ETV Bharat / state

'জয় আই অসম' ধ্বনি দি বৰদোৱা থানক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ - ASSAMESE YOUTH IN UNITED NATIONS

ৰাষ্ট্ৰসংঘত জয় আই অসম ধ্বনি অসমীয়া যুৱকৰ । গুৰুজনাৰ জন্মস্থানক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ মজিয়াত ।

Assam youth proposes to include Borduwa Than in world heritage Site
বৰদোৱা থানক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 9:26 PM IST

6 Min Read

নগাঁও: অসম তথা অসমীয়াৰ বিভিন্ন সমস্যা ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰি ৰাজ্যজুৰি চৰ্চিত হোৱা নগাঁৱৰ যুৱক হীৰকজ্যোতি বৰা পুনৰ আহিছে চৰ্চালৈ । এইবাৰ ডিজিটেল ৰূপত অসমীয়া ভাষাৰ সংৰক্ষণৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰস্তাৱ উত্থাপন কৰে এগৰাকী সমাজসেৱকৰ লগতে সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত অসমীয়া যুৱক হীৰকজ্যোতি বৰাই ।

ৰাষ্ট্ৰসংঘৰ বিগত অধিৱেশনতো অসমৰ বিদেশী সমস্যাকে ধৰি একাধিক বিষয় উত্থাপন কৰাৰ পাছত পুনৰ চলি থকা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ অধিৱেশনত কেবাটাও বিষয় উত্থাপন কৰে হীৰকজ্যোতি বৰাই । বিশেষকৈ অসমীয়া ভাষাৰ ডিজিটেল সংৰক্ষণৰ লগতে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰে হীৰকজ্যোতি বৰাই । মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাষিক বৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনায় হীৰকজ্যোতি বৰাই ।

বৰদোৱা থানক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ (ETV Bharat)

"প্ৰযুক্তিগত সহায় আৰু সামৰ্থ্য বিকাশ" শীৰ্ষক এজেণ্ডা ১০ৰ অধীনত অনুষ্ঠিত এই অধিৱেশনত কম্বোডিয়াৰ মানৱ অধিকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ উচ্চপদস্থ কাৰ্যালয়ৰ (OHCHR) কাম-কাজৰ প্ৰশংসাৰ লগতে অসমৰ স্বকীয়তাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বৰাই ।

অধিৱেশনত দিয়া ভাষণত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা হীৰকজ্যোতি বৰাই কয়, "ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৪/৩৬ নং প্ৰস্তাৱৰ জৰিয়তে কম্বোডিয়াৰ চৰকাৰ আৰু জনগণক মানৱ অধিকাৰৰ ক্ষেত্ৰত সহায় কৰাৰ ক্ষেত্ৰত OHCHR ৰ কৃতিত্বৰ স্বীকৃতি প্ৰদান কৰা হৈছে ।" ইয়াৰ সমান্তৰালকৈ অসমৰ প্ৰসংগ উত্থাপন কৰি হীৰকজ্যোতি বৰাই কয়, "অসম জাতিগত বৈচিত্ৰ্যৰে সমৃদ্ধ এখন ৰাজ্য । ইয়াৰ সংস্কৃতি, পৰম্পৰা আৰু ভাষাৰ স্বকীয়তা আজিৰ দ্ৰুতগতিৰ বিশ্বত সংৰক্ষণৰ প্ৰয়োজন । এই স্বকীয়তাক সুন্দৰ আৰু বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰি বিশ্বৰ আগত তুলি ধৰিব পাৰিলে অসমৰ গৌৰৱ আৰু অধিক বৃদ্ধি পাব ।"

Assam youth proposes to include Borduwa Than in world heritage Site
বৰদোৱা থানৰ তোৰণ (ETV Bharat)

ভাষণত অসমীয়া ভাষাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি হীৰকজ্যোতি বৰাই কয়,"অসমীয়া ভাষা উত্তৰ-পূৰ্বাঞ্চলৰ লিংগুয়া ফ্ৰাংকা বা সাধাৰণ যোগাযোগৰ ভাষা হিচাপে পৰিগণিত । এই ভাষাক ইউনিক’ডৰ জৰিয়তে ডিজিটেলৰূপত সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে, যাতে ইয়াৰ ভৱিষ্যত সুৰক্ষিত হৈ ইণ্টাৰনেটৰ মাধ্যমত বিশ্বজুৰি প্ৰচাৰ লাভ কৰিব পাৰে ।"

এই পদক্ষেপে অসমীয়া ভাষাৰ স্থানক আৰু সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ অধিৱেশনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা হীৰকজ্যোতি বৰাই । ইয়াৰ উপৰিও, একবিংশ শতিকাৰ দ্ৰুত উন্নয়ন আৰু টেকন'লজীৰ বিকাশৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় বৰাই । এই সন্দৰ্ভত বৰাই কয়,"মুখ্যমন্ত্ৰীৰ স্পষ্ট লক্ষ্য আৰু উদ্দেশ্যৰে আগবঢ়োৱা আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপসমূহে অসমক এক নতুন দিশত আগুৱাই লৈ গৈছে ।"

বৰদোৱা থানৰ ঐতিহাসিক আকাশীগংগা পুখুৰী (ETV Bharat)

ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ পৰিষদৰ অধিৱেশনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱা থানৰ সংৰক্ষণৰ বিষয়টোও গুৰুত্ব সহকাৰে উত্থাপন কৰে হীৰকজ্যোতি বৰাই । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে পৰিচিত এই ঐতিহাসিক স্থানৰ অপৰিসীম গুৰুত্বৰ কথা উল্লেখ কৰি হীৰকজ্যোতি বৰাই নিজৰ ভাষণত লগতে কয়, "বৰদোৱা থানৰ ইতিহাস আৰু বৈশিষ্ট্যৰ বাবে ইয়াক বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ যোগ্যতা আছে ।"

তেওঁ ৰাষ্ট্ৰসংঘৰ পৰিষদক এই ক্ষেত্ৰত উদ্দেশ্যমূলক প্ৰযুক্তিগত সহায় আগবঢ়াই বৰদোৱা থানৰ সংৰক্ষণ আৰু বিশ্বজনীন প্ৰচাৰৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায় । নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা হীৰকজ্যোতি বৰাই কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সমাজসেৱাত জড়িত হৈ পৰে । সাংস্কৃতিক ক্ষেত্ৰৰ সৈতেও জড়িত হীৰকজ্যোতি বৰাই Touch of Humanity নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে ৰক্তদানকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজৰ প্ৰতি সেৱা আগবঢ়াই অহা বুলি জানিব পৰা গৈছে ।

বৰদোৱা থানৰ নিৰ্মীয়মান নতুন প্ৰকল্প (ETV Bharat)

থান পৰিচালনা সমিতিৰ প্ৰতিক্ৰিয়া:

ৰাষ্ট্ৰসংঘৰ মানবধিকাৰ পৰিষদৰ অধিবেশনত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ অসমীয়া যুৱক হীৰকজ্যোতি বৰাই প্ৰস্তাৱ দিয়াক লৈ উৎফুল্লিত বটদ্ৰৱা থান পৰিচালনা সমিতি । থান পৰিচলান সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই ই টি ভি ভাৰতৰ সাংবাদিকৰ আগত এই সন্দৰ্ভত হীৰকজ্যোতি বৰাক ধন্যবাদ জ্ঞাপন কৰি কয়, "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৰ্মৰাজীৰ ওপৰতেই নিৰ্ভৰ কৰি অসমীয়া জাতি আগুৱাই গৈ আছে । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ যথেষ্ট থল আছে । সেয়ে হীৰকজ্যোতি বৰাই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰস্তাৱ উত্থাপন কৰাৰ পাছত এতিয়া বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰক পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ ।”

গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি গোস্বামীয়েও ই টি ভি ভাৰতৰ জৰিয়তে হীৰকজ্যোতি বৰাক ধন্যবাদ জ্ঞাপন কৰি কয়,“ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে বটদ্ৰৱা থানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব । যিটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় ।” গুৰুজনাৰ জন্মস্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে চৰকাৰ তথা কৰ্তৃপক্ষকো আহ্বান জনায় শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি গোস্বামীয়ে ।

বৰদোৱা থান (ETV Bharat)

এই প্ৰস্তাৱৰ জৰিয়তে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাষাৰ সংৰক্ষণৰ লগতে টেকন'লজীৰ উন্নয়নৰ দিশত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা দিয়া বুলি বিভিন্নজনে মতপোষণ কৰে । ৰাষ্ট্ৰসংঘৰ মানৱধিকাৰ পৰিষদৰ অধিৱেশনত "জয় আই অসম" শ্ল’গানেৰে নিজৰ বক্তব্য সমাপ্ত কৰে হীৰকজ্যোতি নাথে ।

লগতে পঢ়ক: ৰঙালী বিহুৰ প্ৰাকক্ষণত সুখবৰ; অসমীয়া গহনালৈ জি আই টেগ - GI TAG

চেনেহীয়ে দিয়া গামোচাখন হাতেবোৱা নে পাৱাৰলুমৰ ! কেনেকৈ কৰিব চিনাক্ত ? - POWERLOOM OR HANDLOOM GAMOSA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.