ETV Bharat / state

কিয় গণকবৰ দিয়া হৈছিল আটাছুৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈক ?

আটাছুৱে পালন কৰিলে প্ৰথম জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ ৩৫ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷

Damchao Dimbeswar Gogoi is the First Martyr of ATASU
শ্বহীদ ডিম্বেশ্বৰ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 2:38 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : অসমৰ এটা অতি শক্তিশালী জনগোষ্ঠীয় ছাত্ৰ সংগঠন হ'ল টাই আহোম ছাত্ৰ সন্থা । আজি টাই আহোমৰ প্ৰথম জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈ শ্বহীদ দিৱস । চৰাইদেউৰ সাপেখাতীৰ ৰহনত অৱস্থিত আটাছুৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলীত ৩৫ সংখ্যক শ্বহীদ দিৱস পালন কৰিছে সংগঠনটোৱে ।

প্ৰতিবছৰে ৩০ জানুৱাৰীত টাই আহোম ছাত্ৰ সন্থাই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰথম জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈক শ্ৰদ্ধা জনাই শ্বহীদ দিৱস পালন কৰি আহিছে । আজি শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী বিমল বড়া উপস্থিত হৈ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ লগতে মৈদামত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনায় ।

আটাছুৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈ (ETV Bharat Assam)

জীৱনৰ আধা বেলাতে এই পৃথিৱীৰ পৰা বিদায় লোৱা অত্যন্ত সাহসী তথা জাতীয় চেতনাৰে দায়বদ্ধ সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈৰ সাপেখাতীৰ ৰহনস্থিত মৈদামত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই শ্বহীদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা লগতে সংস্থাপিত তেওঁ জাতিটোৰ বাবে দেখুৱাই যোৱা আদৰ্শ আৰু ভালপোৱাক আলোকপাত কৰে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাপেখাটি আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ।

Damchao Dimbeswar Gogoi is the First Martyr of ATASU
শ্বহীদ বেদীত মূৰ দোৱালে মন্ত্ৰী বিমল বড়াই (ETV Bharat Assam)

টাই আহোমৰ জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈক জানেনে :

টাই আহোম ছাত্ৰ সন্থাই জাতীয় শ্বহীদ হিচাপে বিবেচিত কৰা ডিম্বেশ্বৰ গগৈয়ে টাই আহোম জনগোষ্ঠীটোক একত্ৰিত কৰি জনগোষ্ঠীৰ লোকসকলক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে শক্তিশালী কৰাৰ বাবে নিজক উচৰ্গা কৰিছিল । চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰহনত ১৯৬৩ চনত জন্মগ্ৰহণ কৰা অতি মেধাসম্পন্ন ডিম্বেশ্বৰ গগৈয়ে উচ্চ শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে জাতিৰ বাবে কাম কৰাৰ বাবে আগবাঢ়ি আহিছিল ।

Damchao Dimbeswar Gogoi is the First Martyr of ATASU
শ্বহীদ ডিম্বেশ্বৰ গগৈ (ETV Bharat Assam)

জানিব পৰা অনুসৰি, ১৯৮২ চনত I.S.A (Indian student Association) নামৰ এটা সৰ্বভাৰতীয় ছাত্ৰ সংগঠনত জড়িত হৈ অসম ৰাজ্যিক কমিটীৰ সদস্য হৈছিল । ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক সংৰক্ষণকেন্দ্ৰিক আন্দোলনৰ পৰা আৰম্ভ হোৱা অসম সংযুক্ত সংৰক্ষণ আন্দোলন পৰিষদ (আৰ্মকা)নামৰ সংগঠনেৰে ডিম্বেশ্বৰ গগৈয়ে সংগ্ৰামী ধাৰা আৰম্ভ কৰিছিল ।

সেই সময়তে ১৯৮৮ চনৰ চৰাইদেউ জিলাৰ দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত নতুনকৈ জন্মলাভ কৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছিল মেধাৱী ডিম্বেশ্বৰ গগৈক ।

কাকপথাৰত গণকবৰ :

চৰাইদেউ জিলাৰ সহকাৰী সম্পাদক নুপুল গগৈয়ে কয়, ‘‘জনগোষ্ঠীৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়োৱা ডিম্বেশ্বৰ গগৈক ১৯৯১ চনত তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয় সন্মুখৰ পৰা ডিম্বেশ্বৰ গগৈক অপহৰণ কৰি কাকপথাৰত গণকবৰ দিছিল । অপহৰণ কৰা বিশ দিনৰ পাছত উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । অতি নিষ্ঠুৰভাৱে শাৰীৰিকভাৱে অত্যাচাৰ চলাই হত্যা কৰা হৈছিল ডিম্বেশ্বৰ গগৈক ।’’

Damchao Dimbeswar Gogoi is the First Martyr of ATASU
ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলী (ETV Bharat Assam)

‘‘এই ঘটনা আলফাই কৰা বুলি সকলোৱে দাবী কৰে যদিও আজিও আলফা(স্বা) ই এই ঘটনাৰ কাৰণ ৰাজহুৱা নকৰিলে । সেই সময়ত আলফা(স্বা) ই ডিম্বেশ্বৰ গগৈৰ সৈতে আন বহুকেইজনক কাকপথাৰত গণকবৰ দিছিল । তেতিয়াৰে পৰা ৩০ ডিচেম্বৰ তাৰিখটোত জাতীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে টাই আহোম ছাত্ৰ সন্থাই ।’’ তেওঁ কয় ৷

যাৰ স্বপ্নত এটা জাতিক আগুৱাই লৈ যোৱাৰ হেঁপাহ আছিল : মন্ত্ৰী বিমল বড়া

"সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জন্ম লগ্নৰে পৰাই জড়িত ডিম্বেশ্বৰ গগৈ এজন সংগ্ৰামী যুৱক আছিল । যাৰ স্বপ্নত এটা জাতিক আগুৱাই লৈ যোৱাৰ হেঁপাহ আছিল । কিন্তু অসমৰ ৰক্তাক্ত পৰিস্থিতিৰ বাবে কম বয়সতে হেৰুওৱাব লগা হ'ল । আজি তেওঁক শ্ৰদ্ধা জনাইছো । আশা কৰো ডিম্বেশ্বৰ গগৈয়ে জনগোষ্ঠীটোক লৈ যি সপোন দেখিছিল তাক আজিৰ নতুন প্ৰজন্মই আগুৱাই নিবলৈ চেষ্টা কৰিব ।" এইদৰে মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই ৷

লগতে পঢ়ক : জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি কৰা়টো কিমান লাভজনক জানেনে ?

লগতে পঢ়ক : ৰাজ্যৰ ভিতৰতেই কোনটো জিলা গ্ৰন্থাগাৰত পঢ়ুৱৈৰ সংখ্যা অধিক ?