সাৱধান ! উৎকট গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হওক
উদ্বেগজনক হাৰত বাঢ়িব তাপমাত্ৰা । কষ্ট হ'ব উশাহ-নিশাহ লোৱাৰ ক্ষেত্ৰতো । ২০৪০ চনৰ ভিতৰত ভয়াবহ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিব অসম ।

Published : March 1, 2025 at 8:51 PM IST
গুৱাহাটী: জলবায়ু পৰিৱৰ্তনে অসমকো চুই গৈছে । ২০৪০ চনৰ ভিতৰত ভয়াবহ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিব অসম । ২০৪০ চনৰ ভিতৰত অসমৰ কেইবাখনো জিলাত উদ্বেগজনক হাৰত বাঢ়িব তাপমাত্ৰা । উশাহ-নিশাহ লোৱাৰ ক্ষেত্ৰত কষ্ট হ'ব মানুহৰ । স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব । বেংগালুৰুৰ আজিম প্রেমজী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ কৰা এক গুৰুত্বপূৰ্ণ অধ্যয়নত এই কথা প্ৰকাশ পাইছে ।
এই সন্দৰ্ভত অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সজাগতা বিষয়ত শনিবাৰে গুৱাহাটী কটন বিশ্ববিদ্যালয়ত আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ School of Climate Change and Sustainability , কটন বিশ্ববিদ্যালয়ৰ Centre for Clouds and Climate Change Research আৰু Centre for Environment and Climate Action Foundation (CECAF), Guwahati ৰ উদ্যোগত এক Climate Future of Assam – A Citizen Engagement Event শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয় ।
অনুষ্ঠানত আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ School of Climate Change and Sustainability ফেকাল্টী শান্তনু গোস্বামীয়ে Navigation India climate future, climate projections for 2021-2040 শীৰ্ষক বক্তৃতাত অসমৰ জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত বিশদ আলোচনা আগবঢ়ায় । তেওঁ আজিম প্রেমজী বিশ্ববিদ্যালয়ে কৰা 'ইণ্ডিয়ান হিমালয়ান ৰিজিয়ন, ক্লাইমেট প্রজেকচনছ্ ২০২১-২০৪০' শীৰ্ষক অধ্যয়নৰ আলোচনা আগবঢ়ায় ।
তেওঁ কয়, "বিশ্ববিদ্যালয়খনে যুগুত কৰা প্ৰতিবেদনত এনে ভয়াৱহতাৰ কথা উল্লেখ কৰি পূর্বানুমান কৰা হৈছে যে গ্ৰীষ্মকালত অসমৰ বিশ্বনাথ জিলাত 'Wet Blub Temperature' ৩১.২ ডিগ্ৰী আৰু মাজুলীত ৩১.৫ ডিগ্ৰী হ'ব । লগতে অসমৰ কেইবাখনো জিলাত ২০৪০ চনৰ ভিতৰত অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি পাব । এইক্ষেত্ৰত মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হ'ব । সময় থাকোতে জলবায়ু পৰিৱৰ্তনৰ পৰৱৰ্তী ভয়াবহতা মোকাবিলা কৰাৰ বাবে সজাগ আৰু সাজু হ'ব লাগিব ।"
অনুষ্ঠানটোত সঞ্চালক হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰাহুল মহন্তই কয়, "জলবায়ু পৰিৱৰ্তন হোৱটো বাস্তৱ । ইয়াক আমি নুই কৰিব নোৱাৰো । জলবায়ু পৰিৱৰ্তনৰ লগত আমি সহাৱস্থান কৰিব লাগিব । তাৰ বাবে চৰকাৰ আৰু নাগৰিক যৌথভাবে আগবাঢ়ি আহিব লাগিব । যোৱা বছৰসমূহৰ তুলনাত এতিয়া দেখা গৈছে যে অসমত বানপানী আৰু খৰাং বৃদ্ধি পাইছে । এই সমস্যা সমাধান বিজ্ঞানসন্মত আৰু পৰিৱেশ অনুকুল হিচাপে কৰিব লাগিব ।"

