ETV Bharat / state

'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

Best Childrens Book Award : 'অকণিৰ সাহিত্য সভা'ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান 'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ কৰা হৈছে ।

Best Childrens Book Award
'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 17, 2024 at 9:26 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, 17 অক্টোবৰ : অসমীয়া শিশু গ্ৰন্থৰ জন্ম আৰু চৰ্চাৰ ক্ষেত্ৰখন দুৰ্বল বুলি সততে প্ৰচাৰ চলি থকাৰ মাজতো প্ৰতিবছৰে প্ৰকাশ পোৱা বহুকেইখন শিশু উপযোগী গ্ৰন্থই শিশুৰ লগতে সাধাৰণ পাঠকৰ মন-মগজুত চিন্তাৰ নতুন চেতনা জন্মাবলৈ সক্ষম হৈ আহিছে ।

২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ 'সেউজীয়া সপোন এটাৰ পাছে পাছে' শীৰ্ষক শিশু উপন্যাসখনৰ জৰিয়তেও শিশুসকলে নিশ্চিতভাৱে তেওঁলোকৰ জীৱনৰ উজ্জ্বল সম্ভাৱনাবোৰক বিচাৰি পোৱাৰ লগতে এজন ভাল মানুহ হিচাপে নিজকে গঢ়িবলৈ এক চিন্তাৰ খোৰাক পাব ।

অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ৰেখা প্ৰকাশনে প্ৰকাশ কৰা উল্লিখিত গ্ৰন্থখনিলৈ 'অকণিৰ সাহিত্য সভা'ই ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা আগবঢ়োৱাৰ কথা এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই ।

বিবৃতিটোত বৰ্তমান সময়ত শিশুসকলে কি কিতাপ পঢ়িব বা বা এখন ভাল কিতাপ পাঠকে কিদৰে নিৰ্বাচন কৰিব সেইটো চিন্তাৰ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰি এনেক্ষেত্ৰত অকণিৰ সাহিত্য সভাই প্ৰতিবছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থ নিৰ্বাচন কৰি পাঠকৰ সন্মুখত দাঙি ধৰাৰ কথা উল্লেখ কৰে ।

লগতে অসমীয়া মৌলিক শিশু সাহিত্যৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰিছে । উল্লেখ্য যে এই বঁটাত আছে নগদ ধন, গ্ৰন্থৰ টোপোলা, গামোচা আৰু অংগবস্ত্ৰ । বিগত বৰ্ষত এই বঁটা লাভ কৰিছিল ডঃ ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে' গ্ৰন্থখনিয়ে । এই বছৰৰে ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত তেজপুৰত অনুষ্ঠিত হ'বলগা 'অকণিৰ সাহিত্য সভা'ৰ এক বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বুলিও অকণিৰ সাহিত্য সভাৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য
লগতে পঢ়ক :কাতি বিহুত ঘৰতে প্ৰস্তুত কৰক এই কেইবিধ পৰম্পৰাগত অসমীয়া খাদ্য