৰি ইঞ্চিকৈ ফুল তুলিলে ক্ৰয় কৰে ১৬৫ টকাকৈ ।" এইবাৰ প্ৰায় দুশখন গামোচা লগোৱা বুলি উল্লেখ কৰে শিপিনীগৰাকীয়ে । তাঁতশালত ব্যস্ত আন এগৰাকী শিপিনীয়ে জনাই যে এইবাৰ তেওঁলোকে ৫০ খন গামোচা লগাইছে । এইবোৰ হাতে হাতে বিক্ৰী কৰাৰ লগতে অনলাইন যোগেও এইসমূহ গামোচা বিক্ৰী কৰা হয় ।

লগতে পঢ়ক: পদূলিত হেঁপাহৰ ৰঙালী; খিতিক খিতিক কৰি তাঁত বোৱাত ব্যস্ত শিপিনী গাঁৱৰ লাহৰী - BOHAG BIHU 2025

পত্নীক সহায় কৰিবলৈ গৈ দক্ষ শিপিনী হ'ল অনিল শইকীয়া - WEAVER COUPLE OF KALIABOR