ETV Bharat / state

নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ প্ৰচলন ৰোধেৰে দৰং জিলাই লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি - Prevention of Drugs and alcohol

Anti drugs effort by darrang: নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰাবৰাহ ৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে দৰং জিলালৈ ৰাষ্ট্ৰীয় স্বীকৃতি । অসমৰ পৰা একমাত্ৰ জিলা হিচাপে দৰঙে বিশেষভাৱে লাভ কৰে এই স্বীকৃতি । দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে গ্ৰহণ কৰে প্ৰশস্তি পত্ৰ ৷

Prevention of the use of addictive drugs
নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ প্ৰচলন ৰোধেৰে দৰং জিলাই লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 1, 2024 at 12:46 PM IST

2 Min Read
Choose ETV Bharat

দৰং, 1 জুলাই : ল’ৰা-ছোৱালীৰ মাজত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰাবৰাহ ৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে দৰং জিলাই ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । দেওবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে আয়োজন কৰা এক অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ৰ পৰা এই সফলতাৰ বাবে প্ৰশস্তি পত্ৰ গ্ৰহণ কৰে ।

এই সন্মান গ্ৰহণ কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয়, "দৰং জিলাত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰাবৰাহ ৰোধৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে । আজি এই সন্মান লাভ কৰি আমি আনন্দিত হৈছো । দৰং জিলাই লাভ কৰা এই স্বীকৃতিয়ে অধিক আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে আমাক এইক্ষেত্ৰত কাম কৰি যাবলৈ আমাক অনুপ্ৰেৰণা যোগাব ।"

লগতে পঢ়ক: বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে নাৰ্কোটিকচ কন্ট্ৰোল ব্যুৰোৰ সৈতে ল’ৰা-ছোৱালীৰ মাজত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰাবৰাহ ৰোধৰ বাবে যুটীয়াভাৱে প্ৰস্তুত কৰা কৰ্মসূচী 2021 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰিছিল । সমগ্ৰ দেশজুৰি বিদ্যালয় শিক্ষানুষ্ঠানসমূহৰ চৌহদৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ৰোধ কৰাৰ লগতে লৰা-ছোৱালীক নিচাযুক্ত সামগ্ৰীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ বাবে এইবোৰৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই যুটীয়া কৰ্মসূচী ৰূপায়ণৰ নিৰীক্ষণৰ বাবে জিলা দণ্ডাধীশ জিলা আয়ুক্তসকলক দায়িত্ব দিয়া হৈছিল ।

নিচাযুক্ত ঔষধৰ ব্যৱহাৰ আৰু অবৈধ সৰাবৰাহ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সদৃশ কৰ্মসূচী ৰূপায়ণত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা দেশৰ কেইবাখনো জিলাক শ্ৰেষ্ঠত্ব প্ৰদৰ্শনকাৰী জিলা হিচাপে নিৰ্বাচিত কৰি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: কাছাৰত বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Anti Drug mission

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস : জ্বলাই নষ্ট কৰিলে কোটি টকাৰ ড্ৰাগছ - World Drug Day 2024

ঘাতকৰ ৰূপত মাৰাত্মক ড্ৰাগছ : পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মাতৃয়ে - Drugs addict son kills mother

ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি এজন - ATTEMPTED TO MURDER