হে মহান শিল্পী... তোমাক বিদায় ! ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি
অসমে হেৰুৱালে এটি মূল্যৱান সম্পদ । জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ ৰাজ্যবাসী ।

Published : September 20, 2025 at 2:19 PM IST
হে মহান শিল্পী...তুমি যে আজি নাই বিশ্বাস কৰিবই পৰা নাই দেখোন । তোমাৰ গানেৰেই আজি চকুলো নিগৰিছে । তোমাৰ গানৰ সুৰে হিয়াত বাৰে বাৰে খুন্দা মাৰিছে । বহুত কষ্টত আছে আজি সমগ্ৰ অসমৰ জনগণ । কোনোৱে গাইছে তোমাৰ কালজয়ী গীত, তোমাৰ অনুৰাগীয়ে ৰাজপথতে নিশা উজাগৰে কটাইছে, মৰমৰ শিল্পীজনৰ আত্মাৰ সদগতিৰ বাবে কোনোৱে চাকি জ্বলাইছে, কোনোৱে আকৌ হেঁপাহ পলুৱাই শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰিছে । মুঠতে আজি যেন শিল্পীশূন্য হৈ পৰিছে সমগ্ৰ অসম !
বৰপেটা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত একত্ৰিত হৈছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ অজস্ৰ গুণমুদ্ধ । মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকস্তব্ধ সত্ৰনগৰী বৰপেটা । অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰিছে অগণন অনুৰাগী তথা ৰাইজে । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকত ভাগি পৰিছে সকলো ।
জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্র দাসে কয়, "জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰে সমগ্ৰ অসম জোকাৰি গৈছে ৷ বৰপেটাও স্তব্ধ হৈ পৰিছে ৷ জুবিন গাৰ্গ যে আমাৰ মাজত নাই সেই কথা বিশ্বাসেই নহয় ৷ অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি...৷"
জুবিন গাৰ্গৰ মৃত্যুত কান্দোনত ভাগি পৰা দেখা গ'ল বৰপেটাৰ হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন কণ্টিক । বৰপেটা সত্ৰৰ দালানৰ সন্মুখত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই কান্দোনত ভাগি পৰা হোলীগীতৰ শিল্পীগৰাকীয়ে এই দুখ সহিবলৈ অসমবাসীক শক্তি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনায় । জুবিন গাৰ্গে অসমীয়া সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানে জাতিটোক প্ৰাণৱন্ত কৰি ৰাখিব বুলিও আশা প্ৰকাশ কৰে হোলীগীতৰ শিল্পীগৰাকীয়ে ।

জুবিন গাৰ্গ ফেন ক্লাবে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ অনুৰাগীসকলৰ লগতে বৰপেটা সত্ৰৰ ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । ইফালে বৰপেটা চহৰৰ পাঁচআলি চ'কত শিল্পীগৰাকীলৈ আছুৱে শ্ৰদ্ধাঞ্জলি জনায় । বন্তি প্ৰজ্বলেনেৰে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰে প্ৰাৰ্থনা জনায় । একেদৰে কলগাছিয়াতো অসমৰ হিয়াৰ আমঠু হাৰ্টথ্র'ৱ জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে । কলগাছিয়া চাৰিআলি চ'কত মম জ্বলাই শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে ৰাইজে ৷

সৰুপথাৰ : ৰাজ্যজুৰি মৰমৰ শিল্পীগৰাকীক যিয়ে যিধৰণে পাৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । তাৰ মাজতে বৰপথাৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । বৰপথাৰ নগৰত ৩ গৰাকী চিত্রশিল্পী ক্ৰমে সৌৰভ দাস, দুৰ্লভ জ্যোতি ডেকা আৰু ভাস্কৰ জ্যোতি ফুকনে শিল্পীগৰাকীৰ ছবি অংকনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । চিত্ৰশিল্পী কেইজনে বৰপথাৰ নগৰৰ পকী দেৱালত জুবিন গাৰ্গৰ কেইবাখনো ছবি অংকন কৰে ।

জুবিন গাৰ্গৰ ছবি অংকন কৰি এগৰাকী চিত্ৰশিল্পীয়ে কয়, "সমগ্ৰ অসমবাসীৰ বাবে এক আৱেগিক মুহূৰ্ত । আমি ভবাই নাছিলো যে জুবিন দা এনেকৈ আঁতৰি যাব । আমাৰ বাবে বহু ক্ষতি হৈছে । এজন চিত্ৰশিল্পী হিচাপে মই আৰু মোৰ সহযোগীসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে দেৱালত অংকন কৰিছোঁ । তেওঁৰ বিভিন্ন পুৰণি ফটো ইয়াত অংকন কৰিবলৈ চেষ্টা কৰিছোঁ ।"

আন এগৰাকী চিত্ৰশিল্পীয়ে কয়, "আজি অসমৰ বাবে এক দুঃখবৰ । অসমৰ এক সম্পদ হেৰাই গৈছে । তেওঁ হেৰাই গ'ল যদিও সদায় আমাৰ মাজত থাকিব । বহুদিন ছবি অঁকা নাছিলো, আজি বন্ধুৱে ক'লে ছবি আকিম । সেয়েহে জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই ছবি আঁকিছো ।"
ইফালে শুকুৰবাৰে সন্ধিয়া সৰুপথাৰ-বৰপথাৰ নগৰত ৰাইজে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মহান শিল্পীগৰাকীক সৰুপথাৰ নগৰৰ শ্বহীদ বেদীৰ সমীপত সহস্ৰাধিক লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সৰুপথাৰ নগৰৰ ৰাজপথৰ মাজতে বহু সংখ্যক স্থানীয় লোকেও বন্তি প্ৰজ্বলন কৰাৰ লগতে নগৰখনৰ বিভিন্ন স্থানত বিভিন্ন লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সৰুপথাৰ মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলেও হাতে হাতে ম'ম জ্বলাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

নগাঁও : ৰাজ্যৰ বাকী প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । মৰমৰ শিল্পীগৰাকীক হেৰুৱাই দিশহাৰা অনুৰাগী । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কান্দোনত ভাগি পৰিল তেওঁৰ অনুৰাগী । জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱশীষ শৰ্মাও কান্দোনত ভাগি পৰা দেখা গ'ল । নগাঁৱৰ বুকু হৈ পৰিল মায়াবিনী-মায়াময় ।
যুৱ প্ৰজন্মৰ হিয়াৰ স্পন্দন প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা বুকুত লৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ নিশা পৰ্যন্ত নগাঁও চহৰত ভিৰ কৰিলে অনুৰাগীয়ে । চকুত চকুপানী লৈয়েই নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্ৰ, ক্লক টাৱাৰ, আৱৰ্ত ভৱন চাৰিআলিসহ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে একত্ৰিত হয় অগণন অনুৰাগী ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জুবিন গাৰ্গ ফেন ক্লাবৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্রিয় শিল্পীগৰাকীক । নগাঁও আৱৰ্ত ভৱন চাৰিআলিত থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত জিলা প্ৰশাসনে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । নগাঁও ক্লক টাৱাৰত হাজাৰ হাজাৰ অনুৰাগীৰ অংশগ্ৰহণত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি জুবিন অনুৰাগীৰ সৈতে জনপ্ৰিয় গীত 'মায়াবিনী' গাবলৈ চেষ্টা কৰিও শোকত ম্ৰিয়মান হৈ পৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । আনকি সংবাদ মাধ্যমৰ সন্মুখতো কোনো মন্তব্য কৰিব নোৱাৰিলে জিলা আয়ুক্তগৰাকীয়ে । মাজনিশা পৰ্যন্ত অনুৰাগীসকলে জুবিন গাৰ্গৰ গীত গাই একপ্ৰকাৰ জুবিনময় কৰি তোলে সমগ্ৰ নগাঁও চহৰ ।
লগতে পঢ়ক :জুবিনে নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল এজোপা পাইন গছ

