ETV Bharat / state

২৫ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা - ASSAM WEATHER FORECAST

বাংলাদেশৰ উত্তৰ দিশৰ পৰা তেলেংগানাৰ দিশলৈ ১.৫ কিলোমিটাৰ বেগত সাগৰীয় ধুমুহাই গতি কৰিছে ।

Barjhar Regional Meteorological Centre
অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা (Regional Meteorological Centre)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 10:25 PM IST

2 Min Read

গুৱাহাটী : ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়া শুষ্ক পৰিৱেশ । বৰষুণৰ অভাৱত শুকাইছে কৃষিভূমি । দীৰ্ঘদিনৰ বিৰতিৰ পিছত কাইলৈ অৰ্থাৎ শনিবাৰে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই কথা সদৰী কৰিছে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্য়েষ্ঠ বিজ্ঞানী সঞ্জয় শ্ব'নিলে । তেওঁ সদৰী কৰা মতে,২৫ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্য়েষ্ঠ বিজ্ঞানীগৰাকীয়ে কয়," নাগালেণ্ডত ১.৫ কিলোমিটাৰ বেগত সাগৰীয় ধুমুহাৰ প্ৰৱেশৰ বাবে বতৰ কিছু সলনি হ'ব । লগতে বাংলাদেশৰ উত্তৰ দিশৰ পৰা তেলেংগানা দিশলৈ ১.৫ কিলোমিটাৰ বেগত হোৱা সাগৰীয় ধুমুহাই গতি কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ২২ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত বৰষুণ হ'ব। মাত্ৰ ত্ৰিপুৰাত বতৰ শুকান থাকিব ।"

Barjhar Regional Meteorological Centre
অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা (Regional Meteorological Centre)

উল্লেখ্য় যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে,অসমত ডিচেম্বৰ আৰু জানুৱাৰীত শুকান শীতৰ বতৰ হৈছে । বৰষুণৰ যথেষ্ট ঘাটি হৈছে ।‌ স্বাভাৱিক বৰষুণতকৈ যথেষ্ট ঘাটি বৰষুণ হৈছে ।‌ বহুত জিলাত এটোপাল বৰষুণ পৰ্যন্ত নপৰিলে । অসমৰ ৯০ শতাংশ জিলাত ঘাটি বৰষুণ হৈছে । ইয়াৰে ৫০ শতাংশ জিলাত উদ্বেগজনক ঘাটি বৰষুণ হৈছে ।

অসমত ঘাটি বৰষুণে কৃষিত বিৰূপ প্ৰভাৱ পেলাইছে । মন কৰিবলগীয়া যে আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত যোৱা নৱেম্বৰত-৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আকৌ অসমত যোৱা ডিচেম্বৰত-৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল । আকৌ জানুৱাৰীত-৭৪ শতাংশ ঘাটি বৰষুণ হৈছে ।

লগতে পঢ়ক:32 বছৰৰো অধিক সময় হিমবাহ সংকুচিত হোৱাৰ ফলত হ্ৰস্বম্যাদী বানৰ আশংকা - GLACIER SHRINKAGE

জলবায়ু পৰিৱৰ্তন: 30 বছৰত প্ৰাণ গ’ল 7 লাখতকৈ অধিক লোকৰ - EXTREME WEATHER EVENTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.