ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ ১২ টা বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি হ'ব নতুন

MCQ Questions: সলনি হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি । কোন কেইটা বিষয়ত কি কি সলনি হ'ব ?

HS new Question paper
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2024 at 1:57 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৫ অক্টোবৰ: সলনি হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি । এই সিদ্ধান্ত গ্রহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২ টাকৈ বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি হ'ব নতুন ।

বিদ্যালয় শিক্ষা পৰিষদে এই সন্দর্ভত জাৰি কৰিছে এক নির্দেশনা । এই নিৰ্দেশনা অনুসৰি ১২ টাকৈ বিষয়ৰ থিয়ৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্রশ্ন হ'ব বহু বিকল্পধর্মী অর্থাৎ এম চি কিউ ভিত্তিক । এই বহু বিকল্পধর্মী প্রতিটো প্রশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ । আনহাতে, বাকী থকা ৫০ শতাংশ প্রশ্ন হ'ব অতি চুটি, চুটি আৰু দীঘল ।

HS new Question paper
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ETV Bharat Assam)
  • বিদ্যালয় শিক্ষা ব'র্ডৰ নির্দেশনাত উল্লেখ

বিজ্ঞান শাখাত কোনকেইটা বিষয়ত সলনি হ'ব প্ৰশ্ন কাকতৰ পদ্ধতি ? নিৰ্দেশনা অনুসৰি বিজ্ঞান শাখাৰ পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ৰ থিয়ৰীৰ ৭০ নম্বৰৰ ভিতৰত ৩৫ নম্বৰ এম চি কিউ ভিত্তিক আৰু বাকী ৩৫ নম্বৰৰ অতি চুটি, চুটি, দীঘল প্রশ্ন থাকিব । গণিত বিষয়ৰ থিয়ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন এম চি কিউ ভিত্তিক আৰু বাকী ৫০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল হ'ব ।

  • কলা শাখাত কোন কেইটা বিষয়ত সলনিহ'ব প্ৰশ্নকাকতৰ পদ্ধতি

কলা শাখাৰ ৰাজনীতি বিজ্ঞান আৰু অর্থনীতিৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন এম চি কিউ ভিত্তিক আৰু বাকী ৪০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব । একেদৰে শিক্ষা, তর্ক আৰু দর্শন শাস্ত্র, বুৰঞ্জী বিষয়ৰ থিয়ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন এম চি কিউ ভিত্তিক আৰু বাকী ৫০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব ।

  • বাণিজ্য শাখাত কোন কেইটা বিষয়ত সলনি হ'ব প্ৰশ্নকাকতৰ পদ্ধতি

বাণিজ্য শাখাৰ ব্যৱসায়িক অধ্যয়ন, একাউন্টেন্সি ফাইনেন্স বিষয়ৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন এম চি কিউ ভিত্তিক আৰু বাকী ৪০ শতাংশ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব । বহু বিকল্পধৰ্মী প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে অ' এম আৰ শ্বিট প্রদান কৰা হ'ব বুলি বিদ্যালয় শিক্ষা পৰিষদে নির্দেশনাত উল্লেখ কৰিছে ।

লগতে পঢ়ক:চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা: শিক্ষামন্ত্ৰী

এতিয়াৰে পৰা স্থানৰ কথা নাভাবি সৰ্বভাৰতীয় পৰ্যায়ত উজলিব ছাত্ৰ-ছাত্ৰী - Assam HS RESULT 2024