ETV Bharat / state

জুবিন এক ঐশ্বৰিক শক্তি: শ্ৰদ্ধাঞ্জলি জনাই সাধু বাবায়ো ক'লে

জুবিন এক পবিত্ৰ আত্মা আছিল । এই পবিত্ৰ আত্মাৰ পৰা তেওঁ দৈৱিক শক্তি লাভ কৰিছিল । এই মন্তব্য বাবা কালি দাসৰ ।

Baba Kali Das tribute to Zubeen
জুবিন এক ঐশ্বৰিক শক্তি: শ্ৰদ্ধাঞ্জলি জনাই সাধু বাবায়ো ক'লে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 6:32 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জাতি-ধৰ্ম-বৰ্ণ বাদেও ৰাজ্য তথা দেশৰ সকলো শ্ৰেণীৰ মানুহেও বৰ্তমান জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ গুণৰাজিৰ প্ৰশংসা তথা স্মৰণ কৰিছে । জুবিন গাৰ্গৰ সংগীতৰ অনুৰাগী তথা তেওঁৰ গুণমুগ্ধৰ কথা বাদে দিয়ক, ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা সাধু-সন্তয়ো একেমুখে স্বীকাৰ কৰিছে জুবিন গাৰ্গৰ মহানুভৱতা তথা তেওঁৰ জীৱন দৰ্শনৰ কথা । এইবাৰ জুবিনক এক ঐশ্বৰিক শক্তি বুলি স্বীকাৰ কৰিলে এগৰাকী প্ৰখ্যাত সন্ন্যাসীয়ে ।

প্ৰসিদ্ধ বাবা কালি দাস শনিবাৰে উপস্থিত হয় জুবিন গাৰ্গৰ বাসগৃহত । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দিল্লীৰ পৰা আহিছে বাবা কালি দাস ।

জুবিন এক ঐশ্বৰিক শক্তি: শ্ৰদ্ধাঞ্জলি জনাই সাধু বাবায়ো ক'লে (ETV Bharat Assam)

"জুবিন এক ঐশ্বৰিক শক্তি ৷ তেওঁ সংসাৰত বহুখিনি দি থৈ গ'ল । তেওঁ সংসাৰৰ পৰা মোক্ষ প্ৰাপ্তি কৰিলে ।" জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে বাবা কালি দাসে ।

আনহাতে, বাবা কালি দাসে জনোৱা মতে, তেওঁ জুবিন গাৰ্গক দুবাৰ লগ পাইছে । তেতিয়াৰে পৰা তেওঁৰ অনুৰাগী আছিল বাবা কালি দাস । জুবিনৰ গান তেওঁৰ প্ৰিয় আছিল ।

জুবিন গাৰ্গৰ কথা স্মৰণ কৰি বাবা কালি দাসে কয়, "জুবিন বহুত পবিত্ৰ আত্মা আছিল । তেওঁ দেশ, জাতিৰ বাবে বহু কাম কৰিলে । তেওঁৰ পবিত্ৰ আত্মাৰ মুক্তি আৰু পৰিয়ালৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ।"

তেওঁ লগতে কয়, "নৱৰাত্ৰি চলি থকাৰ বাবে মই আহিব পৰা নাছিলোঁ । বিসৰ্জনৰ বাবে দিল্লীলৈ গৈছিলোঁ আৰু দিল্লীৰ পৰা পুৱা গুৱাহাটী পাইছোঁ । এতিয়া জুবিন গাৰ্গৰ ঘৰত আহি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ।"

তেওঁ লগতে কয়, "মই এজন সন্ন্যাসী । এক ঐশ্বৰিক শক্তি, ভগৱানৰ দৈৱিক শক্তি আছে বুলি জানো । মই সেই কাৰণে আহিছোঁ । ই এক পবিত্ৰ আত্মা আছিল । এই পবিত্ৰ আত্মাৰ পৰা এক দৈৱিক শক্তি লাভ কৰিছিল । সংসাৰত চতুৰ্থ শ্ৰেণী প্ৰাপ্তি কোনো সৰু কথা নহয় ।"

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰে সমগ্ৰ ৰাজ্য । প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কাহিলিপাৰাস্থিত জুবিনৰ বাসগৃহৰ লগতে সৰুসজাই ষ্টেডিয়াম আৰু সোণাপুৰৰ শেষকৃত্যস্থলীত হাজাৰ হাজাৰ অনুৰাগীৰৰ সোঁত বয় । একে দৃশ্য পৰিলক্ষিত হয় যোৰহাটত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো ।

লগতে পঢ়ক :গৰিমাৰ হাতত অৰ্পণ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
লগতে পঢ়ক :ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ কেতিয়া লৈছিল জুবিন গাৰ্গে