অসমত জৈৱিক পদ্ধতিৰে কৰা কৃষিজাত সামগ্ৰী ৰপ্তানি হ'ব ইউৰোপলৈ
১৫০০ গৰাকী কৃষকৰ প্ৰচেষ্টা সফল । অসমৰ পৰা ওড়িশা, মহাৰাষ্ট্ৰ আৰু তেলেংগানালৈ ৪০০ মেট্ৰিক টন আদা ৰপ্তানি ।

Published : March 5, 2025 at 7:31 PM IST
গোলাঘাট: গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং নৈৰ পাৰত জৈৱিক পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে এদল উদ্যমী কৃষকে । পদুম পথাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী নামৰ সংস্থাটোৱে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ৰঙালাও, হালধি, আদা আৰু নেমুটেঙাই এতিয়া বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।
৪০০ মেট্ৰিক টন আদা ৰপ্তানি
চলিত বৰ্ষতেই ওড়িশা, মহাৰাষ্ট্ৰ আৰু তেলেংগানালৈ ৪০০ মেট্ৰিক টন আদা আৰু মিজোৰাম আৰু ওড়িশালৈ ৫০ মেট্ৰিক টন হালধিৰ ৰপ্তানি সম্পন্ন কৰিছে পদুম পথাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানীয়ে । দৈয়াং নদীৰ পাৰৰ ১৫০০ হেক্টৰ উৰ্বৰ ভূমিত ১৫০০ গৰাকী কৃষকক একত্ৰিত কৰি অৱ্যাহত থকা এই জৈৱিক কৃষি পদ্ধতিক ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে ৰাজ্যৰ কৃষি বিভাগে ।
বৰ্তমান এই কৃষকৰ দলটোৱে ৭০ বিঘা মাটিত কৰা খেতিৰ পৰা ২০০০ কুইণ্টল ৰঙালাও উৎপাদন কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আছে । উল্লেখ্য় যে, যোৱা মাহত জাৰ্মানীত অনুষ্ঠিত বায়'ফেক ট্ৰেড ফেয়াৰত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিল পদুম পথাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক অঞ্জল লিম্বুৱে । জৈৱিক কৃষিৰ গুৰুত্ব দিনক দিনে বাঢ়ি অহাৰ সময়ত পদুম পথাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানীৰ এই কৃষি বিপ্লৱে ৰাজ্যৰ কৃষকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।
১৫০০ হেক্টৰ ভূমিত জৈৱিক পদ্ধতিৰে খেতি
এই সম্পৰ্কে এগ্ৰ' প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক অঞ্জল লিম্বুৱে কয়, "আমাৰ পদুম পথাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডত ১৫০০ কৃষক আৰু ১৫০০ হেক্টৰ ভূমিত জৈৱিক পদ্ধতিৰে খেতি কৰো । মুখ্য খেতি হিচাপে আদা আৰু হালধিৰ খেতি কৰা হয় । তদুপৰি ৰঙালাও, অমিতা, কাজিনেমু, কল আৰু শাক-পাচলি আমি জৈৱিক পদ্ধতিত কৰিছো । আমাৰ মূল উদেশ্য এই অঞ্চলত কেনেদৰে কৃষি বিপ্লৱ কৰা যায় আৰু ইয়াত কোম্পানীৰ জৰিয়তে আমাৰ কৃষকসকলৰ বিভিন্ন অসুবিধাসমূহ বিশেষকৈ কৃষিৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰো সেই ক্ষেত্ৰত দিনে-নিশাই কাম কৰি আহিছো ।"
তেওঁ পুনৰ কয়, "আমি আদা, হালধি, নেমু আৰু জালুকৰ খেতি জৈৱিক পদ্ধতিৰে কৰাৰ বাবে ভাৰতবৰ্ষৰ ১৬ খন ৰাজ্যলৈ আমি ৰপ্তানি কৰিছো আৰু বিগত বৰ্ষত ডুবাইলৈ ২০ মেট্ৰিক টন আদা ৰপ্তানি কৰিবলৈ সক্ষম হৈছো । ঠিক তেনেদৰে এই বছৰ আমি ইউৰোপৰ দেশসমূহলৈ অসমৰ জৈৱিক পদ্ধতিৰে কৰা কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ যাতে ৰপ্তানি কৰিব পাৰো" ৷
তেওঁ লগতে কয়, "জাৰ্মানীত অনুষ্ঠিত এখন বায়'ফেক ট্ৰেডফেয়াৰত অংশগ্ৰহণ কৰিছো । তাত বিশ্বৰ বিভিন্ন দেশৰ ক্ৰেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছিলো । খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অসমৰ জৈৱিক পদ্ধতিৰে কৰা কৃষিজাত সামগ্ৰী ইউৰোপ মহাদেশত ৰপ্তানি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । যাৰ বাবে আমি উৎপাদন কৰা সামগ্ৰীৰ নমুনা ২২ দেশলৈ প্ৰেৰণ কৰিছো আৰু তাত লেব'ৰেটৰীত ইয়াৰ পৰীক্ষা নিৰীক্ষা চলাইছে । তাত ফলাফল যদি ইতিবাচক হয়, তেনেহ'লে এশ শতাংশ অসমৰ জৈৱিক পদ্ধতিৰে কৰা কৃষিজাত সামগ্ৰী ইউৰোপ মহাদেশলৈ ৰপ্তানি হ'ব" ৷

