ETV Bharat / state

ডাম্পাৰ পাছিঙৰ নামত ধন সংগ্ৰহ ! দালালৰ ৰূপত সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক - ASST ENFORCEMENT INSPECTOR ARRESTED

এইবাৰ চৰকাৰৰ নাক কাটিলে সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শকে । এতিয়া বশিষ্ঠ আৰক্ষী থানাৰ আলহী ।

Assistant Enforcement Inspector arrested
দালালৰ ৰূপত সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 2:24 PM IST

2 Min Read

গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰীয়ে দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দি থৈছে । দালালৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । কিন্তু চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে যদি অবৈধ কামত লিপ্ত হয় ! বিজেপি চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ চেষ্টা কৰিলেও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ যেন সেই কথালৈ কোনো গুৰুত্ব নাই ।

টেবুলৰ তলেৰে আৰু অবৈধভাৱে ধন সংগ্ৰহ অব্যাহত ৰাখিছে একাংশ বিষয়া-কৰ্মচাৰীয়ে । সেই কথা পুনৰ প্ৰমাণ কৰিলে কামৰূপ মহানগৰৰ এজন সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শকে । ট্ৰাক, ডাম্পাৰ আদিৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে নৱ ডেকা নামৰ সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শকজন ।

দালালৰ ৰূপত সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক (ETV Bharat)

উল্লেখ্য যে যোৰাবাট, চৈধ্য মাইল, খানাপাৰাৰ বিভিন্ন অঞ্চলত শিল-বালি, ৰঙা মাটি কঢ়িওৱা ট্রাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ৰুজু কৰা হৈছিল । সেই গোচৰতে বশিষ্ঠ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মৰত সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক নৱ ডেকাক । ইয়াৰ পূৰ্বে ট্রাক, ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ গোচৰত আৰক্ষীয়ে সৌৰভ ৰংপি, কুলেন ৰংপি, নাছিৰুদ্দিন আহমেদ, বিপুল ইংতি আৰু ফাইডিংষ্টাৰ নংৰান নামৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।

এই সন্দৰ্ভত গুৱাহাটী পূব মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "যোৰাবাট, খানাপাৰা অঞ্চলত শিল-বালি, মাটি কঢ়িওৱা ট্রাক, ডাম্পাৰৰ পৰা 'পাছিঙ'ৰ নামত এটা চক্ৰই ধন সংগ্ৰহ কৰাৰ অভিযোগ আহিছিল । এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ দুটা গোচৰ ৰুজু কৰি ইতিপূর্বে ধন সংগ্রহত জড়িত তামুলীকুছিৰ ৫ জন অভিযুক্তক গ্রেপ্তাৰ কৰিছে । কালি এই গোচৰত কামৰূপৰ মহানগৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মৰত সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক নৱ ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।"

উল্লেখ্য যে কিছুদিন পূৰ্বে লালমাটিত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হৈছিল দুগৰাকী লোক । দুৰ্ঘটনাটোত কেইবাগৰাকী লোক আহত হৈছিল । গুৱাহাটী মহানগৰীত ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । তাৰ পিছতে মহানগৰ আৰক্ষীয়ে ডাম্পাৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে । কিন্তু যমদূতৰূপী ডাম্পাৰৰ পৰা খোদ পৰিবহণ কাৰ্যালয়ৰ বিষয়াই এনেদৰে ধন সংগ্ৰহৰ তথ্য পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ? - EXTORTION CASE IN HAFLONG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.