ETV Bharat / state

ফেচবুক-ইনষ্টাগ্ৰামত ফটো দিওতে সাৱধান হওক: অভিনেত্ৰী-সাংবাদিক-কনটেণ্ট ক্ৰিয়েটৰ-গায়িকা কাকো এৰা নাই

সুন্দৰী মহিলা-যুৱতীৰ লগতে সংবাদ মাধ্যমৰ একাংশ যুৱতী সাংবাদিকৰ ফটো সামাজিক মাধ্যমৰ বিভিন্ন পেজত আপলোড কৰি দেহ ব্যৱসায়ৰ দৰ-দাম কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ ৷

FACEBOOK PAGE WITH OBSCENE CONTENT
ফেচবুক-ইনষ্টাগ্ৰামত ফটো দিওতে সাৱধান হওক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 9:13 AM IST

|

Updated : December 10, 2024 at 9:27 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: শেহতীয়াকৈ গুৱাহাটীৰ একাংশ সুন্দৰী মহিলা-যুৱতীৰ লগতে সংবাদ মাধ্যমৰ একাংশ যুৱতী সাংবাদিক-এংকৰৰ ফটো কোনো দুষ্ট চক্ৰই সামাজিক মাধ্যমৰ বিভিন্ন পেজত আপলোড কৰি দেহ ব্যৱসায়ৰ দৰ-দাম কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । ঘটনাটো পোহৰলৈ অহাৰ পিছত ইতিমধ্যে কেইবাগৰাকীও ভুক্তভোগী যুৱতীয়ে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে ।

অভিযোগ অনুসৰি সুন্দৰী যুৱতী-মহিলাৰ ফটো ফেচবুক-ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সংগ্ৰহ কৰি চক্ৰটোৱে দীর্ঘদিনৰ পৰা Assamese Girls Online আৰু Assamese Beautiful Girls নামৰ দুটা ফেচবুক পেজত আপলোড কৰি এই কাম কৰি আহিছে । চক্ৰটোৱে হোৱাটছএপ নম্বৰত সংশ্লিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰি বিলাসী হোটেলত নৈশ যাপনৰ বাবে প্ৰথমে দৰ-দাম আৰম্ভ কৰে ।

Assam women journalist
মহিলা সাংবাদিকৰ অভিযোগ পত্ৰ (ETV Bharat Assam)

পৰৱৰ্তী সময়ত দৰ-দামত মান্তি হ'লেই দুষ্ট চক্ৰটোৱে এছক'ৰ্ট ছাৰ্ভিচৰ বাবে একাংশ হোটেলৰ কোঠাৰ নম্বৰ হোৱাটছএপত সংশ্লিষ্ট ব্যক্তিজনলৈ প্ৰেৰণ কৰাৰ লগতে বন্দৱস্তি অনুসৰি এনিশাৰ সমুদায় ধন আগতীয়াকৈ আদায় দিয়াৰ বাবে গুগল পে', ফোন পে' আদিৰ ইউ পি আই ক'ড প্ৰেৰণ কৰে । সেই অনুসৰি কোনো ব্যক্তিয়ে সুন্দৰী যুৱতীৰ সান্নিধ্যৰ বাবে ধন প্ৰেৰণ কৰিলেই চক্ৰটোৱে লোকজনৰ ফোন নম্বৰ ব্লক কৰি যোগাযোগ বন্ধ কৰি দিয়ে ।

ভুক্তভোগী সাংবাদিক এগৰাকীয়ে জনোৱা অনুসৰি, এই ঘটনাৰ মাষ্টাৰ মাইণ্ড এগৰাকী মহিলা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । বৰ্তমান পলাতক হৈ আছে মহিলাগৰাকী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি অসৎ বেহা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম মহিলা সাংবাদিক মঞ্চই । এই কাৰ্যৰ বিৰোধিতা কৰি মঞ্চই উল্লেখ্য কৰিছে যে চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰা মহিলা সাংবাদিকৰ তালিকাত আছে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো ।

Assam women journalist
অসম মহিলা সাংবাদিক সন্থাৰ বিবৃতি (ETV Bharat Assam)

আনহাতে কেবাগৰাকীও অভিনেত্ৰী-সাংবাদিক-কনটেণ্ট ক্ৰিয়েটৰ- গায়িকাও এনে অপৰাধীৰ লক্ষ্য হোৱা দেখা গৈছে । আমাৰ হাতত পৰা তথ্য অনুসৰি বিভিন্ন সংবাদ মাধ্যমৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ ফটো দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমৰ পেজত । Assamese Girls Online আৰু Assamese Beautiful Girls নামৰ দুটা ফেচবুক পেজে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি এক অনৈতিক ব্যবসায় চলাই আহিছে । সেই ফটো দেখি একাংশই যোগাযোগ কৰে পেজটোৰ সৈতে ।

তাৰ পিছতেই আৰম্ভ হয় অনৈতিক ব্যৱসায়। কেইবাগৰাকীও ভুক্তভোগীয়ে গুৱাহাটীৰ চাইবাৰ থানাত এজাহাৰ দিয়াৰ পাছতেই আৰক্ষীয়ে দুষ্ট চক্ৰটোৱে ব্যৱহাৰ কৰা ফোন নম্বৰৰ পম খেদি গুৱাহাটীৰ হাতীগাঁৱৰ এখন ইউনিছেক্স পার্লাৰত এনে ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰে । অসাধু চক্ৰৰ দ্বাৰা চলি অহা এনে অনৈতিক কাণ্ডৰ এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে অসম মহিলা সাংবাদিক মঞ্চই । এক বিবৃতিৰ জৰিয়তে মঞ্চই সংশ্লিষ্ট প্ৰশাসনীয় কর্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে এই অপৰাধী চক্ৰ উৎখাত কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ পূৰ্বে সাৱধান; শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট !

Last Updated : December 10, 2024 at 9:27 AM IST