কলগাছিয়াত সম্পত্তিৰ লোভত বিধৱা মহিলাক হত্যাৰ চেষ্টা - ATTEMPT TO MURDER
Attempt to murder in Barpeta : দুই কন্যা সন্তানৰ চকুৰ সন্মুখতেই মাতৃক দলবদ্ধ আক্ৰমণ । হাত-ভৰি বান্ধি হত্য়াৰ চেষ্টা চলালে স্বামী পৰিয়ালে । চুবুৰীয়াৰ আগমনৰ উমান পাই পলায়ন কৰে আক্ৰমণকাৰীয়ে ।

Published : September 6, 2024 at 3:45 PM IST
জনীয়া, ৬ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । সম্পত্তিৰ লোভত ৰাছিদা খাতুন নামৰ এগৰাকী বিধৱা মহিলাক স্বামী পৰিয়ালৰ লোকে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰায় চাৰি বছৰ পূৰ্বে ৰাছিদা খাতুনৰ স্বামী ময়নাল হকৰ মৃত্যু হৈছিল ।
স্বামীৰ মৃত্যুৰ পিছৰে পৰাই ৰাছিদা খাতুন আৰু দুই কন্যা সন্তানক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্য দুই ননদ আৰু ননদৰ স্বামী ক্ৰমে আব্দুল কৰিম আৰু ছবুৰ উদ্দিনে হত্যাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ ভাতৃয়ে ।
যোৱা চাৰি ছেপ্টেম্বৰৰ পুৱা দুই ননদ আৰু ননদৰ স্বামীয়ে দলবদ্ধভাৱে ৰাছিদা খাতুনৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি গালি-গালাজ কৰাৰ লগতে ঘৰৰ পৰা ওলাই যাবলৈ ভাবুকি দিয়ে । ভুক্তভোগী মহিলাগৰাকী অমান্তি হোৱাত দলবদ্ধভাৱে তেওঁৰ লগতে দুই কন্যা সন্তানক আক্ৰমণ কৰে । লগতে চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়ে । প্ৰাণৰ ভয়ত মহিলাগৰাকীয়ে দুই কন্যা সন্তানক লৈ নিৰাপত্তা বিচাৰি বুধবাৰে পুৱা কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
পুনৰ বৃহস্পতিবাৰে নিশা এই দলটোৱে বিধবা ৰাছিদা খাতুনৰ ঘৰলৈ গৈ দুই সন্তানৰ সন্মুখত ৰছীৰে হাত-ভৰি বান্ধি মাছ কটা দা আৰু ব্লেডেৰে শৰীৰৰ বিভিন্ন অংগত কটাৰ লগতে হত্যাৰ চেষ্টা কৰে । ইফালে, চুবুৰীয়াই চিঞৰ-বাখৰ শুনি আগুৱাই যোৱাত এই দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ আহত মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰায় ।
পৰৱৰ্তী সময়ত কলগাছিয়া আৰক্ষীয়ে অভিযুক্ত ননদৰ স্বামী ছবুৰ উদ্দিনক আটক কৰে । উল্লেখ্য যে পূৰ্বতেও কেইবাবাৰো মহিলাগৰাকীক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । কলগাছিয়া আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ'ব ।

