ETV Bharat / state

বদৰুদ্দিন আজমল জীয়াই থকালৈকে এজনো প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই বাংলাদেশলৈ পঠাব নোৱাৰিব: ক’লে খোদ আজমলে

চৰকাৰৰ বিৰুদ্ধে হঠাতে সৰৱ হৈ পৰিল প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল ।

AIUDF PRESIDENT BADRUDDIN AJMAL
প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 12:38 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানক লৈ সৰৱ হৈ পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল । ৰাজ্যখনৰ শেহতীয়া এই পৰিস্থিতি সন্দৰ্ভত আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "মই বিগত দুমাহৰ পৰা মুম্বাইত বিচনাত আছো । দুই-আঢ়ৈ মাহ ধৰি অসমলৈ যাব পৰা নাই । আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক অবৈধভাৱে পুচবেক কৰা হৈছে । এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক । এই ঘটনাই দেশৰে নহয়, সমগ্ৰ বিশ্বত অসমৰ লগতে ভাৰতৰ নাম বদনাম কৰিছে । আমি চকু তুলি চাব পৰা নাই । আমাৰ দল কেতিয়াও বিদেশীৰ পক্ষত নাই । যি দেশৰে নহয় বিদেশী যাব লাগে । বিদেশী বহিষ্কাৰ ভাৰতীয় আইনৰ আধাৰত হ'ব লাগে । কিন্তু অসম চৰকাৰে তাকে নকৰি কেৱল নিজৰ জেদৰ বাবে এনেদৰে মানুহবোৰক সীমান্তলৈ নি অবৈধভাৱে পুচ কৰিছে । শিশুকে ধৰি পুৰুষ-মহিলাক সীমান্তৰ সিপাৰে এৰি দিয়া হৈছে । আনকি স্কুলৰ শিক্ষকো আছে । এনেকুৱা ঘটনা গোটেই বিশ্বত নাই, আমাৰ অসমত হৈছে । আমাৰ মুখ্যমন্ত্রীয়ে নিজৰ ক্ষমতা দেখুৱাবৰ বাবে এইটো কৰিছে ।’’

আজমলে লগতে কয় ‘‘এই খবৰ পোৱাৰ লগে লগে মই মোৰ দলৰ বিধায়কসকলক ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে নিৰ্দেশ দিছিলো । মই ৰাজ্যপালক ধন্যবাদ জনাইছো যে তেখেতে এই বিষয়টোত লগে লগে এক্সন লৈছে । তেখেতে কৰিম বুলি কৈ কৰি দেখুৱাইছে । যাৰ বাবে ৰাজ্যপালক মই বিশেষভাৱে ধন্যবাদ জনাইছো । মই মোৰ দলীয় নেতা-কৰ্মীসকলকো ধন্যবাদ জনাইছো । তেওঁলোকে এই বিপদৰ সময়ত সেইসকল লোকৰ কাষত থিয় দিছে । কংগ্ৰেছ, অখিল গগৈ বা অন্য কোনো ৰাজনৈতিক দল তাত যোৱা নাই আৰু মানুহবোৰৰ খবৰো লোৱা নাই । সকলোকে মুছলমানৰ ভোট লাগে যদিও মুছলমানৰ বিপদৰ সময়ত তেওঁলোকক পোৱা নাযায় ।’’

বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানক লৈ সৰৱ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল (ETV Bharat Assam)

‘‘অসমৰ ৰাইজে সকলো দেখি আছে । বিপদৰ সময়ত কেৱল এ আই ইউ ডি এফ থিয় হৈছে । আমাৰ বিধায়কৰ এটা টীম দিল্লীলৈ গৈছে । দিল্লীৰ ডাঙৰ ডাঙৰ অধিবক্তাৰ লগত আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । মই এটা কথা ক'ব বিচাৰো যে বদৰুদ্দিন আজমল জীয়াই থকালৈকে এজনো প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই বাংলাদেশলৈ পঠাব নোৱাৰিব । সকলোৱে নিজৰ কাগজ-পত্র যিমান ঠিক কৰিব লাগে কৰক । আমি যুঁজ কৰি যাম ৷’’ আজমলে কয় ৷

উল্লেখ্য যে বদৰুদ্দিন আজমলে দলৰ কাৰ্যকৰী সভাপতি ছিৰাজুদ্দিন আজমল, বিধায়ক মুজিবৰ ৰহমান, বিধায়ক আশ্ৰাফুল হুছেইন, দলৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে চম্পক কলিতা আৰু আব্দুল হাইক লগত লৈ মুম্বাইৰ পৰা ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক: পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি; অসমসহ ৮ খন ৰাজ্যত এন আই এৰ তালাচী