ডিব্ৰুগড়: চুমী বৰাৰ কথা মনত আছেনে বাৰু আপোনাৰ ? ৰীলৰ দুনীয়াত যি পৰিচিত "মইনা কলিজা" নামেৰে ৷ হয়, সেই চুমী বৰাৰ কথাই কৈছো, ট্ৰেডিং কেলেংকাৰীৰ গোচৰত প্ৰায় ৮ মাহৰ পূৰ্বে জেললৈ যোৱা সকলোৰে মৰমৰ মইনা কলিজাৰ কথা ৷ অৱশেষত চুমী বৰায়ো পালে জামিন ৷ আজি (বৃহস্পতিবাৰ) সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে চুমীৰ ৷
বিগত কেবামাহ পূৰ্বে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্য । অসমৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় সদৰ থানাৰ লগতে আন কেইবাখনো থানাত ৰুজু হৈছিল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰ । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ অসম আৰক্ষীয়ে চি বি আইলৈ হস্তান্তৰ কৰিছিল ।
ইয়াৰ পাছতে ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চি বি আইৰ দলে । যোৱা বৰ্ষৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰবাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিছিল ।
সেই সময়ত ডিব্ৰুগড় সদৰ থানাত 352/24নম্বৰত গোচৰ ৰুজু কৰি ধাৰা 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাছতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আদালতে ।
কিন্তু অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাৰ মুল অভিযুক্ত বিশাল ফুকন, তাৰ্কিক আৰু অম্লান বৰাই ইতিমধ্যে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল । কিন্তু বিশাল ফুকনৰ মুল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাৰ গোচৰৰ সমান্তৰালভাৱে বৰবৰুৱা থানাৰ ৮৫/২৪ আৰু দুলীয়াজান থানাৰ ১৯৮/২৪ নম্বৰৰ গোচৰ চলি থকাত চুমী আঠ মাহে কাৰাগাৰত থাকিব লগা হয় ।
অৱশেষত বুধবাৰে বৰবৰুৱা থানাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাত আজি ৮ মাহৰ পাছত মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰী চুমী বৰা ।
- আজি সন্ধিয়ালৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা চুমী বৰাৰ :
আজি সন্ধিয়ালৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে চুমী বৰাৰ । দুলীয়াজান থানাৰ ১৯৮/২৪ আৰু বৰবৰুৱা থানাৰ ৮৫/২৪ দুয়োটা গোচৰৰ বেইল বণ্ড জমা দিয়া প্ৰক্ৰিয়া সমাপন হোৱাৰ লগে লগে ন্যায়ালয়ে সেয়া মঞ্জুৰ কৰাৰ পাছতে ৮ মাহৰ পাছত কাৰাগাৰৰ পৰা আকাশৰ তলত উশাহ ল'ব চুমী বৰাই ।
এই সম্পৰ্কত চুমী বৰাৰ অধিবক্তা সুমিত টোডীয়ে কয়, "চুমী বৰাই সকলো গোচৰত জামিন লাভ কৰিছে । আজি আদালতত আমি বেইল বণ্ড জমা দিম । আদালতে বেইল বণ্ড গ্ৰহণ কৰা পাছতে তেওঁ সন্ধিয়া ওলাই আহিব । চুমী বৰাৰ গোচৰ চলি আছে আদালতত, কিন্তু সকলো গোচৰত জামিন লাভ কৰিছে । আজি আদালতে অনুমতি দিলে সন্ধিয়ালৈ কাৰাগাৰৰ পৰা ওলাই আহিব চুমী বৰা ।"