২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীয়ে পাব ভাৰতীয় নাগৰিকত্ব; সৰৱ অসমৰ দল-সংগঠন
২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি ৩ খন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ।

Published : September 3, 2025 at 8:09 PM IST
|Updated : September 3, 2025 at 8:14 PM IST
গুৱাহাটী/ডিব্ৰুগড়/কাজিৰঙা : অসমত কা গৃহীত কৰাৰ পিছত আন এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আইন ২০২৫ৰ আদেশৰ যোগেদি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত আফগানিস্তান, বাংলাদেশ, পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকক বসবাসৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনে ।
আছুৰ প্ৰতিক্ৰিয়া
এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । ২০২৪ চন পৰ্যন্ত অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিব বিচৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয়, "ভাৰত চৰকাৰে জাৰি কৰা 'Immigration and Foreigners (Exemption) Order, 2025'ৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ । এই নিৰ্দেশ কা'তকৈও বেছি ভয়াৱহ । ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট দাবী-কা'ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক; লগতে 'Immigration and Foreigners (Exemption) Order, 2025'ৰ আওতাৰ পৰাও অসমক বাহিৰত ৰাখক ।"
তেওঁ লগতে কয়, "ই এক অদ্ভূত সিদ্ধান্ত । অসমে ইয়াৰ বোজা নলয় । অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় । বিদেশীৰ বোজা জাপি দিয়াটো কোনো কাৰণতে সহ্য নকৰো । কা'ৰ সময়ত আমি যি শংকা কৰিছিলো সেয়া সঁচা প্ৰমাণ হৈছে । অসমৰ জনগাঁথনি সলনি হৈছে, খিলঞ্জীয়া ভাষিক সংখ্যালঘু হ'বলৈ গৈছে । তাৰ পিছতো এনে সিদ্ধান্ত গ্ৰহণ কৰাসকল জাতিদ্ৰোহী । এই আদেশ অসমীয়া জাতি বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু সাম্প্ৰদায়িক নিৰ্দেশনা ।"
লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
ইফালে কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ ।
এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি ডিব্ৰুগড়ৰ খোৱাঙত লুৰীণজ্যোতি গগৈয়ে কয়, "অসমৰ ৰাইজে যিটো সন্দেহ আৰু শংকা কৰিছিল সেইটোৱেই হ'বলৈ গৈ আছে । কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছিল ৪৩ বছৰে বিদেশীৰ বোজা অসমৰ ৰাইজে লৈছে আৰু নাগৰিকত্ব সংশোধনী আইনে বিদেশী অহাৰ বাট মুকলি কৰি দিব । অসমত বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যৎ নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে দিল্লীয়ে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদক ভেঙুচালি কৰি কা জাপি দিলে সেই সময়ত । ইয়াৰ পাছত আকৌ ১০ বছৰৰ বোজা অসমৰ ৰাইজক জাপি দিব বিচাৰিছে । দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে । অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবলৈ দিল্লীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৰাইজে দিল্লীৰ এনে সিদ্ধান্ত আৰু চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, আজিও মানি লোৱা নাই । দিল্লীৰ এনেকুৱা ষড়যন্ত্ৰত মাত মাতিব লাগিব আৰু ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব ।"
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনৰ সময়ত শিৰ ফুলাই কৈছিল ২০১৪ চনলৈ চীল মোহৰ মাৰি দিয়া হ'ল আৰু বিদেশীৰ বোজা অসমে ল'ব নালাগে । আমি তেতিয়াই কৈছিলো এই আইনৰ জৰিয়তে বিদেশী অহাৰ বাট মুকলি হৈ আছে । এই আইন অসমত প্ৰৱৰ্তন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । অসম জাতীয় পৰিষদে কা মনা নাছিলোঁ, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানো । কা'ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । এই বিষয়ে কাইলৈৰ পৰাই প্ৰতিবাদ আৰম্ভ হ'ব । মুখ্যমন্ত্ৰীৰ কথাৰ অৰ্থ নাই । মুখ্যমন্ত্ৰীৰ কথা মতে কাম নহয় ।"
অখিল গগৈৰ প্ৰতিক্ৰিয়া
পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে । তেওঁ কয়, "মই যেতিয়া কৈছিলোঁ মানুহে মোক হাঁহিছিল ৷ বহুত মানুহে মোক উপহাস কৰিছিল ৷ কৈছিল যে এই অখিল গগৈয়ে সদায় বেছি বেছি কয় ৷ মই কৈছিলো আজি ২০১৪ ত যদি আইন সংশোধন হৈ যায় কালিলৈ 'ডেট' বদলাই দিব ৷ ২০১৪ ৰ ৩১ ডিচেম্বৰ আছিল আৰু এতিয়া ৩১ ডিচেম্বৰ ২০২৪ কৰি দিলে ৷ কাইলৈ সেইটো ২০৩৪ হ'ব, পাছত ২০৪৫ হ'ব আৰু তাৰ পাছত অনিৰ্দিষ্ট কাললৈ হ'ব ৷"
বাংলাদেশত আজিৰ তাৰিখত ১ কোটি ১০ লাখ হিন্দু মানুহ আছে আৰু অসমত ইতিমধ্যে ২০ লাখ হিন্দু বাংলাদেশী মানুহ আছেহি ৷ এতিয়া মুঠ এই ১ কোটি ৩০ লাখ মানুহৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ এই কা'খনে আনি দিলেনে নাই বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে । তেওঁৰ মতে এনে ক্ষেত্ৰত বাংলাদেশত থকা হিন্দু মানুহ হয় অসম নহ'লে পশ্চিমবংগলৈয়ে আহিব লাগিব ।
গগৈয়ে লগতে কয়, "বাংলাদেশৰ মানুহ এটাই আৰ এছ এছ কৰি আহিব ৷ আৰ এছ এছ কৰি আহি ২০২৪ চনৰ ৩১ ডিচেম্বৰত আহিলে ৷ পাছপ'ৰ্ট নালাগে, আৰ এছ এছ কৰি নিৰ্বাচন খেলাৰ অধিকাৰ লাভ কৰিব, চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব, ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব, নাগৰিকত্ব লাভ কৰিব ৷ নিৰ্বাচন খেলি আৰ এছ এছৰ সুবাদত তেওঁ নিজে এক মিনিটতে মুখ্যমন্ত্ৰী হৈ যাব পাৰিব ৷" সেই কাৰণে বিজেপি আৰ এছ এছয়ে যদি সঁচাকৈ অসমীয়া খিলঞ্জীয়াৰ হাতত অধিকাৰ থকাটো বিচাৰে তেন্তে কেনেকৈ এই কামটো কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷
তেওঁ লগতে চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰি কয়, "আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে যদি ৰাজনৈতিক অধিকাৰ লাগে তেন্তে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমক ভাৰতৰ সংবিধান ৩৭১(ক)ৰ অধীনত আনক । তেতিয়া মাটি আৰু সম্পদৰ ওপৰত অসমৰ অধিকাৰ থাকিব ৷ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব ৷ তেতিয়াহে জনজাতীয় লোক মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পাব ।"
অখিল গগৈয়ে বিজেপি আৰু আৰ এছ এছক নিন্দা কৰাই নহয় তেওঁলোকক অসমৰ মাটিত নিষিদ্ধ কৰিব লাগে বুলিও দাবী জনায় ৷ অসমীয়া মানুহে এই কেইটা দলক খেদিব লাগিব নহ'লে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা নহয় বুলিও গগৈয়ে স্পষ্ট কৰে ৷
তেওঁ আহ্বান জনাই, "প্ৰতিজন অসমীয়া মানুহ যাৰ মূৰ আছে, মগজু আছে, হৃদয় আছে, বিবেচনা আছে, যি অসমীয়াত্ব বুজি পায়, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে সেই সকলোৱে ওলাই আহক । আমি আৰ এছ এছ, বিজেপিক অসমৰ পৰা খেদো; নহ'লে ইহঁতে আমাৰ কণ-কঠীয়া মাৰিব ৷"

