গুৱাহাটী: অসমৰ অৰ্থনীতিৰ ইতিবাচক পৰিৱৰ্তন হোৱা বুলি বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত তথ্য সহকাৰে দাঙি ধৰাৰ বিপৰীতে অসম চৰকাৰৰ ঋণৰ পৰিমাণো ক্ৰমাৎ ঊৰ্ধমুখী হৈছে । ঋণৰ ওপৰত ঋণ লৈ চৰকাৰখনে বিশাল অংকৰ বোজা ৰাজ্যবাসীৰ ওপৰত জাপি দিছে । বিত্তমন্ত্রীগৰাকীয়ে সদনত দিয়া তথ্য অনুসৰি ২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বর্ষলৈ এই সময়ছোৱাত অসমৰ অৰ্থনীতিত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ।
উক্ত সময়ছোৱাত ৰাজ্যিক ঘৰুৱা উৎপাদন চলিত মূল্যত ১,৪৩,১৭৫ কোটি টকাৰ পৰা ৬,৪৩,৬৬৭ কোটি টকালৈ বৃদ্ধি পায় । বার্ষিক বৃদ্ধিৰ হাৰ গড়ে ১২.৪ শতাংশ । তথ্য অনুসৰি ইয়াৰ ভিতৰত কৃষি খণ্ডৰ বিকাশৰ হাৰ গড়ে ১২.৫ শতাংশ, উদ্যোগ খণ্ডৰ বিকাশৰ হাৰ গড়ে ১৩.৮ শতাংশ আৰু সেৱা খণ্ডৰ বিকাশৰ হাৰ গড়ে ১১.৩ শতাংশ । একেদৰে স্থিৰ মূল্যত ২০১১-১২ বৰ্ষৰ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১,৪৩,১৭৫ কোটি টকাৰ পৰা বছৰি গড়ে ৬.৮৯ শতাংশ হাৰত ২০২৪-২৫ বৰ্ষত ৩,৩৭,৯৩৩ কোটি টকালৈ বৃদ্ধি পায় ।



বিগত বিত্তীয় বছৰকেইটাত অসমৰ বাজেটৰ আকাৰ আৰু ইয়াৰ প্রয়োগ ক্রমাগতভাবে বৃদ্ধি পাইছে । ২০১১-১২ বিত্তীয় বৰ্ষত মুঠ সংশোধিত প্রাককলনৰ পৰিমাণ আছিল ৩৮,৫৬৩ কোটি টকা আৰু ব্যয় আছিল ৩০,২৬৯ কোটি টকা (৭৮ শতাংশ)। ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ বাজেট প্ৰাককলনৰ পৰিমাণ আছিল ১,০৭,৫৫৬ কোটি টকা আৰু সংশোধিত প্রাককলনৰ পৰিমাণ আছিল ১,৩৬,৫৫৫ কোটি টকা । এই বিত্তীয় বৰ্ষটোত মুঠ ব্যয় আছিল ১,০৬,৩০৫ কোটি টকা (৭৮ শতাংশ)। ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ বাজেট প্রাককলনৰ পৰিমাণ আছিল ১,৩৯,৭৫৫ কোটি টকা আৰু সংশোধিত প্রাককলনৰ পৰিমাণ আছিল ১,৬৯,৯৬৬ কোটি টকা । এই বিত্তীয় বৰ্ষটোত মুঠ ব্যয় আছিল ১,৩৬,৩১৬ কোটি টকা (৮০শতাংশ)।
মুঠ ঘৰুৱা উৎপাদন :
সদনত বিত্তমন্ত্রীয়ে ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি বৃদ্ধিৰ পৰিমাণ দাঙি ধৰে । সেই অনুসৰি জিডিপিৰ পৰিমাণ হৈছে ২০১১-১২ বৰ্ষত ১,৪৩,১৭৫ কোটি টকা, ২০১২-১৩ বৰ্ষত ১,৪৭,৩৪২ কোটি টকা, ২০১৩-১৪ বৰ্ষত ১,৫৪,৫২৫ কোটি টকা, ২০১৪-১৫ বৰ্ষত ১,৬৫,২১২ কোটি টকা, ২০১৫-১৬ বৰ্ষত ১,৯১,১০৯ কোটি টকা, ২০১৬-১৭ বৰ্ষত ২,০২,০৮১ কোটি টকা, ২০১৭-১৮ বৰ্ষত ২,১৯,৯১৯ কোটি টকা, ২০১৮-১৯ বৰ্ষত ২,৩১,০৪০ কোটি টকা, ২০১৯-২০ বৰ্ষত ২৪০৭০৭ কোটি টকা, ২০২০-২১ বৰ্ষত ২,৪৭,৮১৯ কোটি টকা, ২০২১-২২ বৰ্ষত ২,৫৮,১৪০ কোটি টকা, ২০২২-২৩ বৰ্ষত ২,৮০,৫৭০ কোটি টকা, ২০২৩-২৪ বৰ্ষত ৩,১৩,০৬৫ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত (আগতীয়া প্রাককলন) ৩,৩৭,৯৩৩ কোটি টকা ।


২০১৬-১৭ বৰ্ষত অসম চৰকাৰে ৫৬৪৯ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল -২২ শতাংশ, ২০১৭-১৮ বৰ্ষত অসম চৰকাৰে ১০৪৭৭ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ৮৫ শতাংশ । ২০১৮-১৯ বৰ্ষত অসম চৰকাৰে ১৪০০৪ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ৩৪ শতাংশ । ২০১৯-২০ বৰ্ষত অসম চৰকাৰে ১৬৬৩৪ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ১৯ শতাংশ ।
ইপিনে, ২০২০-২১ বৰ্ষত অসম চৰকাৰে ১৮৮০৬ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ১৩ শতাংশ । ২০২১-২২ বৰ্ষত অসম চৰকাৰে ১৬৫৪৮ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল -১২ শতাংশ । ২০২২-২৩ বৰ্ষত অসম চৰকাৰে ২১৬০২ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ৩১ শতাংশ আৰু ২০২৩-২৪ বৰ্ষত অসম চৰকাৰে ২৪১১৮ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে বাৰ্ষিক ঋণ বৃদ্ধিৰ হাৰ আছিল ১২ শতাংশ ।
জিডিপি শতাংশ হিচাপত অসম চৰকাৰে গ্ৰহণ কৰা ঋণৰ হাৰ :
ইফালে, ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ অসমৰ জি ডি পি শতাংশ হিচাপত অসম চৰকাৰে গ্ৰহণ কৰা ঋণৰ হাৰ আছিল এনেধৰণৰ । ২০১১-১২ বৰ্ষত অসম চৰকাৰে জি ডি পি শতাংশ হিচাপত গ্ৰহণ কৰা ঋণৰ হাৰ আছিল ১৮ শতাংশ । একেদৰে ২০১২-১৩ বৰ্ষত ১৭ শতাংশ, ২০১৩-১৪ বৰ্ষত ১৫ শতাংশ, ২০১৪-১৫ বৰ্ষত ১৬ শতাংশ, ২০১৫-১৬ বৰ্ষত ১৬ শতাংশ, ২০১৬-১৭ বৰ্ষত ১৫ শতাংশ, ২০১৭-১৮ বৰ্ষত ১৬ শতাংশ, ২০১৮-১৯ বৰ্ষত ১৮ শতাংশ, ২০১৯-২০ বৰ্ষত ১৯ শতাংশ, ২০২০-২১ বৰ্ষত ২৪ শতাংশ, ২০২১-২২ বৰ্ষত ২৩ শতাংশ, ২০২২-২৩ বৰ্ষত ২৪ শতাংশ আৰু ২০২৩-২৪ বৰ্ষত অসম চৰকাৰে জি ডি পি শতাংশ হিচাপত গ্ৰহণ কৰা ঋণৰ হাৰ আছিল ২৪ শতাংশ ।
লক্ষণীয় বিষয় যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ আছিল ১০৭৬০ টকা । বিগত ৯ বছৰত এই পৰিমাণ বৃদ্ধি হৈ জনমূৰি ঋণৰ পৰিমাণ হৈছে ৪৭,৩২৪ টকা ।