ETV Bharat / state

বিহুৱাৰ হাতত ঢোলটো তুলি দিবলৈ দিন-ৰাতি এক কৰিছে তেওঁলোকে

বাইহাটাত বিহু ঢোল নিৰ্মাণত ব্যস্ত একাংশ ব্যৱসায়ী ।

MAKING FOLK INSTRUMENTS FOR BIHU
বাইহাটাত বিহু ঢোল নিৰ্মাণত ব্যস্ত একাংশ ব্যৱসায়ী । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 2:00 PM IST

2 Min Read
Choose ETV Bharat

বাইহাটা: ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী । ৰাজ্যৰ চৌদিশে চলিছে বাপোতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি । ডেকা-গাভৰু, কিশোৰ-কিশোৰী সকলো ব্যস্ত হৈ পৰিছে ব’হাগ বিহুক আদৰিবলৈ ।

কোনোৱে যদি তাঁতৰ পাতত ব্যস্ত, কোনো কোনো আকৌ ব্যস্ত বিহুনাচৰ কৰ্মশালা আৰু আখৰাত । ইয়াৰ সমান্তৰালকৈ একাংশ শিল্পী ব্যস্ত হৈ পৰিছে বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাত । ব্যস্ত এতিয়া বাইহাটা চাৰিআলিৰ সমীপৰ মুক্তাপূৰস্থিত মা কালী বাদ্য ভাণ্ডাৰৰ ঢোল নিৰ্মাতাসকলো ৷ বংশানুক্ৰমে বিহুৰ বাবে ঢোল নিৰ্মাণ কৰি অহা এই শিল্পীসকলে দিন-ৰাতি একাকাৰ কৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নিৰ্মাণ কৰিছে বিহুৰ মূল বাদ্য ঢোল ।

বাইহাটাত বিহু ঢোল নিৰ্মাণত ব্যস্ত একাংশ ব্যৱসায়ী (ETV Bharat Assam)

লগতে পঢ়ক : কছাৰী কছাৰী সোণোৱাল কছাৰী... অ' মোৰ সোণ সোণাই ঐ... শদিয়াত পাতি লং থান

লগতে পঢ়ক : বাঁহীৰ সুৰত সাৰ পোৱা গাঁওখনলৈ যাওঁ আহক...

সংবাদ মাধ্যমৰ আগত ঢোল নিৰ্মাতা এগৰাকীয়ে কয়, "এইবাৰ ব’হাগ বিহুৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৬০ পৰা ৭০ টা বিহু ঢোল নিৰ্মাণ কৰা হৈছে । এতিয়ালৈকে বিহুৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ২৫ টা মান ঢোল বিক্ৰী হৈছে । নতুন ঢোল বিক্ৰী কৰাৰ উপৰিও আমাৰ ইয়াত পুৰণা ঢোলৰো পুনৰ মেৰামতি কৰা হয় ৷ কিছু গ্ৰাহকে পুৰণা ঢোল জমা দি নতুনকৈ বনোৱা ঢোলো নিছে ৷ ইয়াৰ উপৰিও বিহুৰ বাবে আমাৰ ইয়াত নতুন ঢোলৰ লগত গগনা, বেগ আদি বিনামূলীয়াকৈও দিয়া হৈছে ৷’’

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয়, "আমি প্ৰায় বিশ বছৰ ধৰি এই ঢোল ব্যৱসায়ৰ লগত জড়িত আছো ৷ ঢোল নিৰ্মাণত ব্যৱহাৰ হোৱা কেঁচা মালবোৰ এইবাৰ বঙাইগাঁৱৰ পৰা অনা হৈছে ৷ আমাৰ ইয়াত চাৰি হাজাৰ টকাৰ পৰা আৰম্ভ কৰি আঠ, ন হাজাৰ টকা দামৰ বিহু ঢোল পোৱা যায় ৷"

লগতে পঢ়ক : বিহুৱে নঙলা খোলো খোলো... ! নাচনীৰ গচকত দূবৰি মৰিছে-বৰটি টানি ওলাইছে ঢুলীয়াও

লগতে পঢ়ক : অতীজৰে পৰা বিহুত ব্যৱহৃত হৈ অহা এই বাদ্যযন্ত্ৰসমূহৰ কথা আপুনি জানেনে ?