ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

Assam’s historical Charaideo Moidam: বিশ্বৰ মানচিত্ৰত লিপিবদ্ধ হ’ল চৰাইদেউ মৈদাম ৷ কিছু সময় পূৰ্বে UNESCO ই ঘোষণা কৰিলে অসমবাসীয়ে অপেক্ষা কৰি থকা সেই ঐতিহাসিক সিদ্ধান্তটো ৷ আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ গৌৰৱোজ্জ্বল চানেকি চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ৷

UNESCO WORLD HERITAGE SITE
বিশ্বৰ মানচিত্ৰত লিপিবদ্ধ হ’ল চৰাইদেউ মৈদাম (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : July 26, 2024 at 10:28 AM IST

|

Updated : July 26, 2024 at 11:37 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 26 জুলাই: অসমবাসীৰ বাবে সুখবৰ ৷ চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ৷ শুকুৰবাৰে পুৱা এই ঘোষণা কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিয়ে ৷ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম (ETV Bharat Assam)

21 জুলাইৰ পৰা দিল্লীত অনুষ্ঠিত UNESCO ৰ 46 সংখ্যক অধিৱেশনতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়া হয় । আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ গৌৰৱোজ্জ্বল চানেকি চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিয়ে ৰাজ্যবাসীৰ মনত আনন্দৰ লহৰ তুলিছে ৷

উল্লেখ্য যে, 2014 বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ পাছতে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তি হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল । আজি অৰ্থাৎ 21 জুলাইৰ পৰা দিল্লীত অনুষ্ঠিত UNESCO ৰ 46 সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰা হয় ।

46th session of the #WorldHeritage Committee
ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat Assam)

স্বীকৃতি প্ৰদানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনাইছিল ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ সম্ভাৱনা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ পাছতে চৰাইদেউবাসীৰ মনত উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । স্থানীয় লোকসকলে ঐতিহাসিক দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে মৈদাম ক্ষেত্ৰত । উদ্যোক্তসকলে সমস্ত কাম নিয়াৰিকৈ সম্পন্ন হোৱাৰ বাবে উপৰি পুৰুষৰ পৰা আৰ্শীবাদ বিচাৰিছে ।

মৈদাম আৰু এই সন্দৰ্ভত লোক বিশ্বাস :

অসমৰ ভিন্ন প্ৰান্তত সৰু-বৰ ৰাজ শাসন কালৰ মৈদাম দেখিবলৈ পোৱা যায় । আন ঠাইৰ তুলনাত চৰাইদেউ জিলাত আটাইতকৈ বেছি মৈদাম দেখিবলৈ পোৱা গৈছে । এই মৈদামসমূহ মৃতকৰ সমাধিস্থল হিচাপে পৰিচিত । টাই-আহোম লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থৈ পৰম্পৰা ৰক্ষা কৰি আহিছে । ৰাজ শাসনকালৰ ৰজা, তেওঁৰ বংশৰ লোকৰ মৃত্যু হ'লে পুতি থোৱাৰ পাছতেই একোটাকৈ মৈদাম নিৰ্মাণ কৰা হৈছিল । সেই ধৰ্মীয় বিশ্বাস অনুসৰি টাই-আহোম সকলে মৈদামসমূহক পৱিত্ৰ স্থান হিচাপে গণ্য কৰি আহিছে ।

চৰাইদেউ মৈদামৰ ইতিহাস :

আহোম ৰাজ শাসনৰ আটাইতকৈ ওখ আৰু একেলগে বহু মৈদাম থকা ঠাইখিনিয়ে হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰ । ইতিহাসত উল্লেখ থকা অনুসৰি চৰাইদেউ মৈদাম হিচাপে পৰিচিত মৈদামসমূহ হৈছে ৰাজ-পৰিয়ালৰ সদস্যসকলক কবৰ দিয়া স্থান । আহোম ৰজা চাওলুং চুকাফাই নিজৰ শাসনকালত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল । তাৰ পাছৰে পৰা চৰাইদেউত আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ মৃতকৰ মৈদাম দিয়া হৈছে বুলি বুৰঞ্জীবিদ ডম্বৰুধৰ ৰাজকোঁৱৰে জানিবলৈ দিছে ।

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ হিচাপে পৰিচিত মৈদাম ক্ষেত্ৰখন 578 বিঘা ভূমিত 42 গৰাকী আহোম ৰজাৰ সমাধিস্থল আছে । ইয়াৰ উপৰিও চৰাইদেউ মৈদামৰ কাষত বিভিন্ন সৰু সৰু মৈদাম আছে যিসমূহ ৰজাৰ পৰিয়ালৰ সদস্যৰ সমাধিস্থল বুলি ধাৰণা কৰা হয় । বুৰঞ্জীবিদ ডম্বৰুধৰ ৰাজকোঁৱৰে জানিবলৈ দিয়া অনুসৰি এটা সময়ত অন্য ঠাইত আহোম ৰাজবংশৰ কোনো লোকৰ মৃত্যু হ'লেও চৰাইদেউলৈ আনি সমাধিস্থ কৰি মৈদাম স্থাপন কৰা হৈছিল । তেনেস্থলত আজিৰ দিনলৈকে সমগ্ৰ চৰাইদেউ জিলাখনত 150 ৰো অধিক মৈদাম উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম - Charaideo Maidam

ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সভাত চৰাইদেউ মৈদামক লৈ আলোচনাৰ সম্ভাৱনা - Charaideo Maidam

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব নে চৰাইদেউ মৈদাম ? - Charaideo Maidam

Last Updated : July 26, 2024 at 11:37 AM IST