গুৱাহাটী : সমাজ জীৱনলৈ বিশিষ্ট সেৱা আগবঢ়োৱা ২৩ গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান-২০২৪ ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান-২০২৪ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান ২০ গৰাকী বিশিষ্ট ব্যক্তি আৰু তিনিটা সংস্থালৈ আগবঢ়োৱা হয় ।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ জীৱনৰ বাটকটীয়াস্বৰূপ এই প্ৰাপকসকলৰ হাতত তুলি দিয়ে এই সন্মান । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ।

লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ বঁটা :
২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হয় অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ ৷ ২০২৪ৰ এই অসম বৈভৱ বঁটা প্ৰতিৰক্ষা, কৌশল বিকাশ আদি ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ আগবঢ়োৱা হয় ৷

২০২১ বৰ্ষত প্ৰথমবাৰৰ বাবে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল । আনহাতে, ২০২২ বৰ্ষত অসম চৰকাৰে কেন্সাৰ কেয়াৰ আৰু জনসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক প্ৰদান কৰিছিল । আনহাতে, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈলৈ ২০২৩ বৰ্ষত এই সৰ্বোচ্চ বঁটা আগবঢ়োৱা হৈছিল ।

এই বঁটাৰ জৰিয়তে এজন ব্যক্তিৰ জাতীয় বা আন্তৰ্জাতিক পৰ্যায়ত আগবঢ়োৱা অসাধাৰণ কৃতিত্বক সন্মান জনোৱা হয় । বঁটাৰ সৈতে প্ৰদান কৰা হয় এখন প্ৰশস্তিপত্ৰ, এটা পদক আৰু ৫ লাখ টকাৰ আৰ্থিক অনুদান ।
২০২৪ বৰ্ষৰ অসম বৈভৱ বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাই ভাৰতীয় সেনাবাহিনীত চাৰি দশককাল সেৱা আগবঢ়াই লেফটেনেণ্ট জেনেৰেল কলিতাই ২০২৩ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে । অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰঙিয়াৰ অসমীয়া পৰিয়ালত ৷ পিতৃ যোগেন্দ্ৰ কলিতা আৰু ৰেণু কলিতা । কলিতা হ’ল ভাৰতীয় সেনাবাহিনীত এনে শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি ।

৬গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা :
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বৃহস্পতিবাৰৰ বিয়লি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৬গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় অসম সৌৰভ বঁটা ৷ তেওঁলোক ক্ৰমে:
- তামিলনাডুৰ সুব্ৰমণিয়াম ৰামাদোৰা, টাটা কনচালটেন্সীৰ (TCS) প্ৰতিষ্ঠাপক অধ্যক্ষ
- হোজাইৰ ড° বাপ্পী পাল, শিক্ষাবিদ আৰু বিজ্ঞানী
- লখিমপুৰৰ ড° পূৰৱী শইকীয়া, বিজ্ঞানী
- বিশিষ্ট শিল্পী দ্বীপেন বৰুৱা
- বিশিষ্ট নাট্যকাৰ, গীতিকাৰ দৰঙৰ হেমন্ত দত্ত আৰু
- ক্ৰিকেটাৰ উমা ছেত্ৰী (ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য)
অসম সৌৰভ বঁটা আগবঢ়ায় ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই । অসম সৌৰভ বঁটা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান । এই বঁটাৰ সৈতে আগবঢ়োৱা হয় এখন প্ৰশস্তিপত্ৰ, এটা পদক আৰু ৪ লাখ টকাৰ আৰ্থিক অনুদান ।

অসম গৌৰৱ বঁটা:
আনহাতে, সমাজ জীৱনৰ ১৩ গৰাকী বিশিষ্ট বাটকটীয়া ব্যক্তিৰ লগতে ৩ টা সংস্থালৈ ২০২৪বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় । যোৰহাটৰ বিশ্বজিৎ বৰা, বজালীৰ ভৰত কলিতা, কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰামচন্দ্ৰ চাচনী, শিৱসাগৰৰ উপমন্যু বৰকাকতি, কামৰূপৰ ডেভিদ প্ৰতিম গগৈ, লখিমপুৰৰ ফুলেশ্বৰী দত্ত, কামৰূপৰ মিনাক্ষী দাস, শিৱসাগৰৰ পার্থিৱ সুন্দৰ গগৈ, ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনং তেৰন, শ্রীভূমিৰ নজৰুল হকলৈ এইবাৰৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় ।

মন পৰিবলগীয়া, এইবাৰেই প্ৰথমবাৰলৈ পৰিৱেশ আৰু জৈৱ সংৰক্ষণৰ লগত জড়িত ৩ সংস্থালৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় ।
এই তিনিটা সংস্থা হ’ল—
- কলিয়াবৰৰ চৌৰেন আহেম (পৰম্পৰাগত খাদ্য)
- তিনিচুকীয়াৰ বাৰেকুৰি গাঁও(প্ৰকৃতি সংৰক্ষণ)
- নগাঁৱৰ হাতী বন্ধু (স্বেচ্ছাসেৱী সংগঠন, কৰ্মক্ষেত্ৰ —হাতী-মানুহৰ সংঘাত)
অসম গৌৰৱ বঁটা হ’ল ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান । এই বঁটাৰ সৈতে প্ৰদান কৰা হয় এখন প্ৰশস্তিপত্ৰ, এটা পদক আৰু ৩ লাখ টকাৰ আৰ্থিক অনুদান ।
লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ বঁটা নে অসম বৈভৱ বঁটা ? ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ?