৪ জুনত পৰিব বাইকত কিক: এইবাৰ ইউৰোপৰ অকোৱা-পকোৱা মাউণ্টেইন পাছত চলিব মীনাক্ষীৰ বাইক
বাইক ৰাইডাৰ মীনাক্ষী দাসে এইবাৰ ভ্ৰমণ কৰিব ইটালী, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, জাৰ্মানী আৰু ফ্ৰান্সকে ধৰি ইউৰোপৰ বহুকেইখন দেশ ৷

Published : June 2, 2025 at 1:57 PM IST
গুৱাহাটী: বিশ্বৰ ৬৪ খন দেশ বাইকেৰে ভ্ৰমণ কৰা ৰাইডাৰ মীনাক্ষী দাস এইবাৰ সাজু হৈছে আন এক অভিলেখ গঢ়িবলৈ । এইবাৰ ইউৰোপৰ মাউণ্টেইন পাছ ভ্ৰমণ কৰি অভিলেখ গঢ়াৰ বাবে সাজু হৈছে মীনাক্ষী দাস । তেওঁৰ এই যাত্ৰা আৰম্ভ হ’ব ৪ জুনৰ পৰা ।
মিলানৰ পৰা যাত্ৰা আৰম্ভ কৰি ইউৰোপৰ পৰ্বতীয়া বাটেৰে গৈ ইটালী, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, জাৰ্মানী আৰু ফ্ৰান্সৰ সৰ্বাধিক উচ্চ পৰ্বতসমূহ অতিক্ৰম কৰিব ৰাইডাৰ মীনাক্ষীয়ে ৷
এই সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি মীনাক্ষী দাসে কয় "কাইলৈ অৰ্থাৎ ২ জুনত গুৱাহাটীৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা মিলান (ইটালী)লৈ বিমানেৰে যাত্ৰা কৰিম । মিলানৰ পৰা বেনেল্লি টি আৰ কে (Benelli TRK) মটৰচাইকেল ভাড়াত লৈ ৪ জুনৰ পৰা ১৫ দিনৰ বাবে এই অভিযান আৰম্ভ কৰিম । এই অভিযান মিলানতে সামৰণি পৰিব । এই যাত্ৰাৰ সামৰণি মাৰি ২২ জুনত মুম্বাই পাম । মোৰ লগত থাকিব অসমীয়া গামোচা আৰু জাতীয় পতাকা । এই যাত্ৰাত ইউৰোপৰ আটাইতকৈ ওখ, কঠিন আৰু ভাঁজযুক্ত পাহাৰীয়া পথসমূহ অতিক্ৰম কৰাটো আৰু বৰফ মোৰ বাবে প্ৰত্যাহ্বান হ'ব । যোৱাবাৰ মই ৬৪ খন দেশ ভ্ৰমণ কৰোতেই মোক বহুলোকে ঘৰত আশ্ৰয় দি খাদ্য যোগান ধৰি সহায় কৰিছিল ।’’
তেওঁ লগতে কয় ‘‘মিলানত এটা অসমীয়া পৰিয়াল পাইছো । তাৰ বাহিৰে বেলেগত পোৱা নাই । এইবাৰ তেনেকুৱা লোক পোৱা নাই, যাৰ বাবে হোটেলত থাকিব লাগিব । তাত হোটেলবোৰ অত্যন্ত ব্যয়বহুল হয় । তদুপৰি তাত পেট্ৰ’লৰ মূল্য অধিক । প্ৰতিদিনে ৰাইড কৰিব লাগিব । যোৱাবাৰ যাওঁতে জিৰণি ল'ব পাৰিছিলো যদিও এইবাৰ নোৱাৰিম । ১৫ দিনৰ বাবে মোৰ ভিছা আছে । এই অভিযান সফল হ’লে ইণ্ডিয়াৰ ৰেকৰ্ড হ'ব । কিয়নো কোনো ভাৰতীয় ৰাইডাৰে একেলেগে ইউৰোপৰ মাউণ্টেইন পাছবোৰ ভ্ৰমণ কৰা নাই । এই ৰাইডৰ মূল উদ্দেশ্য হৈছে নাৰী সবলীকৰণ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ প্ৰসাৰ কৰা । এই অভিযানৰ বাবে প্ৰায় ৪ লাখ টকাৰ বাজেট লাগিব । ইতিমধ্যে অসম পৰ্যটন নিগমে বিমানৰ টিকট আৰু এন আৰ এলে বাইকখনৰ ভাৰা দি সহায় আগবঢ়াইছে ।’’
যদিহে কোনো লোকে ৰাইডাৰগৰাকীক সহায় কৰিবলৈ ইচ্ছুক, তেন্তে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও মীনাক্ষী দাসে সদৰী কৰে ৷
উল্লেখ্য যে, মীনাক্ষী দাসক অসম চৰকাৰে অসম গৌৰৱ ২০২৫ ৰে সন্মানিত কৰিছে । এখন বাইককে সাৰথি হিচাপে লৈ বিশ্বৰ ৬৪ খন দেশ ভ্ৰমণ কৰাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল অসমীয়া ৰাইডাৰগৰাকীক ৷
লগতে পঢ়ক: বিহুৰ দিনাই বাইকখন লৈ ওলাই যাব সমগ্ৰ উত্তৰ-পূব ভ্ৰমণলৈ, বাইক লৈ ৰাছিয়ালৈ যাব পূজাত

