ডিব্ৰুগড় : ‘‘চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে ব'হাগৰ বিহুৰে কথা ৷’’
আজি অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু ৷ তিনিটি বিহুৰ ভিতৰত ব’হাগ বা ৰঙালী বিহু অন্যতম ৷ কিয়নো ব'হাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি । প্ৰকৃতিয়েও ন ৰূপ লৈ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে ৷ প্ৰকৃতিৰ লঠঙা বিৰিষেও পুৰণি সাজ সলাই ন সাজেৰে সেউজীয়া হৈ পৰিছে ৷
কপৌ, তগৰ আদি ফুলৰ সুগন্ধিয়ে চাৰিওকাষ কৰি তুলিছে ব'হাগময় । ইয়াৰ মাজতে কুলি-কেতেকীৰ সুৰীয়া মাতে ব'হাগ বিহুক কৰি তুলিছে আৰু অধিক প্ৰাণৱন্ত । মুঠৰ ওপৰত ৰঙালীৰ আনন্দ উল্লাসত মতলীয়া হৈছে ৰাজ্যৰ প্ৰতিজন চহা অসমীয়া ।
আজি গৰু বিহু । অসমীয়াৰ বাপোতি সাহোন ব'হাগ বিহুৰ পহিলা দিনটোত প্ৰতিজন অসমীয়াই অতিজৰে পৰা গৰু বিহু হিচাবে পালন কৰি আহিছে । হয় লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিজন চহা অসমীয়াই গৰু বিহু পালন কৰিছে ।
চহা অসমীয়াই গৰু বিহুটিক অতি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পালন কৰে । সময় পৰিৱৰ্তনৰ লগে লগে গৰু বিহু সীমিত সংখ্যক লোকে পালন কৰা দেখা যায় যদিও চহা গ্ৰাম্য জীৱনত গৰু বিহুৰ গুৰুত্ব অপৰিসীম ।
বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু হিচাপে পালন কৰা হয় । কৃষিজীৱি অসমীয়া সমাজৰ গৰু বিহুৰ সৈতে আছে এক এক এৰাব নোৱাৰা আবেগ, বুজাব নোৱৰা আন এক উছাহ । সেয়ে গৰু বিহুৰ বাবে চহা কৃষক ৰাইজৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৷

আধুনিকতাৰ ধামখূমীয়াত বৰ্তমানৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন হ’লেও আজিও চহা কৃষকৰ মাজত জীয়াই আছে গৰু বিহুৰ মাদকতা ৷ গ্ৰাম্য অঞ্চলৰ ৰাইজে দুই তিনি-দিনৰ পূৰ্বৰ পৰাই গৰু বিহুৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰাত ব্যস্ত হয় ।
গৰু বিহুত গ্ৰাম্য অঞ্চলসমূহত সমূহীয়াকৈ গৰু গা- ধুৱাৰ এক পৰম্পৰা আজিও জীয়াই আছে । আধুনিক সমাজৰ ব্যৱস্থাত গৰু বিহু পালন কৰা লোকৰ সংখ্যা কমি আহিলেও পৰম্পৰা ৰক্ষা কৰি আহিছে চহা কৃষক ৰাইজে ।

- গৰু বিহুৰ বাবে কৃষকৰ ব্যস্ততা -
গৰু বিহুৰ দিনা গৰুক গা-ধুৱাবলৈ প্ৰস্তুত কৰা হয় ছাট । আগলি এখিলা কলপাত ডলা বা চালনিৰ ওপৰত থৈ লাও, বেঙেনা, থেকেৰা , কেৰেলা, হালধি কাটি লোৱা হয় আৰু বাঁহেৰে নিৰ্মাণ কৰা ছাটত এই সমূহ লগোৱা হয় ।
ইয়াৰ পাছতে গৰুক ধুৱাবলৈ মাহ-হালধি পিহি লোৱা হয় । কিছু কিছু ঠাইত গৰুৰ গোহালিত ধুপ চাকি জ্বলোৱা দেখিবলৈ পোৱা যায় । মুঠৰ ওপৰত গৰু বিহুৰ দিনটোত আধ্যাত্মিকভাৱে গৰুক সেৱা কৰা হয় ।

এই সমূহৰ পাছতে ঘৰৰ গো-ধনকেইটাক নদী,বিল জান জুৰিৰ পাৰলৈ লৈ যোৱা হয় । গ্ৰাম্য অঞ্চলসমূহত একত্ৰিতভাৱে কৃষক ৰাইজে গৰুক গা-ধুৱাই সমন্বয়ৰ বাৰ্তা দি আহিছে । নদী, বিল, জান-জুৰিৰ পাৰত গৰুসমূহ একত্ৰিত কৰি জ্যেষ্ঠ জনে আৰ্শীবাদ দিয়াৰ পাছতে লাহনীৰে পানী ছটিয়াই নোৱাই-ধুৱাই পূৰ্বে প্ৰস্তুত কৰা ছাটৰ পৰা লাও, বেঙেনা, কেৰেলা আদি গৰুৰ গালৈ দলিয়াই সমস্বৰে গাই-
"লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু ৷"
- মাখিয়তী আৰু দীঘলতিৰে কোবাই গৰুক গা ধুৱাবলৈ নিয়া হয় -
সময় পৰিৱৰ্তনৰ লগে লগে বিহুৰ পৰম্পৰা কিছু পৰিৱৰ্তন হ'বলৈ ধৰিছে । তথাপিও স্বকীয়তা জীয়াই ৰাখি গৰু বিহু পালন কৰাৰ চেষ্টা কৰে বহু অসমীয়াই । গৰু বিহুৰ পৰম্পৰা, ইয়াৰ গুৰুত্ব সম্পৰ্কত আমি কথা পাতিছিলো বিহুৰ বিচাৰক, সমালোচক ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৰাজীৱ গগৈৰ সৈতে ।
গৰু বহুৰ ঐতিহ্যক সম্পৰ্কে বিশিষ্ট ব্যক্তিগৰাকীয়ে কয়, "বৰ অসমৰ এটা চিনাকী বা পৰিচয় হ'ল বিহু । সাত বিহুৰ সৈতে গৰু বিহু জড়িত হৈ আছে । ব'হাগৰ প্ৰথম বিহুৱেই হ'ল গৰু বিহু । গৰু বিহুকে ধৰি ব'হাগৰ সাত বিহু কৃষিৰ লগত জড়িত হৈ আছে ।’’

গগৈয়ে আৰু কয়, ‘‘ব'হাগ বিহুৰ পাছতে কৃষকসকল খেতি পথাৰত ব্যস্ত হ'ব লাগিব ৷ সেয়ে গৰুক সন্মান প্ৰদান কৰে বিহুৰ দিনাই । মাখিয়তী আৰু দীঘলতিৰে কোবাই গৰু গা- ধুৱাবলৈ নিয়া হয় । গৰুক গা ধুৱাই লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা; মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু - বুলি গাই গৰুৰ গাত লাউ, বেঙেনা, থেকেৰা, কেৰেলা, হালধি মৰা হয় ।’’
- নতুন তৰা পঘাৰে গধূলি গৰুক বন্ধা হয় -
গৰু বিহুত গৰুক গা-ধুৱাই নতুন পঘা দিয়াৰ নিয়ম অতীজৰ পৰাই চলি আহিছে । তাৰ বাবে মৰাপাট আৰু তৰাৰ পঘা নিৰ্মাণত ব্যস্ত হয় গাঁৱৰ কৃষকসকল । গৰু বিহুৰ দিনা পুৱাতে গো-ধনকেইটাক মাহ-হালধিৰে নোৱাই-ধুৱাই সন্ধিয়া নতুন তৰা বা তৰালী পঘাৰে বন্ধাৰ নিয়ম অসমীয়া গ্ৰাম্য সমাজত অতীজৰে পৰা চলি আহিছে ।
এই সম্পৰ্কত বিহুৰ বিচাৰক, সমালোচক ৰাজীৱ গগৈয়ে কয়, "গৰুক সন্মান প্ৰদান কৰাৰ বাবে নতুন তৰা পঘাৰে গধূলি গৰু বন্ধা হয় । গৰুক যাতে ম'হ দাহে খাব নোৱাৰে তাৰ বাবে গৰুক জাক দিয়া হয় । সন্ধিয়া গৰুক পিঠা-পনাও খোৱা হয় ।

- কৃষিৰ সৈতে গৰুৰ ওতঃপ্ৰোতঃ ভাৱে জড়িত -
গগৈয়ে কয়, "গৰু বিহু পম্পৰাগত উৎসৱ যদিও ইয়াৰ বিজ্ঞানসন্মত বিশ্লেষণ আছে । কৃষিজীৱি ৰাইজৰ বাবে গৰু এৰাব নোৱাৰা অংশ । গতিকে গৰুক সন্মান কৰিবলৈ নিশিকিলে অসমীয়াৰ আয়ুস ৰেখা কমি আহিব ।’’
তেওঁ আৰু কয়, ‘‘বৰ্তমান সময়ত গৰুৰ সংখ্যা কমি আহিছে । নতুন নতুন কৃষি সঁজুলি ব্যৱহাৰৰ বাবে গৰুৰ সংখ্যা কমি অহাত গৰু বিহু পালন কৰাৰ পৰম্পৰা কিছু কিছু ঠাইত নোহোৱা হৈছে । গৰুৰ সহায়ত কৃষি কৰোটো কৃষকৰ স্বাস্থ্যৰ বাবে উপযোগী ।’’ সেয়ে অসমীয়া ৰাইজক গৰু বিহু পালন কৰি নিজক কৃষিৰ লগত জড়িত কৰিবলৈ আহ্বান জনায় বিহুৰ বিচাৰক, সমালোচক ৰাজীৱ গগৈয়ে ।