জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ প্ৰতিবাদত স্তব্ধ দ্বিতীয় ৰাজধানী
ডিব্ৰুগড়ত বিশাল গণ সমাবেশ চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ ।

Published : October 13, 2025 at 9:02 PM IST
মৰাণ : হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ দ্বিতীয় ৰাজধানী । জনজাতিকৰণৰ দাবীত উজনিত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে । চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে দল-সংগঠন । ইয়াৰ মাজতেই জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ উত্তাল প্ৰতিবাদ ।
বহু কেইটা দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতেই সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্র সন্থাৰ যৌথ উদ্যোগত চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু চাহ শ্রমিকক ভূমি পট্টা দিয়াৰ দাবীত ডিব্ৰুগড়ত বিশাল গণ সমাবেশৰ আয়োজন কৰে । জিলাখনৰ শতাধিক চাহ বাগিচাৰ কাম বন্ধ কৰি চাহ জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰিলে এই গণ সমাবেশত ।
চৌকিডিঙী চাৰিআলিত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় ৰাইজে সমবেত হৈ জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত হাতত প্লেকাৰ্ড বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে । ডিব্ৰুগড় চহৰৰ মাজমজিয়াত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে আজি স্তব্ধ হৈ পৰিল ডিব্ৰুগড় চহৰ ।
এই বিশাল গণ সমাবেশত জনগোষ্ঠীটোৰ সকলো নেতাই অংশগ্ৰহণ কৰি ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান কৰিবলৈ হুংকাৰ প্ৰদান কৰে।
ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰা হ'ব :
এই গণ সমাবেশত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয়, "জনগোষ্ঠীৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে আমি প্ৰতিটো দল- সংগঠনে পৃথকে পৃথকে আন্দোলন কৰি আহিছিলো । কিন্তু চৰকাৰে আমাৰ দাবী মানি নল'লে । মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ সমস্যাক লৈ ভেঙুচালি কৰে । আমাক জনজাতিকৰণ দিব লাগিব । পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জনগোষ্ঠীটোৰ দাবীসমূহ পূৰণ নকৰিলে, সেয়ে তেওঁলোকক শাসনৰ পৰা বিদায় দিয়া হ'ল । কিন্তু বিজেপি চৰকাৰে ১০০ দিনত হাজিৰা বৃদ্ধি কৰা কথা কৈছিল, জনজাতিকৰণ আৰু মাটি পট্টা দিম বুলি কৈছিল কিন্তু নকৰিলে । নিৰ্বাচনলৈ বেছি দিন নাই । নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ইয়াতকৈ ভয়ংকৰ আনন্দোলন কৰা হ'ব ।"

ছয় জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন:
এই কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই কয়, "জনজাতিকৰণৰ আন্দোলন ছয় জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি আন্দোলন । ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে ক'ৰ কোনখন সংবিধান পঢ়ি মন্তব্য কৰিছে নাজানো । কিন্তু জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবীক লৈ আন এটা জনগোষ্ঠীয়ে বাধা প্ৰদান কৰিলে অসম অশান্ত হ'ব । আদিত্য খাকলাৰীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । লগতে চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰিব লাগে ।"

