ETV Bharat / state

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি, তাৰ পিছত লাভ জেহাদৰ বলি; ঝাৰখণ্ডত উদ্ধাৰ উৰিয়ামঘাটৰ যুৱতী

ইনষ্টাগ্ৰাম চলাই নেকি আপুনি ? সাৱধান, লাভ জেহাদৰ বলি হ'ব পাৰে ! কিয়নো উৰিয়ামঘাট সীমান্তৰ যুৱতী ইনষ্টাগ্ৰাম চলাই বলি হৈছিল লাভ জেহাদৰ ।

Uriamghat woman rescued in Jharkhand
ঝাৰখণ্ডত উদ্ধাৰ উৰিয়ামঘাটৰ যুৱতী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 12:03 PM IST

5 Min Read
Choose ETV Bharat

সৰুপথাৰ : গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়াঘাট ডিমৰুজানৰ যুৱতীক লাভ জেহাদৰ কৱলৰ পৰা উদ্ধাৰ অসম পুলিচৰ । উৰিয়ামঘাট সীমান্তৰ ডিমৰুজান গাঁৱৰ এজন ব্যক্তিৰ কন্যাক (২৪) হিন্দু বুলি ভুৱা পৰিচয়ৰে বিবাহপাশত আবদ্ধ কৰাই পলুৱাই নিছিল ঝাৰখণ্ডৰ এগৰাকী বিবাহিত মুছলমান যুৱকে । অৱশেষত ঝাৰখণ্ড পুলিচ আৰু অসম পুলিচৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীক ।

সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাট সীমান্তৰ ডিমৰুজানত ২০২৪ বৰ্ষৰ পৰা নিজ কন্যাক বিচাৰি নাপাই হাহাকাৰ কৰিছিল এটা পৰিয়ালে । অৱশেষত প্ৰায় ডেৰ বছৰ পিছত ঝাৰখণ্ড পুলিচ আৰু অসম পুলিচৰ তৎপৰতাত সেই যুৱতীগৰাকী উদ্ধাৰ হৈছে ।

ঝাৰখণ্ডত উদ্ধাৰ উৰিয়ামঘাটৰ যুৱতী (ETV Bharat Assam)

ঘটনা অনুসৰি, লাভ জেহাদৰ বলি হৈ উৰিয়ামঘাট ডিমৰুজান গাঁৱৰ পৰা ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ আহমেদ ৰাজা নামৰ ব্যক্তিজনে ২০২৪ চনৰ জানুৱাৰী মাহত প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিছিল যুৱতীগৰাকীক । ইফালে বিবাহৰ পিছতেই সময়ে সময়ে শাৰীৰিক, মানসিক অত্যচাৰৰ বলি হৈছিল যুৱতীগৰাকী । অৱশেষত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি স্বামীগৃহৰ পৰা পলায়ন কৰে যুৱতীগৰাকীয়ে ।

আনহাতে, পলায়নৰ পিছত সহায়ৰ বাবে ঝাৰখাণ্ডৰ বিষ্ণুগড় আৰক্ষী থানাৰ কাষ চাপে যুৱতীগৰাকী । ঝাৰখণ্ডৰ বিষ্ণুগড় আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ হস্তক্ষেপত বিমানযোগে যুৱতীগৰাকীক অসমলৈ আনে অসম আৰক্ষীয়ে । ইয়াৰ পাছতে গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ তত্ত্বাৱধানত গুৱাহাটীৰ পৰা আনি উৰিয়ামঘাট ডিমৰুজান গাঁৱৰ পিতৃগৃহত বৃহস্পতিবাৰে সন্ধিয়া চমজাই দিয়ে যুৱতীগৰাকীক ।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে কয়, "মোৰ গাঁও ডিমৰুজান । ইয়াৰ পৰা মই ঝাৰখাণ্ডলৈ বিয়া হৈ গৈছিলো ইনষ্টাগ্ৰামৰ যোগেদি । মোৰ এটা সন্তানো জন্ম হ'ল । মই জনা নাছিলো যে তেখেত বিবাহিত পুৰুষ আছিল । তেখেতৰ দুটা সন্তানৰ লগতে পত্নীও আছে । মই এই বিষয়ে জনাৰ পিছতেই বিষ্ণুগড় থানাত উপস্থিত হৈ সহায় বিচাৰিলো । বিষ্ণুগড় থানাৰ সহায়ত মই গুৱাহাটীত উপস্থিত হৈছো । এতিয়া মই ঘৰলৈ যাব পাৰিম ।"

ইফালে ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃয়ে কয়, "২০২৪ চনৰ জানুৱাৰী মাহত তাই গৈছিল । ঝাৰখাণ্ডলৈ নিজেই পলাই গৈছিল । তাই যোৱাৰ পিছত যোগাযোগ হোৱাই নাছিল । পলাই গৈছিল, তাৰ পিছত এবাৰেই ফোন কৰিছিল, মোবাইলৰ ছিম কাৰ্ড সম্পৰ্কীয় কথাক লৈ ।"

আনহাতে, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়, "২০২৪ চনৰ জানুৱাৰী মাহত অসম-নাগালেণ্ড সীমান্তৰ ডিমৰুজান গাঁৱৰ নিবাসী... ডাঙৰ ছোৱালী সেই সময়ত মাত্ৰ ২০ বছৰ বয়স হৈছিলহে, তেতিয়াই ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ এজন বিবাহিত পুৰষ আহমেদ ৰাজা, তেওঁৰ লগত ইনষ্টাগ্ৰামত চিনাকি হয় । পুৰুষজনে বহু চল-চাতুৰি কৰি মিছা কথা কৈ ছোৱালীজনীক অপহৰণ কৰি লৈ যায় । তেওঁৰ পূৰ্বৰে পত্নীসহ দুটা ল'ৰা-ছোৱালী আছিল । এই কথাটো ভুক্তভোগী ছোৱালীজনীক কোৱা নাছিল । ঝাৰখণ্ডত গৈ পোৱাৰ পিছত এগৰাকী পত্নী থকাৰ পিছতো এইজনী ছোৱালীক ৰাখিলে যদিও বহু অত্যাচাৰ কৰা আৰম্ভ কৰিলে । শাৰিৰীক-মানসিকভাৱে অত্যাচাৰ কৰিলে, মাৰপিট কৰিছিল । এবাৰ-দুবাৰ পলাই আহিবলৈ চেষ্টা কৰিছিল যদিও পুনৰ ধৰি থয় । তাইৰ এটা পুত্ৰ সন্তানো জন্ম হয় ।"

আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "আজি দুই-তিনিদিনৰ আগতে তাই ঘৰৰ পৰা পলাই আহিবলৈ সক্ষম হ'ল । ঝাৰখণ্ডৰ হাজাৰিবাগত কেইজনমান ব্যক্তিক লগ পালে । তাই ঠিকনাসহ কথাবোৰ কোৱাৰ পিছত ব্যক্তিকেইজনে সহায় কৰিলে । অসম আৰক্ষীয়ে যেতিয়া এই খবৰটো পালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গম পালে । অসম আৰক্ষী আৰু ঝাৰখণ্ডৰ দুই ৰাজ্যৰ আৰক্ষীয়ে তাইক উদ্ধাৰ কৰে । উদ্ধাৰ কৰি বুধবাৰে নিশা বিমানযোগে গুৱাহাটীলৈ অনা হয় । ইয়াৰ পিছতেই গোলাঘাট জিলাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা আনি পৰিয়ালৰ লোকক গতাই দিয়া হয় ।"

ইফালে গাঁওখনৰ গাঁওবুঢ়াই কয়, "২০২৪ চনৰ জানুৱাৰী মাহত হালধিবাৰী লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৰুজান গাঁৱৰ নিবাসী... ডাঙৰ ছোৱালী, তাই ইনষ্টাগ্ৰামত ঝাৰখণ্ডৰ মুছলিম ল'ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰি ভালপাই পলাই গৈছিল । জানিব পৰা অনুসৰি, ... প্ৰেমৰ সম্পৰ্কৰে বিবাহ হোৱা পুৰুষজনৰ এজনী পত্নীসহ দুই সন্তান আছে । ...শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ বাবে তাই সকলো কথা গম পাই ঝাৰখণ্ড আৰক্ষীৰ কাষ চাপে । এই ঘটনাক লাভ জেহাদ বুলি ক'ব পাৰি । কিয়নো এগৰাকী হিন্দু যুৱতীক ইনষ্টাগ্ৰামত মিছা কথা কৈ প্ৰেমৰ জালেৰে বিবাহ কৰিছে । বহিঃৰাজ্যৰ যুৱকে বিবাহিত হৈও লাভ জেহাদৰ দৰে কাৰ্য সংঘটিত কৰিছে । মিছা প্ৰলোভনেৰে অসমৰ যুৱতীক লৈ যোৱা হৈছে, গতিকে এইটো লাভ জেহাদ ।"

লগতে পঢ়ক :গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহ : খাৰঘূলিত মুকলি কৰিব নৱনিৰ্মিত ৰাজভৱন - HOME MINISTER AMIT SHAH IN GUWAHATI
লগতে পঢ়ক :কেঁচাপাতৰ উচিত মূল্য বিচাৰি ভাৰতীয় চাহ ব'ৰ্ডৰ কাৰ্যালয় কঁপালে ক্ষুদ্ৰ চাহ খেতিয়কে - SMALL TEA GROWERS PROTEST