ঢাকা গ্ৰন্থমেলাত প্ৰকাশ পালে 'গেৰিলা'ৰ বাংলা অনুবাদ: বাংলাদেশী পাঠকেও জানিব অসমৰ বিদ্ৰোহী সমস্যাৰ আঁতিগুৰি
'গেৰিলা'ৰ বাংলা সংস্কৰণ । জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গৱেষণা তথা সাক্ষাৎকাৰমূলক গ্ৰন্থ 'গেৰিলা' সূলভ হ'ল ঢাকা গ্ৰন্থমেলাত ।

Published : February 28, 2025 at 5:02 PM IST
হায়দৰাবাদ: অসমৰ বিদ্ৰোহী সমস্যা, ইয়াৰ ইতিবৃত্তক সামৰি ২০২০ চনত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গৱেষণা তথা সাক্ষাৎকাৰমূলক গ্ৰন্থ 'গেৰিলা' এইবাৰ প্ৰকাশ পালে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ।
বাংলাদেশৰ ৰাজধানী ঢাকাত আয়োজিত দেশখনৰ সৰ্ববৃহৎ গ্ৰন্থমেলাত প্ৰকাশ পালে 'গেৰিলা'ৰ বাংলা সংস্কৰণ ৷ ১ ফেব্ৰুৱাৰীৰ পৰা ঢাকাত চলি থকা দেশখনৰ এই সৰ্ববৃহৎ গ্ৰন্থমেলাখন আজি শুকুৰবাৰে সামৰণি পৰে ।
ইয়াৰ মাজতেই ২৬ ফেব্ৰুৱাৰীত প্ৰকাশ পালে অসমৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ 'গেৰিলা' শীৰ্ষক গ্ৰন্থখনৰ বাংলা সংস্কৰণ । দেশখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'কেন্দ্ৰবিন্দু'য়ে প্ৰকাশ কৰি উলিয়াইছে এই বহুচৰ্চিত গ্ৰন্থখন । বাংলাদেশৰ যুৱ উদ্যোগী তথা অনুবাদক ওৱাহিদ তুষাৰে সাংবাদিক ডেকাৰ 'গেৰিলা' শীৰ্ষক গ্ৰন্থখনক বঙালী ভাষালৈ অনুবাদ কৰিছে ।
উল্লেখ্য যে ২০২০ চনৰ ২০ জুনত গুৱাহাটী প্ৰেছ ক্লাৱত অসমীয়া ভাষাত মূল গ্ৰন্থখন উন্মোচিত হৈছিল । নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা(স্বাধীন)ৰ সেই সময়ৰ সভাপতি ডাঃ অভিজিত অসম, এন এছ চি এন (আই এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা, এন এছ চি এন (কে)ৰ অধ্যক্ষ য়ুং য়াং, সেই সময়ৰ এন ডি এফ বি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু সেই সময়ৰ আলোচনাৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সাক্ষাৎকাৰ সন্নিৱিষ্ট হৈছে 'গেৰিলা'ত ।

উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যা, জাতিগত উগ্ৰপন্থাৰ আৰম্ভণি আৰু ইয়াৰ বিস্তৃতিকে আদি কৰি পোনপটীয়া বহু তথ্য এই গ্ৰন্থখনত লিপিবদ্ধ কৰিছে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই । প্ৰকাশক আৰু অনুবাদকে আশা কৰিছে অসম আৰু উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থাৰ আধাৰত লিপিবদ্ধ 'গেৰিলা'ৰ বাংলা সংস্কৰণক দেশখনৰ পাঠকে নিশ্চয় আকোৱালি ল'ব । এই সন্দৰ্ভত যথেষ্ট উৎসাহী আৰু আশাবাদী গ্ৰন্থখনৰ মূল লেখক বিজু কুমাৰ ডেকাও ।
ই টিভি ভাৰতক ডেকাই কয়,"আচলতে উত্তৰ-পূবৰ প্ৰায় প্ৰতিটো বিদ্ৰোহী সংগঠনৰে এটা সম্পৰ্ক আছে বাংলাদেশৰ সৈতে । সেয়েহে গ্ৰন্থখনত এই তথ্যবোৰ আমি সন্নিৱিষ্ট কৰিছিলোঁ । বাংলাদেশৰ মানুহেও কথাবিলাক জনা উচিত । সেয়ে গ্ৰন্থখন বাংলাদেশতো মুকলি কৰাৰ চিন্তা কৰা হ'ল ।"
আনহাতে, গ্ৰন্থখনৰ বাংলা অনুবাদক তথা বাংলাদেশৰ প্ৰকাশন গোষ্ঠী 'কেন্দ্ৰবিন্দু'ৰ স্বত্বাধিকাৰী ওৱাহিদ তুষাৰে ক'লে,"আমাৰ চুবুৰীয়া অসম । যেতিয়া অসমীয়া ভাষাত গ্ৰন্থখন প্ৰকাশ পোৱাৰ খবৰ পাইছিলোঁ তেতিয়া মই গ্ৰন্থখনৰ লেখক বিজু কুমাৰ ডেকাৰ সৈতে মেইলযোগে যোগাযোগ কৰিছিলোঁ আৰু গ্ৰন্থখন বাংলালৈ অনুবাদৰ বাবে তেওঁৰ পৰা অনুমতি লৈছিলোঁ । কিয়নো এই কথাবিলাক বাংলাদেশৰ লোকেও জনা দৰকাৰ । আমি আশা কৰিছো বাংলাদেশৰ পাঠকে নিশ্চয় গ্ৰন্থখনৰ প্ৰতি ভাল সঁহাৰি জনাব ।"

