জুবিন গাৰ্গ জীয়াই থাকিব আমাৰ মাজত সদায় : ৰবি শৰ্মা
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত অভিনেতা ৰবি শৰ্মা । উপস্থিত হৈ শিল্পীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ।

Published : September 20, 2025 at 11:46 PM IST
গুৱাহাটী : হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাসগৃহত কালিৰে পৰা ভিৰ কৰিছেহি বিভিন্ন অনুৰাগীয়ে । শিল্পীগৰাকীয়ে বিচৰা ধৰণে ''মায়াবিনী ৰাতিৰ বুকুত...'' গীত গাই শিল্পীগৰাকীৰ কাহিলীপাৰা বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ । লগতে অনুৰাগীয়ে দিলে ''জয় জুবিন দা...'', ''আমাৰ জুবিন দাক উভতাই দিয়ক...'' আদি ধ্বনি ।
বিভিন্ন অনুৰাগীৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ লগতে ৰাজনৈতিক নেতাই । কিছুসময়ৰ পূৰ্বে অভিনেতা ৰবি শৰ্মাও উপস্থিত হৈ শিল্পীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ।
পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ৰবি শৰ্মাই কয়, ''এইটো বাইট দিব লাগিব বুলি জীৱনত কেতিয়াও ভবা নাছিলো । কিন্তু উপায় নাই ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছো । বাকী জুবিনৰ বিষয়ে নতুনকৈ ক'বলগীয়া মোৰ একো নাই । আমি সমবয়সীয়া বন্ধু দুজন । আমাৰ মাজত কেতিয়াবা মতানক্যও হয়, মিলা-মিছাও আছিল সাংঘাটিক । এইটো বাইট দিব লগা আমাৰ বাবে কষ্টকৰ । সি যেনেকৈ বিচাৰিছিল তেনেদৰে জীৱনটো জীয়ালে আৰু যেনেদৰে বিচাৰিছিল তেনেদৰে আমাৰ মাজৰ পৰা গুচি গ'ল । জুবিন গাৰ্গ জীয়াই থাকিব আমাৰ মাজত সদায় ।''
লগতে তেওঁ কয়, ''মোৰ লগত ছবিজগতলৈ অহাৰ বহু আগৰে পৰা চিনাকি । য'তে আছে সি শান্তিত থাকক । এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা । অনুৰাগীসকলৰ মাজতো মই কৃতজ্ঞ । অনুৰাগী হিচাপে তেওঁলোকে যিখিনি কৰ্তব্য পালন কৰিছে তাৰ বাবে মই কৃতজ্ঞ । কেৱল অকমান শৃংখলাবদ্ধভাৱে চলক । যাতে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় । প্ৰশাসনৰ যাতে সুবিধা হয় । আমাৰ ক্ষতি সকলোৰে ক্ষতি । যিটো মৰম দিছে দেশে-বিদেশ, চুবুৰী-পদূলিয়ে, সেইটো মৰমৰ বাবে মই চিৰকৃতজ্ঞ । জুবিনৰ শেষ ইচ্ছা আছিল তেওঁৰ মৃত্যুৰ পাছত যাতে মায়বিনী গীতটো বাজে । এটাই অনুৰোধ সকলোৱে শৃংখলাবদ্ধভাৱে চলক ।''

