নাহৰৰ সুবাসেৰে জুবিনৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস
জুবিনৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস । লখিমপুৰত এহেজাৰ নাহৰৰ পুলি ৰোপণ ।

Published : September 25, 2025 at 1:50 PM IST
লখিমপুৰ : 'ঐ নাহৰ' বুলি চিঞৰি চিঞৰি গ'লগৈ অমৃতকণ্ঠ জুবিন গাৰ্গ । তেওঁৰ স্মৃতিত লখিমপুৰত অনুৰাগীয়ে ৰুলে এহেজাৰটা নাহৰৰ পুলি ।
লখিমপুৰত নাহৰৰ পাতে পাতে জুবিনক চোৱাৰ প্ৰয়াস । এহেজাৰ নাহৰৰ পুলি ৰোপণ । ঐ নাহৰ... ঐ নাহৰ... কেৱল নাহৰকে নহয়, প্ৰকৃতিক সৰ্বাত্মক ৰূপত তুলি অমৃতকণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে । জুবিনৰ এই সুৰীয়া সুৰ, প্ৰকৃতিক ভালপোৱা, প্ৰকৃতিক ভালপাবলৈ জনোৱা আবেদন নজহা-নপমা হৈ ৰ'ব ।
তেওঁৰ সৃষ্টিৰাজিৰ অন্যতম হ'ল অতি জনপ্রিয় 'ঐ নাহৰ' গীতটি । কায়িকভাৱে জুবিন গাৰ্গ আঁতৰি যোৱাৰ পাছত বহু অনুৰাগী বা গুণমুগ্ধই নাহৰৰ পাতে পাতে জুবিনক চোৱাৰ প্ৰয়াস কৰিছে । নাহৰণি গঢ়ি তুলি নাহৰৰ কুঁহিপাতত জুবিনৰ আবেদনক অনুভৱ কৰাৰ হেঁপাহ বহুজনৰ ।
লখিমপুৰত আজি তেনে প্ৰয়াসক বাস্তৱ ৰূপ দিলে জুবিনক প্ৰাণভৰি ভালপোৱা একাংশ লোকে । নগৰৰ সমীপত স্থানীয় যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত কোঁৱৰ গাঁৱৰ পৰা বৈছা গাঁও সংযোগী পথৰ দাঁতিত ৰুলে এহেজাৰ নাহৰৰ পুলি ।

কেৱল ৰোপণ কৰাই নহয়, পুলিখিনি ডাঙৰ কৰাৰ দায়িত্বও সকলোৱে ভগাই ল'লে । নাহৰৰ পুলি ৰোপণ কৰি মৰমৰ জুবিনৰ স্মৃতি যুগমীয়া কৰিব খুজিছে তেওঁলোকে । কেৱল স্মৃতি যুগমীয়া কৰাই নহয়, নাহৰৰ কোমল কুঁহিপাতত জুবিনৰ স্মৃতিকো বিচাৰিব ।
যি নাহৰক লৈ জুবিনে সকলোৰে মন-প্ৰাণ উতলা কৰা গীতত কণ্ঠ নিগৰাইছিল, সেই নাহৰৰ পুলি ৰোপণ কৰি ৰাইজে তাৰ পাতে পাতে জুবিনৰ ছবিখন চাবলৈ হাবিয়াস কৰিছে । বতাহৰ বা লাগি নাহৰৰ কুঁহিপাতৰ সুৰৰ লয়ত তেওঁলোকে আকৌ এবাৰ জুবিনৰ সুৰীয়া সুৰ শুনিবলৈ চেষ্টা কৰিব । নাহৰৰ পুলি ৰুই তেওঁলোকে আকৌ এবাৰ সমস্বৰে গালে 'মায়াবিনী নিশাৰ বুকুত...'

