ETV Bharat / state

আকৌ উত্তেজনা, বন্ধ হ'ব নেকি মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সীৰ প্ৰৱেশ ? - Meghalaya Tourist taxi driver

Meghalaya Tourist taxi driver: পুনৰ মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী । অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ । অসমত মেঘালয়ৰ টেক্সি প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠনৰ ঐক্য মঞ্চৰ ।

Assam's tourist taxis barred from entering Meghalaya
বন্ধ হ'ব নেকি মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সী প্ৰৱেশ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 21, 2024 at 8:10 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী,২১ ছেপ্টেম্বৰ: মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সী প্ৰৱেশত বাধা প্ৰদানক লৈ পুনৰ সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ । সোমবাৰে পুনৰ মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী জনাই অল খাচী মেঘালয় টুৰিষ্ট এছ'চিয়েচনে মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে । ইয়াকে লৈ পুনৰ অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠন জাঙুৰ খাই উঠিছে ।

মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা প্ৰদান কৰিলে অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠনৰ ঐক্য মঞ্চ মটৰ পৰিবহন সেৱা কৰ্মী সন্মিলিত মঞ্চ, অসমে অসমত মেঘালয়ৰ টেক্সি প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ দিয়ে । লগতে অসমৰ পৰা মেঘালয়লৈ যোৱা সকলো অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ‌ কৰাৰো হুংকাৰ দিয়ে । এই সন্দৰ্ভত অসমৰ টুৰিষ্ট টেক্সিৰ ১৬ টা সংগঠনৰ ঐক্য মঞ্চ মটৰ পৰিবহন সেৱা কৰ্মী সন্মিলিত মঞ্চ, অসমে প্ৰেৰণ কৰে এক প্ৰেছ বিজ্ঞপ্তি ।

য'ত তেওঁলোকে উল্লেখ কৰে যে মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী উত্থাপন কৰি অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েচনে প্ৰতিবাদ অব্যাহত ৰাখিছে । এইক্ষেত্ৰত মেঘালয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশৰ ব্যৱস্থা সুচল কৰি ৰাখিব লাগে । অন্যথা ঐক্য মঞ্চ মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চই অসমত মেঘালয়ৰ টেক্সি চলাচলত বাধা প্ৰদান কৰিব ।

লগতে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে এই অচলাৱস্থা চলি থকাৰ বাবে মেঘালয়লৈ যাবলগীয়া পৰ্যটকৰ বহুত বুকিং বাতিল হৈছে । ইপিনে সন্মিলিত মঞ্চৰ বিষয়ববীয়া তথা ছেভেন ষ্টেট টুৰিষ্ট অপাৰেটৰ, ইউনিয়নৰ সম্পাদক ইছমাইল আলীয়ে কয়,"সোমবাৰে পুনৰ মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা দিয়াৰ দাবী জনাই অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েচনে মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে ।"

লগতে তেওঁ কয়,"মেঘালয়ৰ চৰকাৰে এই দাবী মানি নল'লে অসমৰ পৰা মেঘালয়লৈ যোৱা সকলো অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ‌ কৰিব ।" উল্লেখ্য যে যোৱা জুলাইত মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা প্ৰদানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিষয়টো পিছত নিয়ন্ত্ৰণ হৈছিল যদিও শেহতীয়াকৈ অল খাচী মেঘালয় টুৰিষ্ট টেক্সি এছ'চিয়েচনে গ্ৰহণ কৰা পদক্ষেপৰ বাবে পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: মেঘালয়ৰ পৰিৱৰ্তে এতিয়া পৰ্যটকৰ গন্তব্য স্থান তেজপুৰ-অৰুণাচল - Meghalaya Taxi Driver Protest

মেঘালয় টুৰিষ্ট টেক্সি চালকৰ পথ অৱৰোধ : চেৰাপুঞ্জীত আৱদ্ধ অসমৰ শ শ পৰ্যটক - Meghalaya taxi driver protest