ETV Bharat / state

ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত বিধানসভা, নিলম্বিত অখিল গগৈৰ বিৰোধী দলপতিক সমালোচনা

বিৰোধীৰ প্ৰতিবাদত সদন উত্তপ্ত । বিধানসভাত বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ নাকচ ।

Akhil Gogoi Suspended Again
নিলম্বিত অখিল গগৈৰ বিৰোধী দলপতিক সমালোচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 11:05 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সাংসদ ৰকিবুল হুছেইনক নগাঁৱৰ ৰূপহীত দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক লৈ শুকুৰবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভাৰ মজিয়া ৷ ফলত দুবাৰকৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয় বিধানসভাৰ অধ্যক্ষ । বিধানসভাৰ পৰা নিলম্বন কৰা হয় বিধায়ক অখিল গগৈক । এই কাৰ্যৰ বাবে বিৰোধী দলপতিগৰাকীৰ ভূমিকাক সমালোচনা অখিল গগৈৰ ।

সভা স্থগিতৰ প্ৰস্তাৱ নাকচ :

সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ ওপৰত বিধানসভাৰ মজিয়াত আলোচনা কৰিবলৈ ’সভা স্থগিত’ ৰ প্ৰস্তাৱ আগবঢ়ায় বিৰোধীয়ে । বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে । অধ্যক্ষই প্ৰস্তাৱটো নাকচ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া । বিৰোধীৰ প্ৰতিবাদত সদন উত্তপ্ত কৰি 'হাই হাই' ধ্বনিৰে সদন ত্যাগ কৰে । প্ৰথমবাৰৰ বাবে অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে যদিও দ্বিতীয়বাৰৰ বাবে ২০ মিনিট সময় সভা স্থগিত ৰাখে ।

বিৰোধী কংগ্ৰেছৰ লগত সদনত প্ৰতিবাদত চামিল হয় অখিল গগৈ । গৃহমন্ত্ৰী আৰু গৃহ বিভাগৰ পৰা বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দাবী কৰে বিৰোধীয়ে । সদনক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰী বিবৃতি দাবী কৰিলে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ অৱশেষত ৰাজ্যৰ বাহিৰত থকা গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ হৈ সংসদীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিবৃতি আগবঢ়ালে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য:

বিৰোধীক আশ্বস্ত কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে, “জনপ্ৰতিনিধিৰ সুৰক্ষা নিশ্চিত কৰা হ’ব, ঘটনাৰ তদন্ত আৰম্ভ হৈছে । তদন্ত হওঁতে কিছু সময় নিশ্চয় লাগিব । গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াই কৰিব তদন্ত । অচিৰেই কৰায়ত্ব কৰা হ'ব দোষীক । কেইজনমান দোষী চিনাক্ত হৈছে । চৰকাৰী বিষয়াই যদি গাফিলতি কৰিছিল তেতিয়াও শাস্তি পাব” ৷

সৰৱ বিৰোধীৰ দলপতি:

আনহাতে, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই আৰক্ষীৰ গাফিলতিৰ কথা উল্লেখ কৰি ৰূপহীহাটৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰিব পৰাকৈ প্ৰাৰম্ভিক তথ্য প্ৰমাণ জমা দিলে বিধানসভাৰ অধ্যক্ষৰ হাতত । বিধানসভাত বিৰোধেৰ দলপতিগৰাকীয়ে কয়, “দোষীৰ বিৰুদ্ধে তদন্ত কৰি সোনকালে ব্যৱস্থা ল'ব লাগিব । এ পি এছ চি কেলেংকাৰীৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ দৰে যাতে দাখিলৰ পিছত দুবছৰ লেহেমীয়া নকৰে । শুকুৰবাৰৰ পিছৰ সদনৰ কাৰ্যসূচীৰ দিনটোৰ আগত যাতে তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয় তাৰ বাবে আহ্বান জনালো । সদনৰ পৰৱৰ্তী দিনটোৰ পূৰ্বেই দোষীক বিচাৰি উলিয়াওক । অন্যথা আকৌ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব কংগ্ৰেছে” ৷

এঘণ্টাৰ বাবে নিলম্বন অখিল গগৈক:

আনহাতে, এই বিষয়ত প্ৰতিবাদ কৰাৰ পিছতেই সদনৰ পৰা এঘণ্টাৰ বাবে বিধানসভাৰ অধ্যক্ষই নিলম্বন কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক । এই সন্দৰ্ভত অখিল গগৈয়ে কয়, ''বিধানসভাৰ পৰা মোক নিলম্বন কৰিছে ৷ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক লৈ মাত মতাৰ বাবেই নিলম্বন ৷ সেই ঠাইত পূৰ্বতেও কংগ্ৰেছ দলৰ ৭ বিধায়কক আক্ৰমণ কৰিছিল ৷ বিৰোধীৰ কোনো নেতা ৰাইজৰ মাজলৈ যাব নোৱাৰাৰ পৰিৱেশ আহিছে ৷ এক কথাত জংঘলৰাজ আৰম্ভ হৈছে অসমত ৷ বিধানসভাৰ মজিয়াত মই অ’চি আৰু এছ পিৰ নিলম্বন বিচাৰিছিলো ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ঢিলা বিবৃতি দিছে, কিন্তু দুখৰে কওঁ বিৰোধী দলপতিগৰাকীৰ ভূমিকা দুৰ্বল হৈছে” ৷

লগতে পঢ়ক:পত্নীৰ চাকৰিৰ নিযুক্তি আৰু ঘৰ-সম্পত্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ - AKHIL GOGOI CHALLENGES ASSAM CM

মুখ্যমন্ত্ৰীয়ে পৈশাচিক আনন্দ লৈছে, মই শেষ নিশ্বাস থকালৈকে যুঁজি যাম: ৰকিবুল হুছেইন - ATTACK ON MP RAKIBUL HUSSAIN